জুবিন গাৰ্গৰ মৃত্যুৰ বাবে পূৰ্বৰ উছাহ নাই গুৱাহাটীৰ বৰদিন উদযাপনত
কেৱল আধ্যাত্মিকতা বজাই ৰাখি বৰদিন উদযাপনৰ সিদ্ধান্ত লৈছে অসম খ্ৰীষ্টান ফ'ৰামে । বজাৰো কিছু সেমেকা ।

Published : December 25, 2025 at 8:13 AM IST
গুৱাহাটী : আজি খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন । কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব সমগ্ৰ বিশ্ব । বৰদিনক লৈ খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে । প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ প্ৰতিটো গীৰ্জাতে চলিছে বৰদিন উদযাপনৰ প্ৰস্তুতি ।
প্ৰায় এমাহজোৰা প্ৰস্তুতিৰ অন্তত ইতিমধ্যে বৰদিন উদযাপনৰ বাবে গীৰ্জাবোৰ সুন্দৰকৈ সজাই তোলা হৈছে । চাৰিওফালে বিভিন্ন ৰঙৰ লাইট, খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰ আদি লগোৱা হৈছে ।
মহানগৰীৰ পানবজাৰৰ গীৰ্জা, ডনবস্ক' গীৰ্জা, গুৱাহাটী ব্যপ্টিষ্ট চাৰ্ছ, দিছপুৰ ব্যপ্টিষ্ট চাৰ্ছ, খাৰঘুলিৰ ব্যপ্টিষ্ট চাৰ্ছ, কাহিলীপাৰা ব্যপ্টিষ্ট চাৰ্ছকে ধৰি সকলো গীৰ্জঘৰতে বৰদিনৰ আয়োজন চলিছে ।

ইফালে বৰদিন উপলক্ষে মহানগৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মলবোৰো আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । বৰদিন উপলক্ষ্যে ইতিমধ্যে বিভিন্ন গীর্জাত বাইবেল পাঠ আদিকে ধৰি নানা কাৰ্যসূচী অনুষ্ঠিত হৈছে । পৱিত্ৰ বৰদিনৰ সৈতে সংগতি ৰাখি খ্রীষ্টানধর্মী ৰাইজে ঠায়ে ঠায়ে পৰিৱেশন কৰিছে কেৰল ।
সমান্তৰালকৈ গীর্জাসমূহতো কেৰলৰ ধ্বনি শুনিবলৈ পোৱা গৈছে । পুৱাৰে পৰা গীর্জাসমূহত আৰম্ভ প্ৰভু যীশুৰ উপাসনা, ধর্মীয় প্রার্থনা ।

অৱশ্যে এইবাৰ বৰদিনৰ উছাহ কিছু ম্লান পৰা পৰিলক্ষিত হৈছে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়াও ৰাজ্যত শোকৰ ছাঁ পৰি আছে । যাৰ ফলত এইবাৰ কিছু পৰিমাণে বৰদিনৰ উছাহ ম্লান পৰিছে ।

এই সন্দৰ্ভত অসম খ্ৰীষ্টান ফ'ৰামৰ মুখপাত্ৰ এলেন ব্ৰুকছে কয়, "এইবাৰ বৰদিনত উৎসৱমুখৰ পৰিৱেশ থাকিলেও ৰাজহুৱা উদযাপন সীমিত কৰা হৈছে । বৰদিন মানে যীশুৰ জন্মদিন । যাক সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় । এইবাৰ অসমত আমাৰ পৰিয়ালৰ এজন অতি আপোন মানুহ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছে । সেইবাবে এইবাৰ আধ্যাত্মিকভাৱে উদযাপন কৰা হ'ব । বিশেষ জাকজমকতা নাথাকিব । আধ্যাত্মিক অংশটো একেবাৰে একেই থাকিব ।"

বৰদিনকলৈ আনন্দিত এগৰাকী খ্ৰীষ্টান যুৱতীয়ে কয়, "বৰদিন মানে আনন্দ, প্ৰেম আৰু যীশু খ্ৰীষ্টৰ জন্ম স্মৰণ কৰা । আমি আগ্ৰহেৰে বৰদিনলৈ বাট চাই থাকো ।"

ইফালে গুৱাহাটীৰ বজাৰত খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰ, ছাণ্টাক্ল'জ আদিকে ধৰি বৰদিনৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰা গণেশগুৰিৰ এগৰাকী ব্যৱসায়ীয়ে কয়, "এইবাৰ আমি বিভিন্ন প্ৰকাৰৰ ছাণ্টাক্ল'জ, খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰকে ধৰি আন সামগ্ৰীবোৰ মুম্বাইৰ পৰা আনিছো । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এইবাৰ বজাৰ অলপ নিম্নমুখী হৈছে । যোৱা বছৰৰ তুলনাত এইবাৰ বিক্ৰী অলপ কমিছে । পূৰ্বে আমাৰ ২৫ নৱেম্বৰৰ পৰা বজাৰ আৰম্ভ হয় । এইবাৰ কিছুদিন আগৰ পৰাহে বজাৰ আৰম্ভ হৈছে ।"


