ETV Bharat / state

চৰিত তোলা প্ৰথা : শংকৰদেৱ-মাধৱদেৱসহ পৰৱৰ্তী আতাপুৰুষসকলৰ গুণ-গৰিমা কীৰ্তন

বঢ়াৰ-পো মাধৱদেৱে গুৰু শংকৰদেৱৰ গুণানুকীৰ্তনেৰে ‘চৰিত তোলা প্ৰথা’ আৰম্ভ কৰে । ক্ৰমে হ্ৰাস পোৱা এই মহাপুৰুষীয়া ধৰ্মীয় পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কলিয়াবৰৰ যুৱপ্ৰজন্মৰ ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা : শংকৰদেৱ-মাধৱদেৱসহ পৰৱৰ্তী আতাপুৰুষসকলৰ গুণ-গৰিমা কীৰ্তন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 1, 2026 at 3:57 PM IST

|

Updated : September 1, 2026 at 6:54 PM IST

8 Min Read
Choose ETV Bharat

ৰূপজ্যোতি গোস্বামী

কলিয়াবৰ : শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ দুয়োগৰাকী মহাপুৰুষ আৰু পৰৱৰ্তীকালৰ আতাসকলৰ প্ৰয়াণৰ পাছত সত্ৰীয়া ভকতসকলে নিজা নিজা গুৰুসকলৰ কাৰ্য তথা গুণাৱলী আনসকলৰ আগত চৰ্চা কৰা এক প্ৰকাৰ কৰ্তব্য বুলি বিবেচিত হৈছিল । গুৰুসকল ধৰ্ম প্ৰচাৰৰ বাবে যেতিয়া অন্যান্য ঠাইত পৰিভ্ৰমণ কৰে, তেতিয়া ভকতসকলে সেই প্ৰচাৰকসকলৰ পৰা গুৰুৰ জীৱন-কাহিনী শুনিবলৈ ইচ্ছা কৰে । তেতিয়াই গুৰুচৰ্চা আৰম্ভ হয় ।

  • মৌখিক পৰম্পৰাৰ পৰা লিখিত ৰূপলৈ

আনহাতে, সত্ৰাধিকাৰসকলেও শিষ্যবৰ্গৰ আগত ধৰ্মকথাৰ লগতে গুৰুবাণী আৰু লীলাৰ বিষয়েও ক’বলগা হৈছিল । শিষ্যসকলেও গুৰুৰ মুখ নিঃসৃত কথাবোৰ শ্ৰৱণ কৰি ভক্তিভাবেৰে গ্ৰহণ কৰিছিল । পোনতে ই মৌখিক পৰম্পৰা হিচাপেই বহুকাল প্ৰচলিত আছিল । পৰৱৰ্তী কালতহে লিপিবদ্ধ হোৱাৰ নিয়ম হ’ল । এনেদৰে অনুষ্ঠানসমূহত গুৰুচৰ্চা আৰু গুৰুৰ জীৱন বৃত্তান্ত লিপিবদ্ধ কৰা প্ৰথাকেই চৰিত চৰ্চা বা চৰিত তোলা প্ৰথা বোলা হয় ।

চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • চৰিত পুথি বুৰঞ্জীৰ পৰিপূৰক

এই সন্দৰ্ভত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ মন্তব্য প্ৰণিধানযোগ্য- “চৰিত পুথিসমূহ বুৰঞ্জীৰ পৰিপূৰক । বুৰঞ্জীত প্ৰধানকৈ ৰাজনৈতিক ঘটনাৱলী আৰু ৰজাসকলৰ কাৰ্যকলাপৰ বৰ্ণনা আছে । কিন্তু জনসাধাৰণৰ দৈনন্দিন, সাংস্কৃতিক আৰু সামাজিক জীৱন তাত প্ৰতিফলিত হোৱা নাই । এই অভাৱখিনি চৰিত পুথিয়ে বহু পৰিমাণে পূৰণ কৰিছে ।”

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • গুৰুৰ গুণানুকীৰ্তনৰ পৰা চৰিত পুথিলৈ

অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৯ খ্ৰীঃ) আৰু তেৰাৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ (১৪৮৯-১৫৯৬ খ্ৰীঃ) মহাপ্ৰয়াণৰ পাছত তেৰাসৱৰ শিষ্যবৰ্গই গুৰুৰ গুণানুকীৰ্তন কৰা প্ৰথাৰ পৰাই অসমীয়া জাতিয়ে চৰিত সাহিত্যসমূহ পাবলৈ সক্ষম হ’ল । গুৰু দুজনাৰ দেহাৱসানৰ পিছত তেৰাসৱৰ শিষ্য-প্ৰশিষ্যসকলে সাহিত্য ৰচনাৰ এই পৰম্পৰাটো আগুৱাই নিয়ে ।

  • সত্ৰৰ অৱদান

বিশেষকৈ শ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰা আৰু তেৰাৰ আজ্ঞা মানি প্ৰতিষ্ঠা কৰা সত্ৰকেইখনে বৈষ্ণৱ সাহিত্যৰ পৰম্পৰাক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । এই সত্ৰসমূহৰ অধিকাৰ-মহন্তসকলে গুৰু দুজনাৰ পদাংক অনুসৰণ কৰি গীত-নাট-পদ আদি ৰচনা কৰিছিল । মাধৱদেৱে তেওঁৰ গুৰু শঙ্কৰদেৱৰ গুণানুকীৰ্তনেৰে ‘চৰিত তোলা প্ৰথা’ আৰম্ভ কৰে আৰু পৰৱৰ্তীকালত মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ কৰ্ম আৰু গুণাৱলী কীৰ্তন কৰাটোও সত্ৰীয়া ভকতসকলৰ এটা প্ৰধান কৰ্তব্য হৈ পৰে ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • চৰিত পুথি

এই জীৱন-কাহিনীসমূহ পোনতে লিপিবদ্ধ হোৱা নাছিল; নাইবা শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভবা নাছিল । কিছুকাল যোৱাৰ পাছতহে কিছুমান শিষ্যই গুৰু-পৰম্পৰাৰ বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিলে । এই লিপিবদ্ধ কৰা গ্ৰন্থসমূহেই হ’ল ‘চৰিত পুথি’।

সত্ৰীয়া পৰিৱেশত সত্ৰাধিকাৰ আৰু শিষ্যগণৰ মাজত ধৰ্মবিষয়ক চিন্তা-চৰ্চা আৰু আলাপ-আলোচনা কৰাৰ প্ৰসঙ্গত গুৰু দুজনাৰ কথাও স্মৰণ কৰিছিল । তেওঁলোকে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ লগত জড়িত বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰি ধৰ্ম বিষয়ক আলোচনা আগবঢ়াই নিছিল । প্ৰথম অৱস্থাত এই আলোচনা মৌখিকভাৱে চলি আছিল । কিছুকাল যোৱাৰ পাছত কেইজনমান শিষ্য-প্ৰশিষ্যই গুৰু দুজনাৰ জীৱনৰ সেই কথা-কাহিনীসমূহক লিখিত ৰূপ প্ৰদান কৰে ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • চৰিত পুথিৰ বৈশিষ্ট্য

মন কৰিবলগীয়া যে এনে চৰিত পুথিত গুৰু দুজনাৰ উপৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা অন্যান্য বৈষ্ণৱ গুৰু বা ধৰ্ম প্ৰচাৰকৰ জীৱন চৰিতো সন্নিৱিষ্ট কৰা হৈছে । লগতে মহাপুৰুষসকলৰ জীৱনীৰ লগত চলি অহা পৰম্পৰাগত প্ৰবাদ আৰু জনশ্ৰুতিক স্থান দিয়া হৈছে। ছ-অৰা এখন সত্ৰৰ কলিয়াবৰত এই 'চৰিত তোলা প্ৰথা'ৰ চৰ্চা অতীজৰে পৰা চলি অহাৰ বিষয়ে জনা যায় যদিও বৰ্তমান ইয়াৰ চৰ্চা লোপ পাইছে ।

  • শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ ডেকাসত্ৰীয়া দিব্যজ্যোতি গোস্বামীৰ পদক্ষেপ

তথাপিও যুৱপ্ৰজন্মৰ প্ৰতিনিধি ৰূপে শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ ডেকাসত্ৰীয়া তথা সমন্বিত যুৱতীৰ্থ, কলিয়াবৰৰ সম্পাদক দিব্যজ্যোতি গোস্বামীয়ে এই বিশেষ সম্পদভাগৰ চৰ্চাৰ লগত জড়িত হৈ পৰিছে ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁ কয়, "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেৰাৰ প্ৰিয় শিষ্য শ্ৰীমাধৱদেৱ পুৰুষে গুৰুজনাৰ ধৰ্মাদৰ্শ প্ৰচাৰৰ নিমিত্তে প্ৰথমে গুৰুৰ চৰিত কথা কীৰ্তন কৰিবলৈ লৈছিল । পৰৱৰ্তী সময়ত ৰামচৰণ ঠাকুৰ, চতুৰ্ভূজ ঠাকুৰকে ধৰি পঁচিশজনা আতা সমস্তই গুৰুদুজনাৰ চৰিতকথা সত্ৰ-থান, নামঘৰসমূহত ভকত-বান্ধৱৰ মাজত শ্ৰৱণ কৰাৰ প্ৰথা আৰম্ভ কৰিছিল । বিশেষকৈ, বদলা পদ্মআতাই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰীকমলাবাৰী সত্ৰকে প্ৰমুখ্য কৰি নিকা সংহতিৰ সত্ৰসমূহত বুঢ়াভকতসকলৰ দ্বাৰা আজিও প্ৰচলিত হৈ আছে ।"

ভক্তি মাৰ্গৰ তত্ত্ব, পৰমাৰ্থিক তত্ত্ব, আধ্যাত্মিকতাৰ কথা ভাদমাহৰ চৈধ্য প্ৰসঙ্গ চৰিত তোলাৰে শেষ কৰা হয় । তদুপৰি, বিভিন্ন সময়ৰ ঘটনা-পৰিঘটনাসমূহৰ জৰিয়তে মহাপুৰুষৰ বিশাল ব্যক্তিত্ব তথা ধৰ্মীয় আদৰ্শ চৰিত তোলাৰ জৰিয়তে সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ হয় ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • শ্ৰীশ্ৰীগোবিন্দ নাৰায়ণ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ গিৰীন্দ্ৰ নাৰায়ণ গোস্বামীৰ অৱদান

কালক্ৰমত এই 'চৰিত তোলা প্ৰথা'ৰ চৰ্চা কমি আহিবলৈ ধৰিলে । কলিয়াবৰত শ্ৰীশ্ৰীগোবিন্দ নাৰায়ণ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ গিৰীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কলিয়াবৰত 'চৰিত তোলা প্ৰথা'ৰ জীয়াই ৰাখিছিল । কিন্তু তেখেতৰ পিছত কলিয়াবৰত এই প্ৰথা চলা দেখা নাযায় ।

বৰ্তমান কলিয়াবৰত এই প্ৰথাৰ চৰ্চাৰ ক্ষেত্ৰত যুৱপ্ৰজন্মৰ দিব্যজ্যোতি গোস্বামীয়ে আগভাগ লৈছে । বৰ্তমান সময়ত এনে এক পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টা প্ৰশংসনীয় ।

  • চৰিত পুথি গদ্য-পদ্য উভয়তে উপলব্ধ

উল্লেখ্য যে সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত সৰহসংখ্যক চৰিত পুথি ৰচিত হৈছিল । চৰিত পুথিসমূহৰ কেইখনমান গদ্যত আৰু সৰহভাগেই পদ্যত ৰচিত । সাধাৰণতে প্ৰথমে ৰচা চৰিত পুথিবোৰ ছন্দত আৰু পৰৱৰ্তীবোৰ গদ্যত ৰচিত । এতিয়ালৈকে পোহৰলৈ অহা পুথিৰ সংখ্যা ডেৰকুৰিখন মান হ’ব । ইয়াৰ ভিতৰত অকল শংকৰদেৱ-মাধৱদেৱৰ জীৱন চৰিতেই পাঁচ-ছয়খনমান ।

  • প্ৰথম চৰিত পুথি

পোন প্ৰথমে মহাপুৰুষ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন প্ৰণয়ণ কৰে বুলি কোনো কোনো পণ্ডিতে অভিমত দিয়ে । সেই হিচাপে পুথিখন খ্ৰীষ্টীয় ষোড়শ শতিকাৰ শেষ নাইবা সপ্তদশ শতিকাৰ আদি ভাগত ৰচিত বুলি অনুমান কৰা যায় । ৰামচৰণৰ পুত্ৰ দৈত্যাৰি ঠাকুৰেও ‘শংকৰদেৱ-মাধৱদেৱ চৰিত্ৰ’ নামৰ চৰিত পুথি এখন প্ৰণয়ণ কৰে ।

ইয়াৰ উপৰি ভূষণদ্বিজৰ ‘শংকৰ চৰিত’, ৰমানন্দ দ্বিজৰ ‘গুৰুচৰিত’, কৃষ্ণ ভাৰতীৰ ‘সন্ত নিৰ্ণয়’, ৰামৰায় দ্বিজৰ ‘গুৰুলীলা’, ৰমানন্দৰ ‘বংশী গোপালদেৱৰ চৰিত’, ভৱানন্দ দ্বিজৰ ‘গোবিন্দ চৰিত’, ৰমাকান্তৰ ‘বনমালীদেৱৰ চৰিত’, বিদ্যানন্দ ওজাৰ ‘ঠাকুৰ চৰিত’ আদি উল্লেযোগ্য চৰিত পুথি ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • চৰিত পুথিৰ ৰচনাকাল

এই চৰিত পুথিসমূহ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগলৈ ৰচিত হয় । অষ্টাদশ শতিকাত চৰিত সাহিত্যই বিশেষভাৱে বিকাশ লাভ কৰে । সপ্তদশ শতিকাৰ দৰে এই যুগতো সৰহভাগ চৰিত পুথি ছন্দত ৰচিত । কিন্তু গদ্যত ৰচা চৰিত পুথিকেইখনহে এই যুগৰ উল্লেখযোগ্য দান । সেই পুথিকেইখন কেৱল কলেৱৰতেই বৃহৎ নহয়, সেই যুগৰ গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন স্বৰূপেও তাৰ মূল্য অধিক ।

গদ্যত ৰচিত এনে দুখন উল্লেখযোগ্য চৰিত পুথি হ’ল উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ সম্পাদিত ‘কথা-গুৰুচৰিত’ আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘বাঁহী’ত প্ৰকাশিত আৰু বৰ্তমান মহেশ্বৰ নেওগদেৱৰ সম্পাদনাত প্ৰকাশিত ‘বৰদোৱা গুৰু চৰিত’ । ইয়াৰ উপৰি বনমালীদেৱৰ সেৱক গোবিন্দদাসৰ ‘সপ্ত সম্প্ৰদায়’ আৰু ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ সম্প্ৰদায় কথা’ নামৰ গদ্যত ৰচিত চৰিত পুথি দুখনো এই শতিকাৰে ৰচনা ।

পদ্যত ৰচিত চৰিত পুথিসমূহৰ ভিতৰত নীলকণ্ঠ দাসৰ ‘দামোদৰ চৰিত’, কৃষ মিশ্ৰৰ ‘দামোদৰ চৰিত’, জয়নাৰায়ণৰ ‘লক্ষ্মীপতি চৰিত’ আৰু ‘ৰামগোপাল চৰিত’, পূৰ্ণনন্দৰ ‘গোপালদেৱৰ চৰিত’, দ্বিজভবানন্দ মিশ্ৰৰ ‘গোবিন্দ চৰিত’, ৰামনাথ মহন্তৰ ‘সন্ত-মুক্তাৱলী’, বিভূনাথৰ ‘এটকা মহন্তৰ ঝুনা’ আদি উল্লেখযোগ্য ।

Charit Tola Pratha
চৰিত তোলা প্ৰথা আৰু চৰিত পুথি (ETV Bharat Assam)
  • অসমীয়া সমাজ জীৱনৰ দাপোণ চৰিত পুথি

চৰিত পুথিসমুহত কেৱল যে ধৰ্মীয় প্ৰসঙ্গইহে অগ্ৰাধিকাৰ লাভ কৰিছিল এনে নহয়, বৰঞ্চ তাৰ পাঠসমূহৰ মাজে মাজে সন্নিৱিষ্ট হোৱা টুকুৰা-টুকুৰ চিত্ৰসমূহৰ মাজেদি সমসাময়িক সত্ৰীয়া সমাজ আৰু লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন প্ৰণালী আৰু চিন্তাৰ আভাস পোৱা যায় । সেই ফালৰ পৰা বিচাৰ কৰিলে চৰিত পুথিক বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ লগতে সমসাময়িক অসমীয়া সমাজ জীৱনৰ দাপোণ বুলি ক’লেও ভুল কোৱা নহ’ব ।

লগতে পঢ়ক :সীমা নামানে বন্যপ্ৰাণীয়ে: কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ কৰিড'ৰ কিয় গুৰুত্বপূৰ্ণ ?
লগতে পঢ়ক :হাফলং কালীবাৰী মন্দিৰ: শতবৰ্ষীয় আস্থা, ভক্তি আৰু ঐতিহ্যৰ জীৱন্ত সাক্ষী
Last Updated : September 1, 2026 at 6:54 PM IST