ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : মন্ত্ৰীগোটক কি পৰামৰ্শ দিলে, কিহত বিৰোধিতা কৰিলে জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ?

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটেৰে বৰ্তমানৰ জনজাতি সমন্বয়ৰক্ষী সমিতিৰ বৈঠক । কেন্দ্ৰীয় গৃহ মন্ত্ৰী পৰ্যায়ত ত্ৰিপাক্ষিক বৈঠকৰ লগতে বিচাৰিলে এমাহ সময় ।

CCTOA ministers group meeting
আদিত্য খাখলাৰী আৰু দ্বীপেন বড়োৰ সংবাদ মাধ্যমক সম্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 8:36 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসম চৰকাৰৰ মন্ত্ৰীগোটৰ অন্তৰ্ৱৰ্তীকালীন প্ৰতিবেদন দাখিলৰ পিছত অসমৰ বৰ্তমান সাংবিধানিকভাৱে স্বীকৃত জনজাতিসকলে একেখন মঞ্চৰ পৰা তীব্ৰ প্ৰতিবাদ জনাই আহিছে । ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত বৃহস্পতিবাৰে অসম চৰকাৰৰ মন্ত্ৰীগোটৰ সৈতে বৰ্তমান স্বীকৃতিপ্ৰাপ্ত ১৪ টা জনগোষ্ঠীৰ সমন্বয় সমিতি, অসমৰ গুৰুত্বপূৰ্ণ এক বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত মন্ত্ৰী গোটৰ পৰা এমাহৰ সময় বিচাৰে জনজাতি সমন্বয় সমিতিয়ে । তাৰ পিছতেই অভিজ্ঞজনৰ সৈতে আলোচনাৰ পিছত বিৰোধিতা বা নিজৰ যুক্তিসমূহৰ চূড়ান্ত প্ৰতিবেদন মন্ত্ৰী গোটক দাখিল কৰিব । মন্ত্ৰী গোটেৰে হোৱা বৈঠকত কিছুমান নীতিৰ শুধৰণি বিচৰাৰ লগতে মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক অনুষ্ঠিত হোৱাৰ পিছতেই বিষয়টোক লৈ দেশৰ গৃহমন্ত্ৰী পৰ্যায়ত ত্ৰিপাক্ষিক বৈঠক আহ্বানৰ দাবী কৰিলে ১৪ জনজাতিৰ প্ৰতিনিধিসকলে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : মন্ত্ৰীগোটক কি পৰামৰ্শ দিলে, বিৰোধিতা কৰিলে জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ? (ETV Bharat Assam)

মন্ত্ৰী গোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু আৰু অতিৰিক্ত মুখ্য সচিব ছুইটী চাংচনৰ সৈতে ১৪ টা জনগোষ্ঠীৰ সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত হয় । দুঘণ্টাজোৰা বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত জনজাতি সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীৰ মন্তব্য, “আলোচনা প্ৰক্ৰিয়াৰ আৰম্ভণি এয়া ৷ বিষয়টোৱেই স্পৰ্শকাতৰ ৷ বৈঠকত মন্ত্ৰী গোটৰ প্ৰটিবেদনৰ বিষয়ে মন্ত্ৰী গোটৰ অধ্যক্ষই বৰ্ণনা কৰা কিছু কথাত আমি বুজি পাইছোঁ যে অসমৰ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ যাওঁতে সকলোবোৰ খুতি-নাতি চাবলগীয়া হৈছে ৷ বৰ্তমানৰ জনজাতিসকলৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় । আমি কিছু পইণ্টত দাবী উত্থাপন কৰিছোঁ । সেইখিনি মডিফিকেচন আনিবলৈ আমি দাবী জনাইছোঁ ।”

মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ লগতে ত্ৰিপাক্ষিক বৈঠক আহ্বান কৰা প্ৰসংগত আদিত্য খাখলাৰীয়ে কয়, “পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পৰ্যায়তো আমি আলোচনা বিচাৰিছোঁ । মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ পিছতেই ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম চৰকাৰ আৰু সমন্বয় সমিতিৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক হ’ব বুলি আশা কৰি দাবী জনাইছোঁ আমি ।”

মন্ত্ৰীগোটক কি দাবী জনালে সমন্বয় সমিতিয়ে ?

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত সমন্বয় সমিতিয়ে দাঙি ধৰিলে নিজৰ মতবিৰোধ ৷ তেওঁলোকে দাঙি ধৰা কেইটামান অন্যতম বিষয় সন্দৰ্ভত আদিত্য খাখলাৰীয়ে এইদৰে কয় :

  1. “ছয় জনগোষ্ঠীৰ কেইটামানক ST-V হিচাপে ৰিকমেণ্ডেচন কৰা হৈছে । এইটোৱে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানৰ জনগোষ্ঠীসমূহক ক্ষতি কৰিব । সৰ্বভাৰতীয় পৰ্যায়ত চাকৰি-বাকৰি, বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি আদি কৰি বহু ক্ষেত্ৰত UPSC-এ অনুষ্ঠিত কৰা প্ৰতিযোগিতমূলক পৰীক্ষাবোৰত ক্ষতিগ্ৰস্ত হ’ব । সৰ্বভাৰতীয় পৰ্যায়ত এটাই অনুসূচিত জাতি । পৃথক কৰিব পৰা নাযায় । পৃথক কেটেগ’ৰী প্ৰযোজ্য নহয় । অসমৰ ক্ষেত্ৰতো সেইটো একেই অৱস্থা ৷ ইয়াত ST(P), ST(H) হ’লেও সৰ্বভাৰতীয় পৰ্যায়ত এছ টিয়েই হয় ৷ এই অসুবিধাবিলাক দূৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ ।”
  2. “কিছুমান জনগোষ্ঠীৰ লোকৰ চিনাক্তকৰণ অতি কঠিন । এটা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বৰা, গোঁহাই আদি উপাধি আন এটা জনগোষ্ঠীয়েও ব্যৱহাৰ কৰে । গতিকে চিনাক্তকৰণৰ ক্ষেত্ৰত অতি কঠোৰ হ’ব লাগিব । এটা বিশ্বাসযোগ্য চিনাক্তকৰণ আৰু প্ৰত্যায়িত কৰা ব্যৱস্থা কৰিব লাগিব ৷ এই কথাও আমি কৈছোঁ ।"
  3. মন্ত্ৰীগোটৰ প্ৰতিবেদনত ৫ নম্বৰ অধ্যায়ত বহুখিনি কথা উল্লেখ আছে । য’ত লিখা আছে যে অসমৰ ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে, তেন্তে নিশ্চিতভাৱেই বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষয়-ক্ষতি হ’ব । গতিকে আমি এমাহৰ সময় বিচাৰিছোঁ । এমাহৰ পিছত আমি চূড়ান্ত ৰূপত আমি আমাৰ পৰামৰ্শসমূহ আগবঢ়াম ৷ বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত বিধায়িনী নেতা, বিষয়া আদি বিদ্বানসকলৰ পৰামৰ্শ লৈ এই পৰামৰ্শৱলী জনাম ।”

লগতে জনজাতি সমন্বয় সমিতিৰ দাবী যে সকলোৰে কাম হওক । কিন্তু লক্ষ্য ৰাখিব লাগিব যে ইয়াৰ বাবে ভূমিপুত্ৰ জনজাতিসকলৰ যাতে কোনো ক্ষতি নহয় ।

আনহাতে, এই বিষয়টো সন্দৰ্ভত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, "... যোৱা ২৯ তাৰিখে বিধানসভাত গ্ৰুপ অব মিনিষ্টাৰে যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনৰ ওপৰত CCTOA-ৰ ২৬ টা সংগঠনে আমি একেলগে আমি খুব গভীৰভাৱে এইটো চাইছোঁ । চোৱাৰ পিছত আমি এটা ইণ্টেৰিম ছাজেচন আৰু এটা অবজেকচন আমি দিছোঁ যে এই ৰিকমেণ্ডেচন আমি মানি ল'ব পৰা নাই । কিয় মানি ল'ব পৰা নাই সেই কথা আমি মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক দাখিল কৰিলোঁ । কিয় মানি ল'ব পৰা নাই ইয়াৰ গোটেইকেইটা কাৰণ আমি ব্যাখ্যা কৰিছোঁ । আজি এক গম্ভীৰ আলোচনা হ'ল । এই আলোচনাত গোটেই বিষয়বোৰৰ ওপৰত আলোচনা হৈছে ।" এতিয়া যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোৱে এটা পৰ্যায়ত দীঘলীযা সময় ল'ব সেয়া নিশ্চিত হৈ পৰিল ৷

লগতে পঢ়ক :উত্তৰ-পূব কেৱল সীমান্ত অঞ্চল নহয়, ৰাষ্ট্ৰ উন্নতিৰ এক নতুন ইঞ্জিন: সৰ্বানন্দ সোণোৱাল
লগতে পঢ়ক :অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল: গুৱাহাটীৰ দুটাকৈ গুৰুত্বপূৰ্ণ জলাশয়ত কাৰ লোলুপ দৃষ্টি ?