ডাঃ ৱালিউলৰ জামিনক লৈ অসন্তুষ্টি প্ৰকাশ ভুক্তভোগীৰ ছাপৰ্ট পাৰ্ছনৰ
ভুক্তভোগী দুই শিশুৰ চৰকাৰী নিযুক্তি প্ৰাপ্ত ছাপৰ্ট পাৰ্ছন মিগুৱেল দাস কুইয়াই জামিনৰ বিৰুদ্ধে আদালতত আবেদন জনাব ।

Published : October 29, 2025 at 7:25 PM IST
গুৱাহাটী : অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত চিকিৎসক ডাঃ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলামে । শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম । ডাঃ ইছলামৰ জামিন মঞ্জুৰক লৈ অসন্তুষ্ট শিশু অধিকাৰ কৰ্মী মিগুৱেল দাস কুইয়া ।
ভুক্তভোগী শিশু দুটিৰ চৰকাৰী নিযুক্তি প্রাপ্ত ছাপৰ্ট পাৰ্ছন তথা শিশু অধিকাৰ কৰ্মী মিগুৱেল দাস কুইয়াই বিষয়টো সন্দৰ্ভত কয়, "ডাঃ ৱালিউল ইছলামে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিলে । মই শিশু কেইটাৰ চৰকাৰী নিযুক্তি প্ৰাপ্ত ছাপৰ্ট পাৰ্ছন হৈও আনুষ্ঠানিক আপত্তি জনাবলৈ আদালত বা চৰকাৰী অধিবক্তাৰ তৰফৰ পৰা খবৰেই নাপালো যে অভিযুক্তই জামিনৰ বাবে আবেদন দাখিল কৰিব । জামিনৰ নিচিনা সিদ্ধান্ত এটা লোৱাৰ আগতে ছাপৰ্ট পাৰ্ছনৰ লগত মত বিনিময় কৰে । কিন্তু এই গোচৰটোত মই গমেই নাপালো । কেতিয়া জামিন আবেদন কৰিলে । কেতিয়া দিন ঠিক হ'ল আৰু জামিন লাভ কৰিলে । সেয়া খবৰ সাংবাদিক বন্ধুৰ পৰাহে লাভ কৰিছোঁ । মই ৩০০তকৈ বেছি গোচৰত ছাপৰ্ট পাৰ্ছন হিচাপে নিয়োগ হৈ আছো, কিন্তু আজিলৈ মই এনে পৰিস্থিতি পোৱা নাই । এইটো আচৰিত কথা ।"
তেওঁ লগতে কয়, "বুজি পাওঁ যে জামিনত প্ৰতিজন আচামীৰে অধিকাৰ থাকে । কিন্তু এইটো গুৰুত্বপূৰ্ণ গোচৰ পক্সো আইনৰ অধীনৰ গোচৰ । শিশুৰ ওপৰত নৃশংসতাৰ ঘটনা । জামিন দিয়াৰ আগতে শিশুৰ পৰিস্থিতি চাব লাগিব । তেওঁলোকৰ সুৰক্ষা বঢ়াই ৰাখিব লাগিব । আমি জামিন বিৰোধী নহয় । শিশুৰ অধিকাৰ আমাৰ বাবে জৰুৰী । আনহাতে আনগৰাকী অভিযুক্তই জামিন আবেদন কৰিছে বুলি শুনিছোঁ । তাৰ আমি বিৰোধিতা কৰিম । সেয়াই নহয় যিজনে জামিন পালে তেওঁৰ জামিন নাকচ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিম ।"
উল্লেখ্য যে তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ ৱালিউল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে জামিন মঞ্জুৰ কৰে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চামিমা জাহানৰ আদালতে দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ বিনিময়ত অভিযুক্ত ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে ।
জামিনৰ নিৰ্দেশনাত ন্যায়ালয়ে অভিযুক্ত ডাঃ ইছলামক কেবাটাও চৰ্ত বান্ধি দিছে । এই চৰ্ত অনুসৰি অভিযুক্ত ডাঃ ইছলামে নিজৰ পাৰপত্ৰ জমা দিয়াৰ লগতে ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব । একেদৰে গোচৰৰ সাক্ষীক কোনো ধৰণৰ ভয়-ভাবুকি প্ৰদান কৰিব নোৱাৰিব । তোলনীয়া দুই সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰৰ ২ বছৰ ৫ মাহ ২২ দিনৰ অন্তত আদালতে ডাঃ ইছলামৰ জামিন মঞ্জুৰ কৰিলেও বৰ্তমানো কাৰাগাৰতে আছে চিকিৎসক ডাঃ সংগীতা দত্ত ।
লগতে পঢ়ক :শিশু নিৰ্যাতনৰ ঘটনা : দুবছৰৰ পাছত জামিন পালে ডাঃ ৱালিউল ইছলামে, কাৰাগাৰত ডাঃ সংগীতা দত্ত

