লখিমপুৰত কেন্দ্রীয় চৰকাৰৰ প্ৰতিনিধি দল; বানবিধ্বস্ত এলেকা পৰিদৰ্শন
কেন্দ্রীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ লখিমপুৰ জিলাৰ বান-খহনীয়া পৰিস্থিতি পৰিদৰ্শন ।

Published : July 9, 2026 at 3:15 PM IST
লখিমপুৰ: লখিমপুৰ জিলাত দুদিনমান পূৰ্বে বানে বিস্তৰ ক্ষয়-ক্ষতি কৰে । এনে ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ বৃহস্পতিবাৰে জিলাখনত উপস্থিত হয় কেন্দ্রীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল । সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত আদিয়েও দলটোৰ পৰিদৰ্শনকালত সহযোগ কৰে।
লখিমপুৰত উপস্থিত হৈ কেন্দ্রীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটোৱে বানবিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰে । ইয়াৰ পূৰ্বে পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্তসহিতে বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰে মিলিত হয় । তাৰ পিছত প্ৰতিনিধি দলটোৱে জিলাখনৰ পাচনৈ, আমতলা আদি বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে ।
দলটোৰ এই পৰিদৰ্শনকালত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আদিও উপস্থিত থাকে । এই সন্দৰ্ভত সাংসদ প্ৰদান বৰুৱাই কয়, "কেন্দ্রীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে কালিৰে পৰা ধেমাজি আৰু লখিমপুৰ জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । কালি ধেমাজি জিলাত পৰিদৰ্শন কৰাৰ পাছত আজি লখিমপুৰ জিলাত দলটো উপস্থিত হৈছে ।"
তেওঁ কয়, "লখিমপুৰত বানে ১২-১৩টা পথ ক্ষতিগ্রস্ত কৰে । আমি দলটোক তাৰে এটা পথ উদাহৰণ হিচাপে দেখুৱাইছোঁ । দলটোৱে বানে ক্ষতি কৰা কৃষিক্ষেত্র, চৰকাৰী বিভিন্ন ঘৰ, কাৰ্যালয় আদি সকলো পৰিদৰ্শন কৰিব । এইটো এটা আনন্দৰ কথা যে বান হোৱাৰ সাত দিনৰ ভিতৰতে কেন্দ্রীয় প্ৰতিনিধি দল ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ উপস্থিত হৈছে । তাৰ বাবে প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰীক কৃতজ্ঞতা জনাইছোঁ । প্ৰতিনিধি দলটোৱে কম সময়ৰ ভিতৰতে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব ।"
তেওঁ প্ৰশাসনকো ধন্যবাদ জনাই কয়, "কম সময়ৰ ভিতৰতে প্ৰশাসনে তথ্যসমূহ যোগান ধৰিছে । আমি যিমান পাৰোঁ ভুল নোহোৱাকৈ তথ্যখিনি দিছোঁ । প্ৰশাসনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"
উল্লেখ্য, কেন্দ্রীয় প্ৰতিনিধি দলটোত যুটীয়া সচিব (ইউটি) প্ৰবীণ কুমাৰ ৰায়, এফচিডিৰ যুটীয়া সঞ্চালক মহেশ কুমাৰ, এনআৰএছচিৰ বিজ্ঞানী ডঃ এছভিএছপি শৰ্মা আদি উপস্থিত থাকে ।

