ETV Bharat / state

লোকপিয়ল ২০২৭: স্বাধীনতাৰ পাছৰ অষ্টমটো লোকপিয়লৰ কাম আৰম্ভ

লোকপিয়ল ২০২৭ৰ বাবে অব্যাহত আছে প্ৰশিক্ষণ কাৰ্যসূচী, যাতে স্বচ্ছ আৰু সঠিক লোকপিয়ল সফলভাৱে সম্পন্ন কৰিব পৰা যায় ।

Census 2027 training has started in Morigaon With Digital Self-Enumeration
লোকপিয়ল ২০২৭ৰ প্ৰশিক্ষণ কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 2:06 PM IST

3 Min Read
Choose ETV Bharat

ধিং: দেশত ইতিমধ্যে আৰম্ভ হৈছে লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী । ১৮৭২ চনত ভাৰতত লোকপিয়ল আৰম্ভ হোৱাৰ পাছত আৰু স্বাধীনতাৰ পিছৰ এইটো হ'ব অষ্টমটো লোকপিয়ল ।

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মৰিগাঁৱতো আৰম্ভ হ’ল লোকপিয়ল ২০২৭ ৰ প্ৰথম পৰ্যায়ৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ ৷ পোন প্ৰথমবাৰৰ বাবে সম্পন্ন হ'ব ডিজিটেল লোকপিয়ল আৰু স্ব-পিয়ল ব্যৱস্থা ৷ মৰিগাঁৱত ২৭ মে’ৰ পৰা আয়োজন কৰা হৈছে লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্গত গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী ।

আগন্তুক লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী ৩০ মে’লৈকে চলি থাকিব । মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীৰ নেতৃত্বত সম্পন্ন হ'ব এই গুৰুত্বপূৰ্ণ কাৰ্য ।

Census 2027 training has started in Morigaon With Digital Self-Enumeration
লোকপিয়ল ২০২৭ৰ প্ৰশিক্ষণ কাৰ্যসূচী (ETV Bharat Assam)

বৃহস্পতিবাৰে জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত আয়োজিত এক গুৰুত্বপূৰ্ণ সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত জাগীৰোডৰ সম-জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা, সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, এন আই চিৰ ডি আই অ' আৰু জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।

লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক (আইটি) সপ্তৰাজ দাস আৰু ডি পি এ দীপক বৰুৱাই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰশিক্ষণত গৃহ তালিকাভুক্তি আৰু লোকপিয়ল কাৰ্য, তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা ব্যৱস্থা আৰু লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায় সফলভাৱে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ।

এই প্ৰশিক্ষণত উল্লেখ কৰা মতে, ‘‘লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল কাৰ্য অহা ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৬লৈকে সম্পন্ন হ’ব । আনহাতে, জনসংখ্যা পিয়ল কাৰ্য ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব । এইবাৰৰ লোকপিয়লৰ এক বিশেষ বৈশিষ্ট্য হ’ল যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত লোকপিয়ল সম্পন্ন কৰা হ’ব ।’’

বিভাগীয় বিষয়াসকলে উল্লেখ কৰা মতে, অধিক দ্ৰুত, নিৰ্ভুল আৰু স্বচ্ছ তথ্য সংগ্ৰহ নিশ্চিত কৰাৰ বাবে ডিজিটেল ডিভাইচ আৰু অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰা হ’ব । ইয়াৰ লগতে ২ আগষ্ট, ২০২৬ৰ পৰা স্ব-পিয়ল ব্যৱস্থাও আৰম্ভ কৰা হ’ব ৷ যাৰ জৰিয়তে নাগৰিকসকলে নিজেই ডিজিটেল মাধ্যমত নিজৰ তথ্য দাখিল কৰিব পাৰিব । এই স্ব-পিয়ল ১৫ দিন চলিব ।

উল্লেখ্য যে, ১৮৭২ চনত ভাৰতত লোকপিয়ল আৰম্ভ হোৱাৰ পাছত এইটো হ’ব ষোড়শ লোকপিয়ল আৰু স্বাধীনতাৰ পিছৰ অষ্টমটো লোকপিয়ল ।
মৰিগাঁও জিলা প্ৰশাসনে জিলাবাসীক আগন্তুক গৃহ তালিকাভুক্তি কাৰ্যত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

লোকপিয়লৰ কৰ্তব্যত নিয়োজিত দলসমূহে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ সময়ত সকলো তথ্য সঠিকভাৱে আৰু কোনো সংকোচ নোহোৱাকৈ প্ৰদান কৰিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে, যাতে স্বচ্ছ আৰু সঠিক লোকপিয়ল সফলভাৱে সম্পন্ন কৰিব পৰা যায় ।

লগতে পঢ়ক : কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: জনগাঁথনিগত পৰিৱৰ্তনৰ তদন্তৰ বাবে উচ্চস্তৰীয় সমিতি গঠন

লগতে পঢ়ক : ৰ‍াজ্যত আৰম্ভ হ'ব লোকপিয়ল: ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিযুক্তি, কৰা হ'ব জাতি গণনাও

লগতে পঢ়ক : লোকপিয়ল ২০২৭: প্ৰথম পৰ্যায়ত স্ব-গণনাৰ সুবিধা লাভ ৫.৭২ লাখতকৈ অধিক পৰিয়ালৰ

লগতে পঢ়ক : লোকপিয়ল ২০২৭ ৰ শুভাৰম্ভ : ডিজিটেলী সম্পন্ন হ’ব সকলো কাম