ETV Bharat / state

জনজাতিকৰণ দাবী কৰা বিষয় নহয়: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে সোচ্চাৰ জনজাতীয় সংগঠন

ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিলে অনুসূচিত জনজাতিসকলৰ ভাষা, সংস্কৃতি, অস্তিত্ব আৰু পৰিচয় নিঃশেষ হ'ব বুলি দাবী জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ ।

CCTOA protest at sonapur
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনজাতীয় সংগঠনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 2:47 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : সোণাপুৰত জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ (CCTOA) উদ্যোগত সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াংগণত বিশাল প্ৰতিবাদ । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে এই প্ৰতিবাদ । ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলে অনুসূচিত জনজাতিসকলৰ ভাষা, সংস্কৃতি, অস্তিত্ব আৰু পৰিচয় নিঃশেষ হ'ব বুলি দাবী CCTOAৰ ।

"জনজাতিকৰণ আচলতে দাবী কৰা বিষয় নহয়, জনজাতিকৰণ কৰি পোৱা বস্তুও নহয় । বৰ্তমানৰ জনজাতিসকলে দাবী কৰি জনজাতি হোৱা নাই । আমাক বাছি বাছি চিনাক্ত কৰি এয়া বড়ো, এয়া ৰাভা, এয়া কাৰ্বি, এয়া তিৱা, এয়া মিচিং ইত্যাদি জনজাতিৰ মৰ্যাদা দিছে । এই জনগোষ্ঠীসমূহ সাংবিধানিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে পিছপৰা । গতিকে তেওঁলোকক সংবিধানৰ গণ্ডীৰ ভিতৰত এছ টি হিচাপে ৰাখি আগবঢ়া শ্ৰেণীৰ সৈতে সমানে আগবঢ়াৰ ব্যৱস্থা কৰি দিছিল ।" এই মন্তব্য জনজাতীয় নেতা আদিত্য খাকলাৰীৰ ।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনজাতীয় সংগঠনৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৮ বছৰৰ পিছত এতিয়া কোনোবা জনগোষ্ঠী পিছপৰি আছে নেকি, যাক ট্ৰাইবেল কৰিব লাগে । বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলৰ ক্ষতি হ'ব পৰা বিষয়ত আমি বিৰোধিতা কৰিছোঁ আৰু চৰকাৰৰ যি আইডিয়া সেয়া অসমৰ প্ৰকৃত জনজাতিসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছোঁ ।"

উল্লেখ্য যে সোমবাৰে সোণাপুৰৰ মিনি ষ্টেডিয়ামত সহস্ৰাধিক জনজাতীয় লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বিশাল জনজাতি সমাবেশত জনজাতীয় নেতাসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈও দাবী উত্থাপন কৰে । জনজাতীয় নেতা সুকুমাৰ বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত বিশাল জনসমাবেশত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাকে মুখ্য কৰি কেইবাজনো জনজাতীয় নেতাই ভাষণ প্ৰদান কৰি প্ৰকৃত জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰিবলৈ আগবঢ়া ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে ।

সংবাদ মাধ্যমৰ আগত জনজাতীয় নেতা আদিত্য খাকলাৰীয়ে কয়, "চৰকাৰে ছয় আগবঢ়া আৰু উন্নত জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে কৰাৰ প্ৰস্তাৱক বিৰোধিতা কৰিছোঁ । বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত আদিম ভূমিপুত্ৰসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষা কৰিব লাগিব । অসমৰ ছয় জনগোষ্ঠী অনুসূচিত জনজাতি হ'লে বৰ্তমানৰ যি প্ৰকৃত জনজাতি আছে সাংঘাতিকভাবে ক্ষতি হ'ব ।"

আনহাতে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিলে অনুসূচিত জনজাতিসকলৰ ভাষা, সংস্কৃতি, অস্তিত্ব আৰু পৰিচয় নিঃশেষ হ'ব বুলিও দাবী জনগোষ্ঠীয় নেতাসকলৰ ।

লগতে পঢ়ক :তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা : তিনিটাকৈ তদন্তকাৰী কমিটীৰ প্ৰতিবেদন নহ'ল দাখিল
লগতে পঢ়ক :জনজাতিকৰণৰ দাবী; চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল সৰুপথাৰ