ETV Bharat / state

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন; শীৰ্ষগীত মুকলি অসম সাহিত্য সভাৰ সভাপতিৰ

অহা ২ আৰু ৩ ডিচেম্বৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন কৰা হ'ব ।

Chandrakanta Sandikoi Bhawan
চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন; শীৰ্ষগীত মুকলি অসম সাহিত্য সভাৰ সভাপতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:33 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : চলিত বৰ্ষৰ শেষৰ ফালে ২ আৰু ৩ ডিচেম্বৰত অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন কৰা হ'ব । তাৰ লগত সংগতি ৰাখি বুধবাৰে 'চন্দ্ৰকান্ত' শীৰ্ষক গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত গীতটি মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে । তেওঁক এই কাৰ্যত সহযোগ কৰে সংগীত শিল্পী প্ৰসেনজিৎ লাহনৰ লগতে সাহিত্য সভাৰ অন্যান্যসকলে ‌। গীতটিৰ কথা হৈছে বিশ্বনাথৰ ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ আৰু সুৰ-সংগীত ব্যৱস্থাপনা প্ৰসেনজিৎ লাহনৰ ।

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন; শীৰ্ষগীত মুকলি অসম সাহিত্য সভাৰ সভাপতিৰ (ETV Bharat Assam)

'চন্দ্ৰকান্ত' শীৰ্ষক গীতটি আনুষ্ঠানিকভাৱে সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুকলি কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "মই ভাবিছোঁ আজিৰ দিনটো অসম সাহিত্য সভাৰ বাবে এক ঐতিহাসিক দিন হ'ব । অসমততো নাইয়ে, ভাৰতবৰ্ষতো এনেকুৱা ভৱনৰ শতবৰ্ষ পাতিছেনে নাই মই নাজানো । কিন্তু অসমত এইটোৱে প্ৰথম । এই ভৱনটোৰ লগত দুটা সন্তানহাৰা পিতৃ ৰাধাকান্ত সন্দিকৈদেৱৰ এটা যন্ত্ৰণা আৰু তেখেতৰ যি চকুলো, চন্দ্ৰকান্ত ভৱনৰ প্ৰতি চপৰা ইটাৰ লগত সম্পৰ্কিত হৈ আছে । এই দানটো অনাত সহায় কৰিছিল সেই সময়ৰ প্ৰধান সম্পাদক প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামীয়ে ।"

তেওঁ লগতে কয়, "আজি কিছুবছৰ পূৰ্বে সাহিত্য সভাৰ এই ভৱনটো অৱহেলিত হৈ থকা যেন অনুভৱ হৈছিল । কিন্তু মন কৰিলেই ছন । যাকে কৈছোঁ তেৱেঁ আমাক সহায় কৰিছে । ফলত ভৱনটো এইটো স্তৰলৈ আনিবলৈ সক্ষম হৈছোঁ । শতবৰ্ষৰ আগত বহুকেইটা ভাল কাম হ'ব অসম সাহিত্য সভাত । শতবৰ্ষৰ পিছতে ভৱ গোস্বামীয়ে দিয়া ৫০ লাখ টকা অনুদানেৰে তেওঁ বিচৰা দৰে এইটা ভৱনো নিৰ্মাণ হ'ব ।"

Chandrakanta Sandikoi Bhawan
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (ETV Bharat Assam)

এটা নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনা সন্দৰ্ভত তেওঁ কয়, "কৃষ্ণকান্ত সন্দিকৈৰ নামেৰে অসম সাহিত্য সভাত এটা ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । ইয়াত ব্যয় হ'ব ১১ কোটি । সেয়েহে এই প্ৰস্তাৱটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে । মই ভাবো শীঘ্ৰে এই কামো আৰম্ভ হ'ব । ইয়াৰ ফলত অসম সাহিত্য সভাই এক নতুন দিগন্ত লাভ কৰিব ।"

লগতে পঢ়ক :বুঢ়ালুইতৰ বুকুত উটুৱাই দিয়া হ'ল অমৃতকণ্ঠৰ চিতাভস্ম
লগতে পঢ়ক :কেনেকৈ মৃত্যু হ'ল এশিঙীয়া গঁড়ৰ, বাঘৰ আক্ৰমণ নে আন কিবা ?