জোনাইত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ বানপীড়িত অঞ্চল পৰিদৰ্শন
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে খহনীয়া আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰি শীঘ্ৰে পুনৰ সংস্থাপনৰ আশ্বাস প্ৰদান কৰে ।

Published : July 8, 2026 at 7:42 PM IST
জোনাই: কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে বুধবাৰে জোনাইৰ বিভিন্ন প্ৰান্তৰ বানবিধ্বস্ত আৰু খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । কেন্দ্ৰীয় যুটীয়া সচিব (UT) প্ৰবীণ কুমাৰ ৰায়ৰ নেতৃত্বত দলটোৰ সদস্যসকলে বান-খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ।
দলটোৱে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজৰবাৰী আনন্দনগৰ, চিমেন নদীৰ প্ৰবল সোঁতত ভাগি পৰা ৰে'লৱে দলং, অৰুণ চাপৰি, মধুপুৰ, লেকু নৈ, কেমি দলং আদিকে ধৰি বিভিন্ন নৈ-উপনৈৰ প্ৰবল খহনীয়াত ব্যাপক ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ।
কেন্দ্ৰীয় যুটীয়া সচিব (UT) প্ৰবীণ কুমাৰ ৰায়ৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যুটীয়া সঞ্চালক (FCD, DoE, MoF) মহেশ কুমাৰ, এন আৰ এছ চিৰ (NRSC) বিজ্ঞানী ডঃ এছ ভি এছ পি শৰ্মা, ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ লগতে এ এছ ডি এম এৰ (ASDMA) প্ৰকল্প পৰিচালক মুক্তাৰাম ডেকা আৰু প্ৰট'কল বিষয়া ছৈয়দ ছাৰিক ৰহমান ।

এই সন্দৰ্ভত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কয়, "কেন্দ্ৰীয় চৰকাৰৰ ক্ষয়-ক্ষতিৰ বুজ লোৱা যিটো এছেছমেণ্ট টীম সেইটো আহি আজি আমাৰ ধেমাজি জিলাৰ জোনাই মহকুমাত উপস্থিত হৈছে । আমি ইতিমধ্যে দুটা অঞ্চল দেখুৱালোঁ । বুধবৰীয়া বজাৰ আনন্দনগৰৰ ফালে দেখুৱালোঁ । তাৰ পিছত চিমেন নদী দেখুৱালোঁ । এতিয়া এই দিখাৰী নদীৰ যিখিনি উপদ্ৰৱ হ'ল আমি ইটো পাৰেও দেখুৱাইছোঁ আৰু চিকাৰৰ ফালেও দেখুৱাম । তাৰ পিছত পুৰণা জেলেমেদি গৈ আমি কেমি গাঁওখনৰ কিছু দেখুৱাম আৰু ৰাষ্ট্ৰীয় ঘাইপথটোত পানী কিমান ওপৰেদি গৈছে সেইখিনি দেখুৱাম ।"

উল্লেখ্য যে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা কেইবাখনো খৰস্ৰোতা নৈয়ে জোনাইৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰিখনতকৈও অধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে ।

