ETV Bharat / state

জিন্সৰ দৰে আধুনিক পোচাকত ব্যৱহাৰ হ'ব এৰী-মুগা: কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ পৰিকল্পনা

উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া আসন অলংকৃত কৰিব ।

Foundation Day of the Central Muga Eri Research and Training Institute
লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 10:43 AM IST

4 Min Read
Choose ETV Bharat

যোৰহাট: অসমৰ এৰী-মুগাক নতুন ৰূপত সজাই এখন বহল পৰিসৰৰ বজাৰ সৃষ্টিৰ বাবে কেন্দ্ৰীয় ৰেচম ব'ৰ্ডে পৰিকল্পনা গ্ৰহণ কৰিছে । এইবাৰ জিন্সৰ দৰে আধুনিক পোচাকত এৰী-মুগা ব্যৱহাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ শীঘ্ৰে কাৰ্যকৰী হ'ব ।

কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ সদস্য সচিব পি শিৱকুমাৰে এই কথা সদৰী কৰিছে । অহা তিনিটা বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া আসন অলংকৃত কৰিব বুলি মন্তব্য় কৰি বিষয়াগৰাকীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চলত এৰী আৰু মুগাৰ এক সমৃদ্ধ পৰম্পৰা আছে । উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগা উদ্যোগ দক্ষিণ ভাৰতৰ সফল আৰ্হিৰে বিকশিত হওক ।"

Foundation Day of the Central Muga Eri Research and Training Institute
লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

মঙলবাৰে যোৰহাটৰ লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি সদস্য সচিবগৰাকীয়ে লগতে কয়, "আগন্তুক তিনিটা বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া আসন অলংকৃত কৰিব ।" সদস্য সচিবগৰাকীয়ে কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নৱ নিৰ্মিত তোৰণ, এটা প্ৰশিক্ষণ কেন্দ্ৰ, টিছু কালচাৰ সুবিধালব্ধ প্ৰকল্পৰ উদ্বোধন কৰে ।

২,০০০ মেট্ৰিক টন এৰী-মুগা উৎপাদন

কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ সদস্য সচিবগৰাকীয়ে পুনৰ কয়, "বৰ্তমান আমাৰ অঞ্চলত এৰী-মুগাৰ সৈতে জড়িত প্ৰায় ২৭টা ফাউণ্ডেশ্ব'ন আৰু কেন্দ্ৰই কাম কৰি আছে । ১৯৯৯ চনত যোৰহাটৰ লাহদৈগড়স্থিত এৰী-মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰতিষ্ঠা হৈছিল । এই প্ৰতিষ্ঠানৰ জৰিয়তে তেতিয়াৰ পৰাই এই ক্ষেত্ৰখন নিৰন্তৰভাৱে আগবাঢ়ি গৈছে । আমি যেতিয়া এই কাম আৰম্ভ কৰিছিলো, তেতিয়া এৰী-মুগাৰ উৎপাদন প্ৰায় ৯৭ মেট্ৰিক টন আছিল । আজি সেই উৎপাদন বৃদ্ধি পাই প্ৰায় ২,০০০ মেট্ৰিক টন পৰ্যন্ত হৈছে । আমাৰ বাবে এয়া নিশ্চিতভাৱে এক বৃহৎ সাফল্য; কিন্তু আমি ইয়াতে থমকি ৰ’ব বিচৰা নাই । আমাৰ লক্ষ্য ইয়াতকৈও বহু আগুৱাই যোৱা ।"

দক্ষিণ ভাৰতৰ সফল আৰ্হিৰ দৰে বিকশিত হওক

"আমি বিচাৰো যে উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগা উদ্যোগো দক্ষিণ ভাৰতৰ সফল আৰ্হিৰ দৰে বিকশিত হওক আৰু ইয়াৰ উৎপাদিত সামগ্ৰীয়ে দেশ-বিদেশৰ বৃহৎ বজাৰত স্থান লাভ কৰক । সেই উদ্দেশ্যে এৰী-মুগাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহক আধুনিক সময়ৰ চাহিদা অনুসৰি বিকশিত কৰাৰ কাম চলি আছে । আনকি জিন্সৰ দৰে আধুনিক পোচাকতো এৰি-মুগাৰ ব্যৱহাৰৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন প্ৰতিষ্ঠান আৰু উদ্যোগৰ সৈতে আলোচনা চলি আছে । এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰাও আমি যথেষ্ট গুৰুত্বপূৰ্ণ সহযোগিতা লাভ কৰি আছো ।" তেওঁ এইদৰে কয় ।

তেওঁ পুনৰ কয়,"এতিয়া আমাৰ মূল লক্ষ্য হৈছে এৰী-মুগা উদ্যোগক এক নতুন পৰ্যায়লৈ লৈ যোৱা, যাতে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ বাবে এক শক্তিশালী উৎপাদন ব্যৱস্থাৰ লগতে এক বিস্তৃত বজাৰো গঢ়ি তুলিব পৰা যায় । অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ অধীনত আগন্তুক তিনিটা বছৰত এৰী-মুগাৰ উন্নয়ন, উৎপাদন বৃদ্ধি আৰু বজাৰ সম্প্ৰসাৰণৰ দিশত ব্যাপকভাৱে কাম কৰা হ’ব ।"

অধিক সুযোগ সৃষ্টিয়েই লক্ষ্য়

কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ সদস্য সচিবগৰাকীয়ে কয়, "আমাৰ উদ্দেশ্য কেৱল উৎপাদন বৃদ্ধি কৰা নহয়, এৰী-মুগাৰ সৈতে জড়িত কৃষক, শিপিনী, কাৰিকৰ আৰু উদ্যোগীসকলৰ বাবেও অধিক সুযোগ সৃষ্টি কৰাটো অন্যতম লক্ষ্য । আমি বিচাৰো যে উত্তৰ-পূৰ্বাঞ্চলৰ এৰী-মুগা কেৱল আমাৰ অঞ্চলতে সীমাবদ্ধ হৈ নাথাকি দেশ তথা সমগ্ৰ বিশ্বত এক সুকীয়া পৰিচয় লাভ কৰক । দক্ষিণ ভাৰতত যিদৰে এৰী-মুগাৰ আৰ্হিটো বিকশিত হৈছে, ঠিক সেইদৰে উত্তৰ-পূৰ্বাঞ্চলকো আগুৱাই লৈ গৈ এৰী-মুগা উদ্যোগক এক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰে কাম কৰি আছো ।”

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে কৰি অহা বিভিন্ন প্ৰযুক্তি উদ্ভাৱন তথা কাৰ্যাৱলীৰ ওপৰতো আভাস দিয়াৰ চেষ্টা কৰে । এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডঃ চি ৰমেশ, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দ্বীপজ্যোতি ৰাজখোৱা, টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডঃ ভেংকটেশ্বন চেলভেৰাজ, মেচুৰ সঞ্চালক ডঃ মহেশ্বৰী এম, আকাশবাণী যোৰহাটৰ সঞ্চালক বিশ্বজিৎ দাস আৰু কেন্দ্ৰীয় মুগা-এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কাৰ্তিক নেওগে অংশ লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:ভাৰতীয় সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমকক্ষ হ'ব দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী: দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ ঘোষণা

প্ৰযুক্তিৰে ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলক নেতৃত্ব দিবলৈ আইআইটি গুৱাহাটীক আহ্বান মুখ্যমন্ত্ৰীৰ

অসমৰ হস্ততাঁত খণ্ডক লৈ নতুন চিন্তা, টাটা গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰ NEHHDC ৰ