ETV Bharat / state

১৬৩৩ চনতে গঢ়া পক্ষী অভয়াৰণ্যক পুনৰ উদ্ধাৰৰ চেষ্টাৰে মাজুলীত বিশেষ উৎসৱ

চাৰিদিনীয়া কাৰ্যসূচীৰে চলি আছে চৰাইচোং উৎসৱ । এছিয়াৰ ভিতৰত প্ৰথমখন পক্ষী অভয়াৰণ্য এই চৰাইচোং ।

Charaichong festival in Majuli aimed at restoring the bird sanctuary established in 1633
চৰাইচোং উৎসৱত অনুষ্ঠিত কাব্যানুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 3:06 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী । আহোম ৰজা প্ৰতাপ সিংহই ১৭০০ শতিকাতে মাজুলীত এখন পক্ষী অভয়াৰণ্য স্থাপন কৰিছিল । এয়া আছিল এছিয়াৰ ভিতৰত প্ৰথমখন পক্ষী অভয়াৰণ্য । আজিৰ তাৰিখত এইখন পক্ষী অভয়াৰণ্য মৃৎপ্ৰায় অৱস্থা । এই অভয়াৰণ্য়খনৰ নামেই হৈছে চৰাইচোং ।

এই পক্ষী অভয়াৰণ্যখন পুনৰ উদ্ধাৰৰ বাবে জিলাখনত চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে চৰাইচোং উৎসৱ ২০২৫ । চৰাইচোঙক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ লগতে চৰাইৰ বাসস্থানক সজীৱ কৰি তোলাৰ লক্ষ্যৰে মাজুলীৰ সাহিত্য আৰু স্থানীয় ৰাইজে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

চাৰিদিনীয়া কাৰ্যসূচীৰে চলি আছে চৰাইচোং উৎসৱ (ETV Bharat Assam)

এই চৰাইচোং উৎসৱত আয়োজন কৰা হৈছে বিশেষ প্ৰদৰ্শনীৰ । এই প্ৰদৰ্শনীৰ জৰিয়তে দ্বীপটোৰ প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সামূহিক দায়বদ্ধতা উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে । বিভিন্ন সময়ত বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান হৈ পৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী । এই চৰাইসমূহ দৰ্শন কৰিবলৈ বিভিন্ন সময়ত মাজুলীলৈ আগমন ঘটে দেশী-বিদেশী পৰ্যটকসকলৰ ।

Charaichong festival in Majuli aimed at restoring the bird sanctuary established in 1633
চৰাইচোং উৎসৱৰ তোৰণ (ETV Bharat Assam)

এই চৰাইচোং উৎসৱৰ লগত জড়িত এগৰাকী ব্যক্তিয়ে কয়, "১৬৩৩ চনত স্বৰ্গদেউ প্ৰতাপ সিংহই লাহদৈগড়ৰ পৰা ছোৱাতল মাজুলীলৈ এটা গড় তৈয়াৰ কৰিবৰ বাবে কাম কৰিছিল । এই কাম কৰি থাকোতে এইটো অঞ্চলত চৰাই মাতৰ বাবে কাম কৰিবলৈ অশান্তি পাই এই কথা ৰজাক অৱগত কৰিছিল । ৰজাই এই কথা গম পাই উক্ত স্থানত আহি উপস্থিত হৈছিল আৰু অনুভৱ কৰিছিল যে এই অঞ্চলত ইমানবোৰ চৰাই যেতিয়া বাস কৰিছে তেতিয়াহ'লে এই স্থানৰ জৈৱ বৈচিত্ৰ আছে । গতিকে এই স্থান সুৰক্ষিত কৰিব লাগিব, সেইকাৰণে এই স্থানত কোনো লোকক বসবাস কৰিবলৈ নিদি চৰাইৰ বাবে সুৰক্ষিত কৰিলে । এই ঠাইডোখৰৰ নাম ৰাখিলে 'চৰাইচোং'।"

Charaichong festival in Majuli aimed at restoring the bird sanctuary established in 1633
চৰাইচোং উৎসৱ উপলক্ষে বিশেষ প্ৰদৰ্শনী (ETV Bharat Assam)

তেওঁ লগতে কয়,"পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত চৰাইচোঙৰ জৈৱ-বৈচিত্ৰৰ ক্ষতি হ'ল । ইয়াৰ উপৰিও বেদখলৰ কবলত পৰা বাবে এই চৰাইচোং সংকুচিত হৈ পৰিল । তথাপিও আজিৰ তাৰিখতো ইয়াৰ বহু অঞ্চল চৰাইৰ বসতিস্থল হিচাপে আছে । এই চৰাইচোঙক পুনৰ উজ্জীৱিত কৰাৰ বাবে মাজুলীৰ সাহিত্যই স্থানীয় ৰাইজৰ সহযোগত এই চৰাইচোং উৎসৱ উদযাপন কৰিছে । এই চৰাইচোঙক বিশ্ববাসীৰ আগলৈ লৈ যোৱাৰ মানসেৰে এই উৎসৱৰ আয়োজন কৰা হৈছে ।"

লগতে পঢ়ক: চৰাইচোং উৎসৱ: এছিয়াৰ ভিতৰতে প্ৰথম ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

2025 বৰ্ষটোত অসমীয়া মনোৰঞ্জন জগতখনৰ পৰা হেৰাই যোৱা বৰেণ্য় ব্য়ক্তিসকল