হাতে হাতে জোঁলৈ জনজাতিকৰণৰ দাবীত কেইবাসহস্ৰাধিক চুতীয়া জনগোষ্ঠীৰ লোকে কঁপালে ৰাজপথ
‘‘2026 ত যি নিৰ্বাচনী ফেষ্টিভেল হ’ব, তাত ছয় জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে নাচিব আৰু তাত তেওঁলোকৰ দৰ্প-অহংকাৰ চূৰ্ণ হ’ব ৷’’ এই মন্তব্য প্ৰতিবাদকাৰীৰ ৷

Published : October 30, 2025 at 11:32 AM IST
ধেমাজি: সমাগত ২০২৬ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ সমানেই বৃদ্ধি পাইছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আৰম্ভ হোৱা প্ৰতিবাদ ৷ জনজাতিকৰণৰ দাবীত অসমৰ ভূমিপুত্ৰ আহোম, কোচ, মৰাণ, চুতীয়া আদি জনগোষ্ঠীয়ে পৃথকে পৃথকে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷
বুধবাৰে নিশাও জনজাতিকৰণৰ দাবীত কেইবাসহস্ৰাধিক চুতীয়া জনগোষ্ঠীৰ লোকে কঁপাই ধেমাজিৰ সদৰৰ ৰাজপথ ৷ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে সন্ধিয়াৰ ভাগত দলে-বলে ৰাজপথলৈ ওলাই আহিল শ শ চুতীয়া লোক ৷ প্ৰতিবাদকাৰীসকলে বাহিৰ কৰে বিশাল জোঁৰ সমদল ৷
চুতীয়া যুৱ সন্মিলনৰ জিলা সমিতিৰ সভাপতি ত্ৰিদীপ দাস আৰু সাধাৰণ সম্পাদক হীৰেন চুতীয়াৰ নেতৃত্বত ধেমাজি আন্তঃৰাজ্যিক বাছ আস্থানৰ বাকৰিৰ পৰা উলিওৱা এই বিশাল জোঁৰ সমদলত প্ৰায় দহ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰি কাৰ্যতঃ চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী জনতাই সমদলত অংশ লোৱাৰ সময়ত ‘‘ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক, চুতীয়াসকলক জনজাতিকৰণ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, দিল্লী-দিছপুৰ হুঁচিয়াৰ, ন’ এছ টি ন’ ৰেষ্ট, আমাক জনজাতিকৰণ কৰিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, জনজাতি আমাৰ জন্মগত অধিকাৰ, ট্ৰাইবেল সংঘ মুৰ্দাবাদ, আদিত্য খাখলাৰীৰ দাদাগিৰি নচলিব, এছ টি ল’মেই ল’ম লাগিলে মৰি যাম’’ ইত্যাদি শ্লোগানেৰে প্ৰায় দুঘণ্টা ধৰি প্ৰতিবাদৰে মুখৰ কৰি তোলে ৰাজপথ ৷
সমগ্ৰ ধেমাজি নগৰ পৰিভ্ৰমণ কৰা প্ৰতিবাদী সমদলটোৱে নগৰৰ মাজভাগত সমদলৰ সামৰণি পেলায় ৷ এই সমদলক সন্মুখৰ পৰা নেতৃত্ব দিছিল চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তভ চুতীয়াই ৷ নেতাগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি চুতীয়াসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তভমনি চুতীয়াই কয়, “তেওঁলোকে শাসনলৈ আহিলে এশ দিনৰ ভিতৰত জনজাতিকৰণ দিম বুলি কৈছিলে ৷ কিন্তু বহু বছৰ পাৰ হৈ গ’ল ৷ লুইতৰ বুকুৰে পানী বাগৰি গ’ল ৷ কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে ৷ সেয়ে আমি ধেমাজি সদৰৰ পৰা অসম চৰকাৰক শেষ সকীয়নি দিব বিচাৰিছো ৷ ২৫ নৱেম্বৰত ৰাজ্যসভাত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৷ সেই প্ৰতিশ্ৰুতি তেওঁলোকে চুতীয়াসকলৰ সপক্ষে দিবই লাগিব ৷ নহ’লে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ’ব ৷ 2026 ত যি নিৰ্বাচনী ফেষ্টিভেল হ’ব, তাত ছয় জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে নাচিব আৰু তাত তেওঁলোকৰ দৰ্প-অহংকাৰ চূৰ্ণ হ’ব ৷’’
একেদৰে জিলা সমিতিৰ সম্পাদক হীৰেন চুতীয়ায়ো জনজাতিকৰণ নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়নি দিয়ে ৷
লগতে পঢ়ক: ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ প্ৰতাৰণা-প্ৰৱঞ্চনা কৰিছে: চুতীয়া জনগোষ্ঠীৰ হুংকাৰ

