ETV Bharat / state

২০ হাজাৰ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা ললিত নাথলৈ 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী' বঁটা

"জুবিন গাৰ্গৰ শেষকৃত্য কৰোঁতে মোৰ অশ্রু নিগৰিছিল, বৰ সোনকালে গুচি গল তেওঁ ।" বঁটা গ্ৰহণ কৰি শ্মশান বন্ধু ললিত কুমাৰ নাথৰ মন্তব্য ।

Samiran Bordoloi award
শ্মশান বন্ধু ললিত নাথক 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী' বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 5:04 PM IST

6 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাট তথা ৰাজ্যৰ সমাজ জীৱনৰ প্ৰতি বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি তথা অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী প্ৰয়াত সমীৰণ বৰদলৈৰ স্মৃতিত প্ৰত্যেক বর্ষত সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰি অহা হৈছে 'সমাজৰ দিন' আৰু 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা' প্ৰদান অনুষ্ঠান ।

প্ৰত্যেক বর্ষৰ দৰে এইবাৰো যোৰহাটত আয়োজন কৰা হয় এই বিশেষ 'সমাজৰ দিন' কাৰ্যসূচী । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা' । চলিত বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট সমাজকৰ্মী তথা 'শ্মশান বন্ধু' হিচাপে খ্যাত গুৱাহাটীৰ ললিত কুমাৰ নাথক । এই বঁটাত আছে গামোচা, চেলেং, স্মাৰক, প্ৰশস্তি-পত্ৰ, জাপি, শৰাই আৰু নগদ ১০ হাজাৰ টকা ।

শ্মশান বন্ধু ললিত নাথক 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী' বঁটা প্ৰদান (ETV Bharat Assam)

যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত 'সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী' বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি 'শ্মশান বন্ধু' হিচাপে খ্যাত গুৱাহাটীৰ ললিত কুমাৰ নাথে কয়, "মই আজি অতি আৱেগিক হৈ পৰিছোঁ । কিয়নো মোৰ জীৱনত যোৰহাটত এয়া প্ৰথম সন্মান । এইদৰে যে কোনোবাই মোক নিমন্ত্ৰণ দি মোক সন্মান জনাব মোৰ কল্পনাৰো অগোচৰ আছিল । এইক্ষেত্ৰত মই যোৰহাটবাসীক আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

তেওঁ লগতে কয়, "মই সদায় মানুহৰ লগত থাকি ভালপাওঁ । মোৰ কোনো দল নাই । মই সদায় সমদল পাৰ্টীত আছোঁ । কান্ধত লোৱা সমদলত । কিয়নো মোৰ কামেই কান্ধত লৈ মৃত লোকৰ শৱ দাহ কৰাটো । মই ইয়াত আহি অতি আৱেগিক হৈ পৰিছোঁ । মই যিখিনি শ্মশানৰ কাম কৰোঁ, অতি শ্ৰদ্ধা অতি নিষ্ঠাৰে কৰোঁ । মোৰ এটাই চিন্তা আছিল যাতে মৃতকৰ পৰিয়ালে কষ্ট নাপায় ।"

নিজৰ এই কৰ্মৰ কথা উল্লেখ কৰি ললিত নাথে কয়, "মই চতুৰ্থ শ্ৰেণীৰ পৰাই শ্মশানৰ কাম কৰিছোঁ । শ্মশানৰ কামত, শৱ দাহ কৰাত ভয় নথকা নহয়, মোৰো ভয় আছিল । বিদ্যালয়ত পঢ়াৰ পৰাই মোৰ এই যাত্ৰা আৰম্ভ হৈছিল । মোৰ এটাই লক্ষ্য আছিল যে মই যদি চাকৰি কৰোঁ অথবা ডাঙৰ মানুহ হওঁ, তথাপিও মোৰ প্ৰথম কামটো হ'ব শৱ দাহ কৰা আৰু পৰিয়ালটোৰ কাষত থিয় দিয়া ।"

জুবিন গাৰ্গৰ মৃত্যুৰ বেদনাৰ কথা উল্লেখ কৰি কয়, "এটা কথা ক'বলৈ মই বৰ অস্বস্তি অনুভৱ কৰোঁ । মই বৰ্তমানলৈকে দুটা প্ৰজন্ম পালোঁ আৰু প্ৰথম প্ৰজন্মটো পাই সুখী অনুভৱ কৰিছিলোঁ । দ্বিতীয় যিটো প্ৰজন্ম তাত আছিল শিল্পী জুবিন গাৰ্গ । যিটো কাম মই কৰিবই নাপায় । তেওঁৰ শৱ দাহ কৰা কামভাগো স-সন্মানেৰে, ভক্তিসহকাৰে কৰিছোঁ । তেওঁৰ শেষকৃত্য কৰোঁতে মোৰ অশ্রু নিগৰিছিল । কিন্তু কি হ'ব, জুবিন আগতেই গুচি গ'ল । আনহাতে, মই মানুহজন অত্যন্ত কোমল যদিও মই এই কামভাগ কৰোঁতে অত্যন্ত কঠোৰ হওঁ । মৃত ব্যক্তি মানেই মোৰ আপোন । কালিলৈকে হয়তো যিজন মানুহে মোক বেয়া ধৰণেও ব্যৱহাৰ কৰিছে, মৃত্যু হোৱাৰ পাছত সকলো ত্যাগ কৰিছে । মায়া-মোহ এৰি দিছে ।"

আনহাতে, পিতৃৰ মৃত্যুৰ সময়ত মনত পোৱা কষ্ট আৰু জীৱনৰ প্ৰথম তেওঁ কি কাম কৰিব আৰু তেওঁ প্ৰথম দায়িত্ব কি হ'ব সেয়া শৈশৱতে ঠিৰাং কৰি লোৱা বুলিও তেওঁ প্ৰকাশ কৰে ।

ইফালে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতমজ্যোতি শইকীয়া আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিৰ সভাপতি নৰেণ বৰঠাকুৰৰ যৌথ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয়, "প্ৰয়াত সমীৰণ বৰদলৈ আছিল সমাজক নেতৃত্ব প্ৰদান কৰা এগৰাকী বৰেণ্য ব্যক্তি । সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগতে ক্ৰীড়া ক্ষেত্ৰলৈ তেখেতৰ অৱদান আছিল গুৰুত্বপূৰ্ণ । কিন্তু বৰ্তমানো তেওঁ সেই স্বীকৃতি লাভ কৰা নাই । আমি যোৰহাট সাঁতোৰ ক্ষেত্ৰ সমীৰণ বৰদলৈৰ নামত নামকৰণ কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ । কিন্তু এচাম লোকৰ বাবে সেয়া হৈ উঠা নাই । তদুপৰি, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি সমীৰণ বৰদলৈক মৰণোত্তৰভাৱে ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছোঁ যদিও সেয়া হৈ উঠা নাই । এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ ।"

উল্লেখ্য যে প্ৰয়াত সমীৰণ বৰদলৈৰ সহধৰ্মিণী শিখা বৰদলৈয়ে স্মৃতি তৰ্পণ কৰা অনুষ্ঠানৰ আৰম্ভণিতে মঙ্গলাচৰণ পৰিবেশন কৰে সুদৰ্শনা বৰা আৰু অংকিত গোস্বামীয়ে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে বঁটাপ্ৰাপক ললিত কুমাৰ নাথ প্ৰয়াত সমীৰণ বৰদলৈৰ বন্ধু । মানৱতা আৰু নিষ্ঠাৰ চূড়ান্ত নিদৰ্শনেৰে মৃতকৰ পৰিয়াললৈ দীৰ্ঘদিন ধৰি সহায়, সমৰ্থনৰ হাত আগবঢ়াই আহিছে শ্মশান বন্ধু ললিত কুমাৰ নাথে । ললিত কুমাৰ নাথৰ এটাই লক্ষ্য- আৰম্ভণিৰে পৰা মৃতকৰ পৰিয়ালৰ কাষত সাহস হৈ থিয় দিয়া আৰু শেষ পর্যন্ত সকলো প্ৰকাৰৰ সহায়, সহযোগিতা আগবঢ়োৱা । এই পৰ্যন্ত ললিত কুমাৰ নাথে প্ৰায় ২০ হাজাৰ মৃতদেহৰ শেষকৃত্য কৰিছে ।

কেৱল শেষকৃত্য কৰিয়েই দায়িত্ব শেষ নকৰে ললিত কুমাৰ নাথে । জীৱনৰ চৰম দুখৰ সময়ত মৃতকৰ পৰিয়ালৰ কাষত দি থাকি মানসিকভাৱে সাহস প্ৰদান কৰে ললিত কুমাৰ নাথে । ললিত কুমাৰ নাথে দাহ কৰিছে অসমৰ বহু মহান আৰু বিশিষ্ট ব্যক্তিৰ নশ্বৰ দেহ ।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, বিজু ফুকন, হীৰেন ভট্টাচাৰ্য, তৰুণ গগৈ, দীপালি বৰঠাকুৰ, নলিনীধৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, অৰ্চনা মহন্ত, খগেন মহন্ত, নিপন গোস্বামী, নীলপৱন বৰুৱা, ভূপেন উজীৰ, জুবিন গাৰ্গকে ধৰি এই তালিকাত আছে বহু মহান ব্যক্তিৰ নাম ।

লগতে পঢ়ক :বহী নিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ, শিক্ষকৰ বিক্ষোভ
লগতে পঢ়ক :এয়া কি ! নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খহি পৰিল দলং