ETV Bharat / state

'জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলৰ জীয়াই থকাৰ অধিকাৰ নাই' এই কথাই বিশ্বাস কৰে আঙুৰলতাই

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ এক শক্তিশালী অভিযোগনামা দাখিল কৰা হৈছে । জুবিন গাৰ্গৰ মৃত্যুত জড়িতসকলৰো জীয়াই থকাৰ অধিকাৰ নাই । এই মন্তব্য আঙুৰলতা ডেকাৰ ।

Angoorlata on Zubeen chargesheet
জুবিন গাৰ্গ মৃত্যুৰ অভিযোগনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 12:01 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : "সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যিসকল দায়ী তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ নাই । ১৯ ছেপ্টেম্বৰৰ পৰা আজিলৈকে কোনো এজন লোকেই ভালকৈ শুব পৰা নাই ।" নগাঁৱত এই মন্তব্য অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা তথা প্ৰাক্তন বিধায়িকা, অভিনেত্ৰী আঙুৰলতা ডেকাৰ ।

শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই সন্ধিয়া সংবাদ মাধ্যমৰ সন্মুখত এছ আই টিয়ে দাখিল কৰা জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামাক লৈ মন্তব্য প্ৰকাশ কৰে । সকলোৱে ব্যাকুলতাৰে ৰৈ থকা জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নিৰ্দিষ্ট সময়তেই দাখিল কৰা বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই ।

জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলৰ জীয়াই থকাৰ অধিকাৰ নাই: আঙুৰলতা ডেকা (ETV Bharat Assam)

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই এই সন্দৰ্ভত কয়, “অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাখন এখন শক্তিশালী অভিযোগনামা । পৰৱৰ্তী সময়ত আইনে পদক্ষেপ ল'ব । কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিত জুবিনদাৰ মৃত্যুৰ বাবে দায়ীসকলৰো জীয়াই থকাৰ অধিকাৰ নাই । তেওঁক ইয়াৰ পৰা নিয়া আৰু ছিংগাপুৰত লগত থকা আৰু তেওঁক অবহেলা কৰা প্ৰত্যেকেই দায়ী ।”

এছ আই টিয়ে দাখিল কৰা অভিযোগনামা সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কয়, “প্ৰত্যেকৰে দৃষ্টিভংগী বেলেগ বেলেগ । সকলোৰে বাক-স্বাধীনতা আছে । মত প্ৰকাশ কৰিছে । কিন্তু আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে, আস্থা আছে । বিশেষ তদন্তকাৰী গোটে নিৰন্তৰ কাম কৰি আছে । জুবিনদাৰ ঘটনা সম্পৰ্কত তেওঁলোকে কেতিয়াও গাফিলতি নকৰে বুলি বিশ্বাস আছে । জুবিন গাৰ্গৰ লগত থকাসকলে তেওঁক চূড়ান্ত অৱহেলা কৰিছে ।”

লগতে পঢ়ক :'জুবিন গাৰ্গক শ্যামকানুৱে ব্লেকমেইলিং কৰি লৈ গৈছিল ছিংগাপুৰলৈ'এই দাবীৰে যতীন বৰাই বিচাৰিলে দোষীৰ কঠোৰ শাস্তি
লগতে পঢ়ক :অভিযোগনামা দাখিলৰ দিনাই জুবিন ক্ষেত্ৰত উপস্থিত হ’ল গৰিমা; বিচাৰিলে দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি