ETV Bharat / state

প্ৰতিকূল বতৰক নেওচি প্ৰতিবাদত নামিল চিনামৰা চাহ বাগিচাৰ শ্ৰমিক

ঘৰৰ কাম বন এৰি বৰষুণৰ মাজতো সোমবাৰে যোৰহাটত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Cinnamara tea garden
প্ৰতিকূল বতৰক নেওচি প্ৰতিবাদত নামিল চিনামৰা চাহ বাগিচাৰ শ্ৰমিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 3:53 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ঘৰৰ কাম বন এৰি বৰষুণৰ মাজতো সোমবাৰে যোৰহাটত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ পথৰ দুৰৱস্থাৰ বাবে চৰম যন্ত্ৰণাৰ ৰাইজক মুক্তি কৰি দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিল যোৰহাট চিনামৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ । কাৰণ গড়আলি সংযোগী চিনামৰা তিনি আলিত এখন উৰণ সেতু নিৰ্মাণ কাৰ্য চলি আছে, সেয়ে চিনামৰা-গড়আলি সংযোগী পথচোৱা যাতায়তৰ বাবে বন্ধ কৰি ৰাখিছে প্ৰশাসনে ৷

ফলত বিকল্প পথ হিচাপে চিনামৰা চাহ বাগিচাৰ পথটো ব্যৱহাৰ কৰিবলৈ দিয়া হ'ল । দিনে নিশাই সৰু বৰ সকলো যান বাহন সেই পথৰে চলাচল কৰিবলৈ লোৱাৰ বাবে পথচোৱা জৰাৰ্জীণ হৈ পৰা লগতে কেইবাটাও সৰু বৰ দুঘটনা সংঘটিত হৈছে । সেয়ে প্ৰতিকূল বতৰকো নেওচি উপায়ন্ত হৈ সোমবাৰে ৰাজপথলৈ ওলাই আহে বৃহত্তৰ চিনামৰা চাহ বাগিচাৰ শ্ৰমিক সমাজ ৷

প্ৰতিকূল বতৰক নেওচি প্ৰতিবাদত নামিল চিনামৰা চাহ বাগিচাৰ শ্ৰমিক (ETV Bharat Assam)

পথটো পুনৰ মেৰামতি দাবী কৰি পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । প্ৰতিবাদত অংশগ্ৰহণ কৰি এজন প্ৰতিবাদকাৰীয়ে কয়,"দীৰ্ঘদিন ধৰি চিনামৰা চাহ বাগিচাৰ মাজেৰে যোৱা পথ চোৱাৰ বাবে আমি যন্ত্ৰনাত ভুগি আছো ৷ এই জৰাৰ্জীণ পথেৰে অতি বিপদসংকুল অৱস্থাৰ মাজেৰে চাহ শ্ৰমিক ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে অহা যোৱা কৰিব লগা হৈছে ।"

প্ৰতিবাদকাৰীয়ে ৰাইজে কয়,"জিলা প্ৰশাসনে এই পথটোক ক্ষুদ্ৰৰ পৰা গধুৰ যানবাহন চলাচল কৰিবলৈ অনুমতি দিয়া কাৰ্যক আমি দুভাগ্যজনক আখ্যা দিছো ৷ পথটো মেৰামতি নকৰাকৈ গধুৰ যানবাহন চলিবলৈ অনুমতি দিছে ৷ ফলত কেইবাটাও সৰু বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । লগতে পথটো শোচনীয় হৈ পৰা বাবে বিপদসংকুল ভাবে চাহ শ্ৰমিক ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে অহা যোৱা কৰিবলৈ বাধ্য হৈছে । পুনৰ মেৰামতি নকৰা পৰ্যন্ত এই পথৰে গধুৰ যান বাহন চলাচল আমি বন্ধ কৰিছো ।"

লগতে পঢ়ক:কথা মতেই কাম, কমাৰগাঁৱৰ তানিষ্ঠাক শপতগ্ৰহণ অনুষ্ঠানলৈ মাতিলে হিমন্ত বিশ্ব শৰ্মাই