ETV Bharat / state

জুবিন গাৰ্গৰ গুণগানেৰে মুখৰিত তেজপুৰৰ ৰাজপথত; প্ৰাণৰ শিল্পী হাতৰ চাপ মুকলি

জুবিনময় হৈ পৰিল তেজপুৰ । তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন ।

Celebration of heartthrob Zubeen Garg's 53rd birthday in Tezpur
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে উলিয়ালে শোভাযাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 11:23 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: চিৰকাললৈ অসমবাসীৰ হিয়াৰ আমঠু হৈ থকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজাদিন । এই বিশেষ দিনটোত জুবিন যাত্ৰাৰে এক উৎসৱমুখৰ পৰিৱেশত সজীৱ হৈ উঠিল তেজপুৰ । যদিও তেওঁ কায়িকভাৱে আজিৰ দিনটোত আমাৰ মাজত নাই, তথাপি তেজপুৰবাসীয়েই দেখুৱাই দিলে যে শিল্পীজন নোহোৱা হ'লেও তেওঁৰ সুৰ, তেওঁৰ কণ্ঠ, তেওঁৰ আদৰ্শ আৰু তেওঁৰ প্ৰতিৰোধী মনোভাৱ সকলোৰে হৃদয়ত আজিও সমানে স্পন্দিত ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত জ্যোতি ভাৰতী 'পকী'ত গীতে মাতে ওপজা দিনৰ সুবাস বুটলি, 'প্ৰীতিৰ সুবাস' নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰে । তেজপুৰ জুবিনিয়ান দ্যা ছ’চিলিষ্ট অৰ্গানাইজেচনে আয়োজন কৰা এই দিনজোৰা কাৰ্যসূচীয়ে তেজপুৰ চহৰক পৰিণত কৰিলে এক বিশেষ অনুভৱৰ উপত্যকাত । নেহেৰু মৈদানৰ পৰা চিভিল চাৰিআলি হৈ সমগ্ৰ পথ, মহাবিদ্যালয়, বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসহ প্ৰায় ৫ হাজাৰ লোকৰ অংশগ্ৰহণৰে জুবিনময় হৈ উঠিল প্ৰায় সমগ্ৰ চহৰ ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুণগানেৰে মুখৰিত তেজপুৰৰ ৰাজপথত (ETV Bharat Assam)

তেজপুৰ জুবিনিয়ানে নিঃসহায় লোকসকলক বস্ত্ৰ বিতৰণৰ লগতে অসমৰ শিল্প-সংস্কৃতিৰ পবিত্ৰ স্থানবোৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি, নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থল, সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ কলাভূমি এই সকলো ঠাইতেই বন্তি প্ৰজ্বলন আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বুলি তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই সদৰী কৰে ।

Celebration of heartthrob Zubeen Garg's 53rd birthday in Tezpur
সাংস্কৃতিক শোভাযাত্ৰাত দৰং মহাবিদ্যালয় (ETV Bharat Assam)

আনহাতে, দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বিভিন্ন চৰকাৰী বিদ্যালয় তথা কণমানি শিশু, ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ আবেগৰে জুবিনময় কৰি তোলে দিনটো । 'জুবিন দা অমৰ হওক', 'আমাক ন্যায় লাগে', 'জয় জুবিন দা' আদি ধ্বনিৰে প্ৰতিধ্বনিত হয় সমগ্ৰ চহৰখন । দৰং মহাবিদ্যালয়ৰ ছাত্রগোটে বিশেষ উদ্যোগ লৈ জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজী প্ৰদৰ্শন কৰে । বিভিন্ন সময়ৰ লাইভ অনুষ্ঠান, কিংবদন্তী গীত সম্ভাৰৰ সংক্ষিপ্ত সংকলন আৰু শেহতীয়া জনপ্ৰিয় ছবি ‘ৰৈ ৰৈ বিনালে’-ত তেওঁৰ অন্ধ অভিনয়ৰ দৰে বহু মনোমুগ্ধকাৰী দৃশ্যও প্ৰদৰ্শন কৰে ।

Celebration of heartthrob Zubeen Garg's 53rd birthday in Tezpur
ৰৈ ৰৈ বিনালে প্ৰতিফলিত শোভাযাত্ৰাত (ETV Bharat Assam)

ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকক্ষণতে তেজপুৰ জুবিনিয়ানৰ প্ৰতিষ্ঠাপক তথা জুবিন গাৰ্গৰ ঘনিষ্ঠ তৃষাণু ভূঞাৰ সহযোগিতাত থ্ৰীদী আৰ্টিষ্ট ভবেন মেধিয়ে সংগ্ৰহ কৰিছিল হাতৰ চাপ । আজি সেই হাতৰ চাব তৈয়াৰ কৰি তেজপুৰ নেহেৰু মৈদানত সন্ধিয়া ৰাজহুৱাকৈ মুকলি কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইয়াৰ এখন হাত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত আৰু এখন তৃষাণু ভূঞাই ৰাখিব বুলি জানিবলৈ দিয়ে ।

Celebration of heartthrob Zubeen Garg's 53rd birthday in Tezpur
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হাতৰ চাব (ETV Bharat Assam)

এই সন্দৰ্ভত তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই কয়,"যিটো জন্মদিনত তেওঁ আজি কায়িকভাৱে আমাৰ মাজত নাই । কিন্তু আমি জুবিন দাক সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, জুবিন দাক সদায় জীয়াই ৰাখিব লাগিব । আজি তেজপুৰত, তেখেতে ভালপোৱা এই চহৰখনৰ পৰা আমি মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছোঁ ।"

লগতে পঢ়ক: প্ৰায় ৪ ফুট উচ্চতাৰ কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন উদযাপন অনুৰাগীৰ

সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী; অগপ সভাপতি অতুল বৰায়ো জনালে শ্ৰদ্ধাঞ্জলি