ETV Bharat / state

যোৰহাটৰ বিমান দুৰ্ঘটনাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, আবেগিক পবিত্ৰ মাৰ্ঘেৰিটা-কামাখ্যা প্ৰসাদ তাছা

যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ এএন-৩২ পৰিবহণ বিমানৰ দুৰ্ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ ।

Central Minister Pabitra Margherita and MP Kamakhya Prasad Tasa paid tribute to the martyrs of Jorhat plane crash
যোৰহাটৰ বিমান দুৰ্ঘটনাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 8:22 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অৰুণাচল প্ৰদেশৰ মেচুকাৰ পৰা যাত্ৰা কৰা ভাৰতীয় বায়ুসেনাৰ এএন-৩২ পৰিবহণ বিমান শনিবাৰে যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ ঘাটিত দুৰ্ঘটনাত পতিত হয় । য'ত বায়ুসেনাৰ ৫ গৰাকী জোৱান শ্বহীদ হয় । এই দুৰ্ঘটনাত লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে । অনাকাংক্ষিত দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱা জোৱানকেইজনলৈ দেশবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাইও এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "বায়ুসেনা বা যোৰহাটবাসীয়েই নহয় সমগ্ৰ অসম তথা দেশবাসী শোকত ম্ৰিয়মাণ । কৰ্তব্যৰত অৱস্থাত ৫ গৰাকীকৈ বীৰ জোৱানে আমাৰ যোৰহাট চহৰতে বিমান দুৰ্ঘটনাত পতিত হৈ আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে । আমি পুনৰবাৰ বীৰ জোৱান কেইজনৰ আত্মাৰ সদগতি বাবে প্ৰাৰ্থনা জনাইছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ আৰু ইশ্বৰক প্ৰাৰ্থনা জনাইছোঁ । তেওঁলোকৰ পৰিয়ালক এই দুখৰ সময়ত যাতে সাহস আৰু শক্তি দিয়ে ।"

যোৰহাটৰ বিমান দুৰ্ঘটনাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছাৰ (ETV Bharat)

আনহাতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তাছাই শোকপ্ৰকাশ কৰি কয়, "ভাৰতবৰ্ষত বিমান দুৰ্ঘটনা বৰ কম হয় । যেতিয়া যুঁজাৰু বিমান দুৰ্ঘটনা হৈছিল তেতিয়াই ভাৰত চৰকাৰে সতৰ্কতা অৱলম্বন কৰিছিল । কালি যি ঘটনা হৈছে সেই ঘটনাৰ দুখ প্ৰকাশ কৰিছোঁ । তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ । উক্ত বিমান দুৰ্ঘটনা আৰু ৫ গৰাকীকৈ বীৰ জোৱান শ্বহীদ হোৱা ঘটনা সম্পৰ্কত ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু বায়ু সেনা চিন্তিত হৈছে । বহু দিনৰ পিছত অসমত এনে দুৰ্ঘটনা হৈছে । এই দুৰ্ঘটনা কিহৰ কাৰণে হৈছে সেয়া তদন্ত কৰিলেহে ওলাই পৰিব । কোনেও দুৰ্ঘটনাৰ কথা অনুমান কৰিব নোৱাৰে ।"

উল্লেখ্য যে শনিবাৰে যোৰহাট বায়ুসেনাৰ ঘাটিত অৱতৰণৰ সময়তে এএন-৩২ পৰিবহণ বিমানখন দুৰ্ঘটনাত পতিত হৈছিল ৷ এই দুৰ্ঘটনাত নিহত জোৱানসকল হৈছে ক্ৰমে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ুসেনা খেমাৰম কুমাৱট আৰু অগ্নিবীৰ বায়ুসেনা ডেনিছ আলম ।

লগতে পঢ়ক : পাঁচ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি ভাৰতীয় বায়ুসেনাৰ, নশ্বৰদেহ গৃহজিলালৈ প্ৰেৰণ