ETV Bharat / state

দেশৰ ক্ৰীড়া ৰাজধানী হ'ব ৰাজ্যৰ দ্বিতীয় ৰাজধানী

অসমৰ ক্ৰীড়া জগতত নতুন দিগন্তৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম । অত্যাধুনিক ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Khanikar Sports Complex
খনিকৰ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 10:27 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে সফলতা লাভ কৰাৰ লগে লগে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আমোল পৰিৱৰ্তন । প্ৰতিভাৱান খেলুৱৈসকলে যাতে ৰাজ্যত উপযুক্ত ক্ৰীড়াৰ পৰিৱেশ লাভ কৰিব পাৰে, তাৰ বাবে অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰি ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে তৎপৰ হৈছে অসম চৰকাৰ ।

এইবাৰ দেশৰ ক্ৰীড়া ৰাজধানী হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় । কাৰণ অসমৰ ক্ৰীড়া জগতত নতুন দিগন্তৰ সূচনা কৰাৰ বাবেই ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক ষ্টেডিয়াম । মঙলবাৰে ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়াৰ সুবিধা থকা ষ্টেডিয়াম পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক ষ্টেডিয়ামত চলি থকা উন্নয়নমূলক কাম-কাজ আৰু আন্তঃগাঁথনিৰ অগ্ৰগতিৰ বুজ লয় ।

খনিকৰ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

খনিকৰত ১০৪ বিঘা ভূমিৰ ওপৰত নিৰ্মিত এই আধুনিক ক্ৰীড়া ষ্টেডিয়ামটো উজনি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এক অন্যতম বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হৈছে । ইতিমধ্যে প্ৰথম পৰ্যায়ত প্ৰায় ৫ হাজাৰ দৰ্শকৰ আসনৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাত ইয়াৰ ক্ষমতা ৩৫ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি কাম চলি আছে । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়াসকলৰ পৰা মূল ষ্টেডিয়াম, আন্তঃদ্বাৰ সুবিধা, ছুইমিং পুল আৰু খেলুৱৈৰ হোষ্টেলৰ কামৰ অগ্ৰগতি বুজ লয় ।

Khanikar Sports Complex
খনিকৰ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ ২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰায় ২১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোত প্ৰথম পৰ্যায়ত ৫ হাজাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ৩৫ হাজাৰ দৰ্শকৰ আসনৰ সু-ব্যৱস্থা থাকিব ।

এই ক্ৰীড়া প্ৰকল্পটোত সাঁতোৰ, দৌৰ, ফুটবল, ভলীবল, বেডমিণ্টন, বক্সিঙকে ধৰি বিভিন্ন বহিঃ আৰু আন্তঃক্ৰীড়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনিৰ লগতে খেলুৱৈসকলৰ থকাৰ বাবে হোষ্টেল, অভিজ্ঞ প্ৰশিক্ষক, ফিজিঅ'ৰ লগতে প্ৰতিগৰাকী খেলুৱৈৰ পৰিপুষ্টিৰ ব্যৱস্থা থাকিব । ক্ৰীড়া ক্ষেত্ৰত অসমৰ যুৱ প্ৰজন্মক অধিক সুবিধা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই প্ৰকল্প ৰূপায়ণ কৰি আহিছে ।

Khanikar Sports Complex
খনিকৰ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

এই ক্ৰীড়া প্ৰকল্পই অসমৰ লগতে অৰুণাচল, নাগালেণ্ডৰ দৰে চুবুৰীয়া ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলকো উপকৃত কৰিব । খনিকৰৰ এই অত্যাধুনিক ষ্টেডিয়াম পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এই ধৰণৰ অত্যাধুনিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় । খেলৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ প্ৰতিখন ৰাজ্য আৰু দেশে পৰিকল্পনা প্ৰস্তুত কৰে । আজি ক্ৰীড়া প্ৰকল্পৰ কাম পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ ল'লোঁ । ৩৫ হাজাৰ দৰ্শকে একেলগে বহিব পৰাকৈ নিৰ্মাণকাৰ্য চলি আছে । ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া কমপ্লেক্স হৈ উঠিলে অসমৰে নহয়, ভাৰতবৰ্ষ খেলুৱৈৰ বাবে উল্লেখযোগ্য ক্ৰীড়া ক্ষেত্ৰ হিচাপে বিবেচিত হ'ব ।"

লগতে পঢ়ক :লণ্ডনলৈ ৰপ্তানি তেজপুৰৰ লিচু: ঊষা নগৰীত লিচু উৎসৱৰ আয়োজন
লগতে পঢ়ক :'মিছন চেনেহজ'ৰী– ব্ৰেণ্ডিং মুগা’ আৰম্ভ: নিটি আয়োগৰ উপাধ্যক্ষসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ