বৰদিনত উলাহে নধৰা হিয়া: গীৰ্জাসমূহত ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ
শান্তি আৰু সম্প্ৰীতিৰ বার্তাৰে বৃহস্পতিবাৰে বিশ্বজুৰি পালন পৱিত্ৰ বৰদিন । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গীৰ্জাসমূহতো ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ ।

Published : December 25, 2025 at 6:59 PM IST
গুৱাহাটী : আজি পৱিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ এই বৰদিন । বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ৰাজ্য গীৰ্জাঘৰসমূহতো বৰদিনক লৈ দেখা গৈছে ব্যাপক উছাহ-উদ্দীপনা । আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰাজ্যৰ গীৰ্জাঘৰসমূহ ।
বৰদিন উপলক্ষে বৃগস্পতিবাৰে পুৱাৰে পৰা কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ গীৰ্জাঘৰসমূহ । আনহাতে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গীৰ্জাসমূহতো যথেষ্ট ভক্ত তথা দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয় ।
পাণবজাৰৰ ছেণ্ট যোছেফ গীৰ্জাঘৰতো পুৱাৰে পৰা দেখা যায় অগণন লোকৰ সমাগম । পুৱাৰ ভাগতে অনুষ্ঠিত হয় সমূহীয়া প্ৰাৰ্থনা । শান্তিৰ বাণীৰে বিশ্ব ভৰি পৰাৰ লক্ষ্যৰে সকলোৱে প্ৰাৰ্থনা কৰে । ইফালে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ সমান্তৰালকৈ অন্য ধৰ্মাৱলম্বী লোকসকলেও গীৰ্জাঘৰসমূহত ভিৰ দেখা যায় ।
পাণবজাৰৰ ছেণ্ট যোছেফ গীৰ্জাৰ সমান্তৰালকৈ গুৱাহাটীৰ ব্যাপ্টিষ্ট চাৰ্ছ, দিছপুৰ ব্যাপ্টিষ্ট চাৰ্ছ, খাৰঘুলিৰ ব্যাপ্টিষ্ট চাৰ্ছ, কাহিলিপাৰাৰ ব্যাপ্টিষ্ট চাৰ্ছকে ধৰি সকলো গীৰ্জাঘৰতে পুৱাৰে পৰা দেখা যায় একেই পৰিৱেশ ।

বৰদিন উপলক্ষে গীৰ্জাত প্ৰাৰ্থনা কৰা এগৰাকী দৰ্শনাৰ্থীয়ে কয়, "যদিও মই অসমীয়া ছোৱালী, কিন্তু মই একেবাৰে সৰুৰে পৰাই বৰদিন খুব ভালপাওঁ । সৰুৰে পৰাই মই মাহঁতক বহুত জোৰ কৰোঁ গীৰ্জালৈ আহিবলৈ । লাইট, জিলমিল যিবোৰ পৰিৱেশ সেইবোৰ বিৰাট ভালপাওঁ, অকণমান অকণমান ঠাণ্ডা সেইবোৰ বৰ উপভোগ কৰোঁ । ডাঙৰ হ'লোঁ যদিও এতিয়াও মোৰ সেইবোৰ যোৱা নাই, বৰদিন বুলি ক'লে বেলেগ এটা অনুভৱ ।"

তেওঁ লগতে কয়, "পুৱা এবাৰ গীৰ্জালৈ গৈ তেওঁলোকৰ কেৰল শুনা বা প্ৰাৰ্থনা কৰা, অকণনাম সময় থাকি মই খুবেই ভালপাওঁ । তাত যি শান্তি লাগে সেইটো আচলতে মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ ।"

উল্লেখ্য যে খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বিশ্বাস অনুসৰি, আজিৰ এই পৱিত্ৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । খ্ৰীষ্টধৰ্মৰ প্ৰৱৰ্তক যিশুৱে এই দিনটোতে মাতৃ মেৰীৰ গৰ্ভৰ পৰা জেৰুজালেমৰ বেথেলহামত এটি আস্তাৱলত জন্ম গ্ৰহণ কৰিছিল ।

যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আজিৰ দিনটো বৰদিন হিচাপে পালন কৰা হয় । অৱশ্যে এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয়নে নহয় সেই বিষয়ে ক'তো উল্লেখ নাই যদিও আদিম যুগৰ পৰা খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি এই তাৰিখৰ ঠিক নমাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত থিতাপি লয় । সম্ভৱতঃ সেই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ বুলি ধৰা হয় ।

