জনজাতিকৰণৰ দাবীত এইবাৰ যোৰহাট-মৰাণৰ ৰাজপথ উত্তাল
গোলাঘাট, যোৰহাট, ধেমাজি আৰু মৰাণত চুতীয়া জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ । বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত অটল চুতীয়াসকল ।

Published : November 1, 2025 at 3:04 PM IST
|Updated : November 1, 2025 at 6:15 PM IST
ডিব্ৰুগড়: মৰাণ, মটক, টাই আহোম, চাহ জনগোষ্ঠী আৰু কোঁচ ৰাজবংশীৰ পাছত এইবাৰ জনজাতিকৰণৰ দাবীত ৰাজপথ কঁপালে চুতীয়া জনগোষ্ঠীৰ ৰাইজে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিছে যদিও মুখ্যমন্ত্ৰীক বিশ্বাসত ল'ব পৰা নাই জনগোষ্ঠীসমূহৰ ৰাইজে । ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে উক্ত জনগোষ্ঠীৰ দল-সংগঠনে ।
উল্লেখ্য যে অসমৰ ৬ জনগোষ্ঠীৰ দল-সংগঠন আৰু ৰাইজে দীৰ্ঘদিনৰ পৰা কৰি অহা জনজাতিকৰণৰ দাবী কোনো এখন চৰকাৰে আজিও কাৰ্যকৰী কৰিব নোৱৰাত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ দল-সংগঠনসমূহ । ফলত শনিবাৰে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ ৰাইজ সমবেত হ'ল মৰাণত । ৬ জনগোষ্ঠীৰ অন্যতম চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত মৰাণ নগৰত এক বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
মৰাণৰ ঊষাপুৰ খেলপথাৰত জনগোষ্ঠীৰ ৰাইজ সমবেত হৈ মৰাণ নগৰৰ মাজেদি প্ৰতিবাদী সমদল উলিয়ায় । হাজাৰ হাজাৰ ৰাইজে 'চুতীয়া জনগোষ্ঠীক জনজাতিৰণ প্ৰদান কৰক', 'জনজাতিকৰণ আমাক লাগিবই', 'অসম চৰকাৰ হুঁচিয়াৰ', 'বিজেপি গ' বেক' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । '২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰিবই লাগিব বুলিও হুংকাৰ দিয়ে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই ৷

চৰকাৰৰ ললিপপ গ্ৰহণ কৰা নহ'ব :
প্ৰতিবাদত অংশ লৈ চুতীয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনোজ চুতীয়াই কয়, "আজি অসমৰ ৪ টা স্থানত বিজেপি চৰকাৰৰ বিৰুদ্ধে চুতীয়া জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে । গোলাঘাট, যোৰহাট, ধেমাজি আৰু মৰাণত আজি নিজৰ অধিকাৰৰ বাবে একত্ৰিত হৈছে । এই গণ সমাৱেশৰ পৰা আমি বিজেপি চৰকাৰক জনাব বিচাৰিছোঁ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অধিকাৰ আমি আঁজুৰি আনিম । অহা '২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়াৰ লগতে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, অসম বিধানসভাত ২৫ নৱেম্বৰত জনজাতি বিষয়টোত প্ৰতিবেদন প্ৰস্তুত কৰি দিল্লীলৈ নপঠিয়ালে চুতীয়া জনগোষ্ঠীৰ ৰঙা চকু দেখিব চৰকাৰে । প্ৰতিবাৰৰ দৰে এইবাৰ চৰকাৰে দিয়া ললিপপ গ্ৰহণ কৰা নহ'ব ।"

চুতীয়া জনগোষ্ঠীক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে :
মৰাণৰ বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰি চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই কয়, "চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি জনগোষ্ঠীটোৰ সকলো দল-সংগঠনৰ নেতৃত্বত এই গণ সমাৱেশ অনুষ্ঠিত কৰা হৈছে । এই গণ সমাৱেশৰ পৰা বিজেপি চৰকাৰক তীব্ৰ সকীয়নি প্ৰদান কৰিছোঁ । যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে বিজেপি চৰকাৰক ওফৰাই দিবলৈ প্ৰস্তুত । চুতীয়া জনগোষ্ঠীক কেৱল ৰাজনৈতিকভাৱে বাৰে বাৰে ব্যৱহাৰ কৰি আহিছে ।"
তেওঁ লগতে কয়, "চুতীয়া জনগোষ্ঠীৰ ৪ গৰাকী জনপ্ৰতিনিধি আছে । বিমল বড়া, অজন্তা নেওগ, অতুল বৰা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে আছে আৰু বিধায়ক অমিয় ভূঞা অসম বিধানসভাৰ সদস্য হিচাপে আছে । এইসকল জনগোষ্ঠীটোৰ প্ৰতিনিধিক জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীটো বলিষ্ঠভাৱে উত্থাপন কৰিবলৈ আহ্বান জনাইছোঁ । আমাক জনজাতিকৰণ লাগিবই নহ'লে আমি ক্ষান্ত নহওঁ ।"
যোৰহাট: সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত জনগোষ্ঠীটোৰ ভাতৃ-ভগ্নী কেইবাটাও সংগঠনে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত এক বৃহৎ গণ সমাৱেশৰ আয়োজন কৰে । হাজাৰ হাজাৰ চুতীয়া লোকে এই গণ সমাৱেশৰ পৰা হুংকাৰ প্ৰদান কৰে "মৰিলেও মৰি যাম, জনজাতি লৈ যাম" । আনহাতে সমবেত সহস্ৰাধিক লোকে প্ৰায় দুই কিলোমিটাৰ পথ সমদল কৰি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
গণ সমাৱেশত অংশগ্ৰহণ কৰি চুতীয়া জনগোষ্ঠীৰ এজন লোকে কয়, "জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দি গ'ল, সেয়া লোকসভাৰ মজিয়াত উন্মোচিত হৈছে । সেয়েহে চৰকাৰৰ আভুৱা ভৰা প্ৰতিশ্ৰুতিত এইবাৰ চুতীয়া জনগোষ্ঠীয়ে কোনোপধ্যে ভোল নাযায় । ২৫ নৱেম্বৰত যি প্ৰতিবেদন যাব সেই প্ৰতিবেদনত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এটাও খুঁত নথকাকৈ প্ৰদান কৰিব লাগিব । নহ'লে ২৬ নৱেম্বৰত গোটেই অসমত চুতীয়া জনগোষ্ঠীয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।"
ইফালে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীকো তীব্ৰ সমালোচনা কৰে লোকজনে । ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বাধা দিয়া খাখলাৰীক সকীয়নি প্ৰদান কৰি তেওঁ কয়, "আদিত্য খাখলাৰীক ৰাজনৈতিক নেতাই প্ৰৰোচনাৰে তেনেকুৱা বক্তব্য আগবঢ়াইছে । তেওঁলৈ আমাৰ পুতৌ জন্মিছে । তেওঁক এনে কামৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰিছো ।"
একেদৰে ৰজাঘৰত চুতীয়া জনগোষ্ঠীৰ নেতা-মন্ত্ৰীসকলে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে তেওঁ উদ্বেগ প্ৰকাশ কৰে । উল্লেখ্য যে চুতীয়া জনগোষ্ঠীৰ লোকসকলে পশ্চিম যোৰহাট খেলপথাৰত সতী সাধনী আৰু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গণ সমাৱেশত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :'ৰৈ ৰৈ বিনালে' চাই কি ক'লে আছুৰ সভাপতি উৎপল শৰ্মাই

