সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীয়ে চলাই অহা আক্ৰমণৰ বিৰুদ্ধে নাগৰিক সভা
অজিত কুমাৰ ভূঞা, মাইনী মহন্ত আৰু শান্তনু বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাখনত সাংবাদিক, নাগৰিকৰ লগতে ভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷

Published : April 20, 2026 at 6:10 PM IST
গুৱাহাটী : সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানত দেওবাৰে অনুষ্ঠিত হয় এখন নাগৰিক সভা ৷ গুৱাহাটীৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা, লেখিকা মাইনী মহন্ত আৰু অধিবক্তা শান্তনু বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত এই নাগৰিক সভাত ৰাজ্যৰ ডেৰ শতাধিক নাগৰিকৰ লগতে ভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আৰু বহুসংখ্যক সাংবাদিকে অংশগ্ৰহণ কৰে ৷
শাৰীৰিক অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱৰা ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে তেওঁৰ লিখিত উদ্বোধনী ভাষণত অসমৰ সংবাদ মাধ্যমে যি সংকট আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে, তাক অসমৰ সচেতন দায়িত্বশীল নাগৰিক সমাজে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব বুলি মত প্রকাশ কৰে ৷ ডঃ গোহাঁয়ে সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে নমাই অনা আক্ৰমণৰ বিৰুদ্ধে জনমত গঠনৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লোৱা প্রচেষ্টাক ভূয়সী প্রশংসা কৰাৰ লগতে নাগৰিক সমাজক এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ৷

নাগৰিক সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্ট আইনজীৱি অনিল কুমাৰ ভট্টাচাৰ্যই ৰাইজে বনোৱা নেতাক ৰাইজেই ৰাজপথলৈ নমাই আনিব বুলি মন্তব্য কৰে ৷ ৰাজ্যৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই শেহতীয়া সময়ছোৱাত সমগ্র দেশৰে সংবাদ মাধ্যমৰ ওপৰত বিজেপি চৰকাৰে চলাই অহা আক্ৰমণৰ বিস্তৃত বিৱৰণ দাঙি ধৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই আক্রমণ সংঘটিত হোৱা বুলি উল্লেখ কৰে ৷ একে সময়তে গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱনিৰ্মাণৰ বাবে অতি কমেও ৩/৪ বিঘা ভূমি আৱণ্টনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এখন ভূমি দাবী সমিতি গঠনৰো পোষকতা কৰে বৰবৰাই ৷
আনহাতে ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে সাংবাদিক আৰু সংবাদ মাধ্যমৰ এই দুঃসময়ৰ বাবে নাগৰিক সমাজো কম জগৰীয়া নহয় বুলি মন্তব্য কৰাৰ লগতে সংবাদ মাধ্যমেও নিজক সংশোধন কৰিব লাগিব বুলি উল্লেখ কৰে ৷ সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণৰ গৰিহণা দি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই সংবাদ মাধ্যমৰ প্ৰশ্নৰ মুখামুখি হোৱাৰ সাহস নাথাকিলে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা ভাল বুলি মন্তব্য কৰে ৷
ইফালে গুৱাহাটী প্ৰেছ ক্লাৱে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপলৈ সমর্থন আগবঢ়াই প্ৰেছ ক্লাৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰ'টিয়ে লিখিত বাৰ্তা প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, এই নাগৰিক সভাত কিৰিপ চলিহা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি কুংকি চৌধুৰী, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিনিধি বেদব্ৰত বৰা, CPI(M)ৰ প্রতিনিধি ইছফাকুৰ ৰহমান, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : ১৫,৯৯৯ গৰাকী আয়তীয়ে বিয়ানাম পৰিবেশন কৰি প্ৰতিষ্ঠা কৰিলে বিশ্ব অভিলেখ

