ETV Bharat / state

দুৰ্নীতি সম্ৰাট লাচিত কুমাৰ দাসক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নৰেন চন্দ্ৰ বসুমতাৰী আৰু ভগীৰথ দাসকো ৬ দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ ৷

Lachit Kumar Das ARRESTED
লাচিত কুমাৰ দাসৰ ফাইল ফটো, ইনছেটত ঘৰৰ পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 7:55 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: দুৰ্নীতিৰ ক্ষেত্ৰত সকলোকে চেৰ পেলাই সোঁৱে-বাঁৱে ধন ঘটা চৰকাৰী বিষয়া লাচিত কুমাৰ দাসৰ কাহিনী এতিয়া সৰ্বজনবিদিত ৷ উৎকোচ লৈ জেলৰ ভাত খাবলগীয়া অৱস্থা হোৱা উচ্চপদস্থ বিষয়াগৰাকীৰ ঘৰৰ প্ৰতিটো চুক-কোণৰ পৰা ওলাইছিল টকা মাথোঁ টকা ৷

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ গ্ৰহণৰ গোচৰত গ্ৰেপ্তাৰ কৰা ভূমিলেখ্য ও জৰীপ অধিকৰ্ত্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক তথা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসক বুধবাৰে ৪ দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে । গ্ৰেপ্তাৰৰ পিছত কোটি টকাৰো অধিক ধন উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত লাচিত কুমাৰ দাসক ন্যায়িক জিম্মাৰ পৰা ৪ দিনৰ বাবে তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে ।

Lachit Kumar Das ARRESTED
লাচিত কুমাৰ দাসক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ (ETV Bharat Assam)

উল্লেখযোগ্য যে ৪৫ হেজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দাসৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে মুঠ সৰ্বমুঠ ১ কোটি ৬৬ লাখ ৬৮ হেজাৰ ১৫০ টকা জব্দ কৰাৰ উপৰিও ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ, গুৱাহাটীৰ বেলতলাত দুটা ফ্লেট, ৰহাত এবিঘা মাটি, হোজাইত ৪ কঠা ১১ লেচা মাটি, বেলতলাত ১.৬৭ লেচা মাটি আৰু মহানগৰীৰ আন এক অঞ্চলত ১ কঠা ১০ লেচাৰ অন্য এটুকুৰা মাটি থকাৰ নথিপত্ৰ লাভ কৰিছিল ৷ অভিযানকাৰী দলে লগতে দাসৰ জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য নথিপত্ৰও জব্দ কৰিছিল ।

ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে মীন নিগমত ২৫ কোটি টকাৰ কেলেংকাৰীৰ গোচৰত মঙলবাৰে গ্ৰেপ্তাৰ হোৱা অসম চৰকাৰৰ যুটীয়া সচিব তথা অসম মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন চন্দ্ৰ বসুমতাৰী আৰু প্ৰকল্প সঞ্চালক ভগীৰথ দাসকো বুধবাৰে ৬ দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: দুহাতেৰে মাত্ৰ টকা গোটাই, ধৃত এচিএছ বিষয়াৰ ঘৰৰ প্ৰতিটো কোণৰ পৰা উদ্ধাৰ নোটৰ বাণ্ডিল