ETV Bharat / state

শনিবাৰে তিতাবৰ কঁপাবলৈ সাজু চুতীয়াসকল

মৰাণ-মটক-টাই আহোম-চাহ জনগোষ্ঠীৰ আৰু কোঁচ ৰাজবংশীৰ পাছত এইবাৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদনত নামিব চুতীয়া জনগোষ্ঠী ।

Chutia community plans to hold protests on Saturday demanding tribalisation
তিতাবৰ কঁপাবলৈ সাজু চুতীয়াসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 3:16 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: জনজাতিকৰণৰ দাবীত শনিবাৰে চুতীয়াসকলে কঁপাব তিতাবৰ । 'পলিটিক্স নকৰিবা বন্ধু...' শীৰ্ষক জুবিন গাৰ্গৰ গীতৰে ট্ৰাইবেল সংঘ নেতা আদিত্য খাখলাৰীক হুংকাৰ চুতীয়া যুৱ সন্মিলন অসমৰ । ইতিমধ্যে মৰাণ, মটক, টাই আহোম, চাহ জনগোষ্ঠীৰ আৰু কোঁচ ৰাজবংশীৰ পাছত এইবাৰ জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে চুতীয়া জনগোষ্ঠী ।

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলন তীব্রতৰ হৈ উঠিছে । ছয় জনগোষ্ঠীৰ অন্য এক অংশীদাৰ চুতীয়া জনগোষ্ঠী লোকৰ প্ৰতিবাদত কঁপিব তিতাবৰ । ২৫ অক্টোবৰ শনিবাৰে তিতাবৰ-বৰহোলা ৰাজপথ কঁপাবলৈ ওলাই আহিব হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠী লোক ।

তিতাবৰ কঁপাবলৈ সাজু চুতীয়াসকল (ETV Bharat Assam)

আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে যদি চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰে, তেতিয়াহ'লে অসমৰ ভিন্ন প্ৰান্তত চুতীয়া জনগোষ্ঠীৰ লোকসকলে তীব্ৰ প্ৰতিবাদ আৰু সমদল কৰিব । শুকুৰবাৰে তিতাবৰত অনুষ্ঠিত এক সংবাদমেলত এই হুংকাৰ দিয়ে চুতীয়া যুৱ সন্মিলন, অসমে ।

চুতীয়া যুৱ সন্মিলনৰ এগৰাকী বিষয়ববীয়াই কয়, "শাসকীয় বিজেপি চৰকাৰে শাসনলৈ আহিলেই ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিব বুলি কৈছিল । কিন্তু বিজেপি চৰকাৰৰ দুটা কাৰ্যকাল হ'ল, কিন্তু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কোনো ব্যৱস্থা লোৱা দেখা নগ'ল । যদি আগন্তুক ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিয়া নহয়, তেন্তে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব শাসকীয় বিজেপি চৰকাৰে ।"

তেওঁ লগতে চুতীয়া জনগোষ্ঠীটো এটা প্ৰাচীন ভূমিপুত্ৰ জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ বিচাৰি সমগ্ৰ অসমত পুনৰ তৃতীয়লানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে । লগতে চুতীয়া জনগোষ্ঠী জনজাতিকৰণত হেঙাৰ হৈ থিয় দিয়া ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীক জুবিন গাৰ্গৰ 'পলিটিক্স নকৰিবা বন্ধু...' গানৰ কলিৰে হুংকাৰ দিয়ে চুতীয়া যুৱ সন্মিলন, অসমে ।

লগতে পঢ়ক: মৰাণ, মটক, টাই আহোম আদিৰ পাছত প্ৰতিবাদত নামিবলৈ সাজু চুতীয়া জনগোষ্ঠী