১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা: খচৰা তালিকাত এবছৰত ১.৩৫ শতাংশ ভোটাৰ বৃদ্ধি
নির্বাচনী পঞ্জীয়ন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ'লে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত কৰিব পাৰিব আপীল ।

Published : December 30, 2025 at 8:51 PM IST
গুৱাহাটী: আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ১০ ফেব্ৰুৱাৰীত ৰাজ্যত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । বিশেষ পুনৰীক্ষণ অনুসৰি ইতিমধ্যে প্ৰকাশ খচৰা ভোটাৰ তালিকা । মঙলবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিলে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ।
বিশেষ সংশোধনীৰ (এছ আৰ-২০২৬) সংহত খচৰা ভোটাৰ তালিকা প্রকাশ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়,"অসমৰ সকলো বিধানসভা সমষ্টিৰ সন্দৰ্ভত ২০২৫ চনৰ ২৭ ডিচেম্বৰত বিশেষ সংশোধনী (এছ আৰ ২০২৬)ৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হৈছে । এই তালিকা প্ৰকাশৰ পূৰ্বে ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যজুৰি ঘৰে ঘৰে পুনৰীক্ষণ অভিযান সফলভাৱে অনুষ্ঠিত কৰা হৈছিল ।"
তথ্যসমূহ দাঙি ধৰি তেওঁ কয়,"খচৰা ভোটাৰ তালিকাত মুঠ ২,৫২,০১,৬২৪ গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু চলিত বৰ্ষৰ ৬ জানুৱাৰীত প্রকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । খচৰা ভোটাৰ তালিকা অনুসৰিপুৰুষ ভোটাৰ ১,২৫,৭২,৫৮৩ জন, মহিলা ভোটাৰ ১,২৬,২৮,৬৬২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩৭৯ গৰাকী। ভোটাৰৰ অনুপাত জনসংখ্যাৰ এহাজাৰৰ বিপৰীতে ৬৪৩ জন।"
গোৱেলে লগতে কয়,"ৰাজ্যত মুঠ ভোটগ্রহণ কেন্দ্রৰ সংখ্যা হৈছে ৩১,৪৮৬ টা । আনহাতে সর্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে ৫১-দলগাঁও আৰু ভোটাৰৰ সংখ্যা হৈছে ৩,১৮,৩২৬ গৰাকী । সেইদৰে সর্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে ১১২-আমৰি (এছ টি) আৰু ভোটাৰৰ সংখ্যা ১,০০,৩১৯ গৰাকী । সর্বাধিক ভোটগ্রহণ কেন্দ্র থকা বিধানসভা সমষ্টি হৈছে ১১-মানকাচৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৪০২ টা ।"
"সর্বনিম্ন ভোটগ্রহণ কেন্দ্র থকা বিধানসভা সমষ্টি হৈছে ২-দতমা আৰু ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৪৬ টা । আনহাতে সেৱা ভোটাৰ হৈছে ৬৩,৩১৪ গৰাকী, দিব্যাংগ ভোটাৰ হৈছে ২,০২,৪৩৩ গৰাকী, ১৮-১৯ বছৰ বয়সৰ ভোটাৰ হৈছে ২,৪৫, ০৮৪ গৰাকী আৰু ৮৫ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক ভোটাৰ হৈছে ১,৩৬,৫৪৬ গৰাকী । ৬ জানুৱাৰী ২০২৫ৰ পৰা ২৭ ডিচেম্বৰ ২০২৫লৈ মুঠ ৭,৮৬,৮৪১ গৰাকী নতুন ভোটাৰ সংযোজন আৰু ৪ ৪৭,১৯৬গৰাকীৰ নাম কৰ্তন কৰাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে । ঘৰে ঘৰে পুনৰীক্ষণ অভিযানৰ পূর্ব-সংশোধনী পর্যায়ত বুথ পৰ্যায়ৰ বিষয়াসকলে (বি এল অ') এশ শতাংশ ভোটাৰক সামৰি লোৱাটো নিশ্চিত কৰি ৬১,০৩,১০৩টা পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিছে ।"-মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
পুনৰীক্ষণ অভিযানত শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰাৰ বাবে চিনাক্ত কৰা বিষয় সন্দৰ্ভত তেওঁ কয়,"পৰীক্ষণকালত মৃত ভোটাৰ ৪,৭৮,৯৯২ গৰাকী চিনাক্ত কৰা হৈছে । সেইদৰে স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে ৫,২৩,৬৮০ গৰাকী । একাধিক নাম চিনাক্ত কৰা হৈছে ৫৩,৬১৯ গৰাকী । জনপ্রতিনিধিত্ব আইন, ১৯৫০ অনুসৰি এই চিনাক্ত কৰা নামসমূহ এতিয়াও ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নাই । বর্তমান অব্যাহত থকা দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত লাভ কৰা আনুষ্ঠানিক আবেদন অনুসৰিহে এই নামসমূহৰ কৰ্তন বা স্থানান্তৰ প্ৰক্ৰিয়া কৰা হ'ব ।"
গোৱেলে জনাই যে ত্রুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নাগৰিকসকলে ৬, ৭ আৰু ৮ নং প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । অনলাইনযোগে এই আবেদন কৰিব পাৰিব । প্ৰ-পত্ৰ ৬ৰ যোগেদি নতুন ভোটাৰ হিচাপে নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আবেদন কৰিব লাগিব । প্ৰ-পত্ৰ ৭ৰ যোগেদি পুনৰীক্ষণ প্ৰক্ৰিয়াত চিনাক্ত কৰা মৃত ভোটাৰৰ নাম আনুষ্ঠানিকভাৱে কৰ্তন বা আপত্তি দাখিলৰ বাবে আবেদন কৰিব লাগিব ।
আনহাতে প্ৰ-পত্র ৮ৰ যোগেদি বাসস্থান স্থানান্তৰ, তথ্য সংশোধন, দিব্যাংগৰ অৱস্থা চিহ্নিতকৰণ বা ভোটাৰ পৰিচয়-পত্ৰৰ সলনিৰ বাবে আবেদন কৰিব লাগিব । বিগত তিনিদিনত নতুনকৈ নাম অন্তৰ্ভূক্তিৰ বাবে এক লাখ আবেদন আহিছে । আবেদন তথা দাবী আৰু আপত্তি দাখিলৰ সময়সীমা হৈছে ২২ জানুৱাৰী । আনহাতে নির্বাচনী পঞ্জীয়ন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ'লে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰিব । প্ৰয়োজন হ'লে ৩০ দিনৰ ভিতৰত মুখ্য নির্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আপীল দাখিল কৰিব পাৰিব বুলি তেওঁ সদৰী কৰে ।
তেওঁ লগতে কয়,"এইবাৰ প্ৰথমবাৰৰ বাবে খচৰা ভোটাৰ তালিকাৰ বিষয়ে গাঁওসভাসমূহক অৱগত কৰা হ'ব । বুথ পৰ্যায়ৰ বিষয়াই সম্পন্ন কৰিব এই প্ৰক্ৰিয়া । গাঁওসভা অনুষ্ঠিত কৰাৰ ক্ষেত্রত কৰ্তৃত্ব থাকিব জিলা আয়ুক্তসকলৰ । জিলা আয়ুক্তৰ সুবিধা অনুসৰি ৩, ৪ আৰু ১০, ১১জানুৱাৰীৰ কোনোবা এটা দিনত এই প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব পাৰিব । নগৰৰ ক্ষেত্রত পৌৰসভাসমূহ বা পৌৰ নিগমত অনুষ্ঠিত হ'ব । প্ৰথমবাৰৰ বাবে গাঁওসভাত ৰাইজৰ সন্মূখত পাঠ কৰা হ'ব খচৰা ভোটাৰ তালিকা । উপস্থিত থাকিব ৰাজনৈতিক দলৰ প্ৰতিনিধি, গাঁওপ্ৰধান আৰু পঞ্চায়ত প্ৰতিনিধি ।"
তেওঁ লগতে জানিবলৈ দিয়ে যে ফেব্ৰুৱাৰীৰ শেষত বা জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে ।

