বিতৰ্কৰ মাজতে আজি ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধাৰশিলা
বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয় ৷ দহ বছৰৰ পিছত গুৱাহাটী ৰিং ৰোডত দৌৰিব মেট্ৰ’, মুখ্যমন্ত্ৰীৰ আন এক সপোন ৷

Published : January 11, 2026 at 8:19 AM IST
গুৱাহাটী: "বিতৰ্কৰ মাজতেই উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰাৰ ফলত এসময়ত গুৱাহাটীৰ কেন্দ্ৰীয় স্থান হৈ উঠিব উত্তৰ গুৱাহাটী ৷" ৰংমহলত উচ্চ ন্যায়ালয় স্থাপনৰ সপক্ষে যুক্তি দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিলে দহ বছৰৰ পিছত গুৱাহাটী ৰিং ৰোডৰ লগত মেট্ৰ’ ৰে’লৰ ব্যৱস্থাও কৰিব ।
ৰংমহলত আজি আধাৰশিলা স্থাপন:
বিতৰ্ক আৰু গুৱাহাটী বাৰ এছ’চিয়েচনৰ তীব্ৰ বিৰোধিতাৰে অনশনৰ মাজতেই উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হোৱাটো নিশ্চিত হ’ল । আজি (দেওবাৰ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উত্তৰ গুৱাহাটীত কৰিব আধাৰশিলা স্থাপন আৰু ভূমিপূজন ৷
দেওবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উত্তৰ গুৱাহাটীৰ ৰংমহললৈ আহিব । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয়, "উচ্চ ন্যায়ালয় আৰু যিখন জুডিচিয়েল চিটী ৰংমহলত বনাব খুজিছোঁ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তাৰ আধাৰশিলা স্থাপন কৰিব । ইয়াত গুৱাহাটী হাইকৰ্ট, ডিষ্ট্ৰিক্ট কৰ্ট, অডিট’ৰিয়াম বাৰ-লাইব্ৰেৰীসহ অতি উন্নত মানৰ এখন জুডিচিয়েল চিটী নিৰ্মাণ কৰি হ’ব ৷”
এসময়ত এই স্থান হৈ পৰিব গুৱাহাটীৰ কেন্দ্ৰীয় স্থান:
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বিৰুদ্ধে অধিবক্তা সমাজৰ প্ৰৱল জনমতকো আওকাণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এসময়ত এই স্থান হৈ পৰিব গুৱাহাটীৰ কেন্দ্ৰীয় স্থান । মুখ্যমন্ত্ৰীৰ মন্তব্য, "প্ৰাথমিক অৱস্থাত ইয়াত ৫০০ কোটি টকা খৰচ কৰা হ’ব ৷ দ্বিতীয় আৰু তৃতীয় পৰ্য়ায়কে ধৰি মুঠ ১২০০ কোটি টকা খৰচ কৰা হ’ব ৷ ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ পৰা হাইকৰ্ট কেম্পাছলৈ নতুন ৰাস্তাও বনোৱা হৈছে ৷ পুৰণা ৰংমহলৰ ৰাস্তাটো থাকিবই ৷ সমীপত নাৰেংগী-কুৰুৱা দলং আছেই ৷ এসময়ত এইটোৱেই গুৱাহাটীৰ কেন্দ্ৰীয় স্থান হৈ পৰিব ৷ ইয়াত উচ্চ ন্যায়ালয়খন হ’লে সকলো উপকৃত হ’ব ৷”
আজি বিৰোধিতা কৰাসকলেও দহ বছৰৰ পিছত সমৰ্থন কৰিব:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী লতাশিলৰ পৰা ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰ কৰা প্ৰসংগত প্ৰতিবাদ কৰা অধিবক্তাসকলক উদ্দেশ্যিও মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"যিসকলে আন্দোলন কৰি আছে, তেওঁলোকে ভাবিছে যে তেওঁলোক ইয়ালৈ আহিব লাগিব ৷ কিন্তু এই কৰ্টখন অসমৰ নৱ-প্ৰজন্মৰ বাবে বনোৱা হৈছে ।"
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "দহ বছৰৰ পিছত আজিৰ গুৱাহাটীত গুৱাহাটী নাথাকে ৷ নাৰেংগী-কুৰুৱা ব্ৰীজ, গুৱাহাটী-উত্তৰ গুৱাহাটী ব্ৰীজ, পলাশবাৰী-শুৱালকুচি ব্ৰীজ, এই সকলোবোৰ হোৱাৰ পিছত স্বাভাৱিকতে গুৱাহাটীখনৰ গতি পৰিৱৰ্তন হ’ব ।"
যি সকলে ৰংমহললৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ আজি বিৰোধিতা কৰিছে, তেওঁলোকেও ইয়াৰ সমৰ্থন কৰিব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই কয়, "ইয়াত আই আই টি হৈছে, ল’ ইউনিভাৰ্চিটী হৈছে । ইয়াত যি আহিছে তেওঁলোক সকলো সন্তুষ্ট হৈছে ৷ কাৰণ গুৱাহাটীৰ ট্ৰেফিক আদিৰ পৰা তেওঁলোক মুক্ত ৷ মই ভাবো ব্ৰহ্মপুত্ৰৰ দলংখন হৈ যোৱাৰ পিছত এজন মানুহে জালুকবাৰী বা দিছপুৰৰ পৰা গুৱাহাটী হাইক'ৰ্টলৈ আহিবলৈ যিমান সময় লাগিব, ৰংমহললৈ আহোতে তাতোকৈ কম সময় লাগিব ৷ গতিকে চাৰি-পাঁচ বছৰৰ পিছত যেতিয়া সকলো সাজু হৈ উঠিব, যিসকলে আজি বিৰোধিতা কৰিছে, তেওঁলোকেও ইয়াৰ সমৰ্থন কৰিব ।"
“বাৰ এছ’চিয়েচনে উচ্চ ন্যায়ালয়ৰ সৈতে আলোচনা কৰি আছিল ৷ মোক এবাৰ সাক্ষাৎ কৰিব আহিছিল । হাইক'ৰ্টৰ ভিতৰৰ কথা কি সেইটোতো মই নাজানোঁ । আমাক ক'ৰ্টখন বনাই দিব কৈছে আমি বনাই দিছোঁ ৷” মুখ্য়মন্ত্ৰীয়ে কয় ৷
দহ বছৰৰ পিছত ৰিং ৰোডৰ ওপৰেদি মেট্ৰ’ দৌৰিব:
“অসমে যে ইমান উন্নতি কৰিব পাৰে বহুতে ভাবিবই পৰা নাই ৷ বৰ্তমানৰ হাইক'ৰ্টৰ পৰা ৰ’পৱেৰ যোগেদি দুই মিনিটত আহি ইয়াত পাই যাবহি । গুৱাহাটীৰ পৰিৱৰ্তনটো তেওঁলোকে মানি ল’ব খোজা নাই । মই যদি মুখ্যমন্ত্ৰী হৈ থাকিব পাৰোঁ, মই ভাবো অহা দহ বছৰত এইবিলাক ঠাইত মেট্ৰ’ও হৈ যাব । ৰিং ৰোডৰ ওপৰেদি মেট্ৰ’ দৌৰিব । মই ভৱিষ্যতটো আশাৰে দেখোঁ, কিছুমানে নিৰাশাৰে দেখে ।” মুখ্য়মন্ত্ৰীৰ মন্তব্য ।

