ETV Bharat / state

ঈদৰ প্ৰাকক্ষণত যোৰহাট নগৰৰ মাজমজিয়াত গো-মাংস উদ্ধাৰ

যোৰহাট নগৰৰ মাজমজিয়াত উদ্ধাৰ গো-মাংস । উৎখাত কৰা হ'ল বৃহৎ কচাইখানা । কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ আৰক্ষী ।

Cattle meat seized in Jorhat on the eve of Eid
ঈদৰ প্ৰাকক্ষণত যোৰহাট নগৰৰ মাজমজিয়াত গো-মাংস উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2026 at 10:20 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: যি সময়ত ৰাজ্য ভিন্ন প্ৰান্তৰ ইছলামধৰ্মী সমাজে ঈদত গৰু কোৰবাণী দিয়া পৰা বিৰত থকা কথা উল্লেখ কৰিছে, ঠিক সেই সময়ত যোৰহাট নগৰ সমীপৰ ঢাকাইপট্টি কবৰস্থান ৰোডত মঙলবাৰে যোৰহাট সদৰ থানা আৰক্ষী বিষয়া হৃষীকেশ হাজৰিকা নেতৃত্বত যোৱা আৰক্ষী দলে কেইবাটাও অবৈধ কচাইখানা উৎখাত কৰাৰ লগতে মজুত কৰি ৰখা নিষিদ্ধ মাংস তথা গো-মাংস উদ্ধাৰ কৰে ।

এই ঘটনাই শৈক্ষিক, বৌদ্ধিক প্ৰাণকেন্দ্ৰস্বৰূপ যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষী বিশেষ খবৰ ভিত্তিত কবৰস্থান ৰোডত থকা আজাৰউদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই মজুত কৰি ৰখা নিষিদ্ধ মাংস তথা গো-মাংস জব্দ কৰে ।

ঈদৰ প্ৰাকক্ষণত যোৰহাট নগৰৰ মাজমজিয়াত গো-মাংস উদ্ধাৰ (ETV Bharat Assam)

ইয়াতে আৰক্ষী ক্ষান্ত নাথাকি কেইবাটাও অবৈধ কচাইখানা উৎখাত কৰে । ইয়াৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে । লগতে এই অভিযানৰ সময়ত দুটাকৈ গো-ধনো প্ৰত্যক্ষ কৰা হ'ল এই স্থানত ।

Cattle meat seized in Jorhat on the eve of Eid
এজনক আটক (ETV Bharat Assam)

এই সন্দৰ্ভত যোৰহাট জিলা সদৰ থানা আৰক্ষী বিষয়া হৃষীকেশ হাজৰিকাই কয়, ‘‘আমাৰ খবৰ আছিল ইয়াত অবৈধ কচাইখানা, নিষিদ্ধ মাংস থকা বুলি । এই খবৰৰ ভিত্তিত আমি অভিযানটো চলাওঁ । এই স্থানত থকা কেইবাটাও কচাইখানা উৎখাত কৰিবলৈ সক্ষম হৈছোঁ আৰু নিষিদ্ধ সামগ্ৰী তথা গো-মাংস জব্দ কৰিবলৈ সক্ষম হৈছোঁ । এয়া আমাৰ নজৰত পৰিল যেতিয়া এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব ।"

Cattle meat seized in Jorhat on the eve of Eid
যোৰহাটত গো-মাংস জব্দ (ETV Bharat Assam)

তেওঁ লগতে কয়, "ইয়াৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ঢাকাইপট্টি কবৰস্থান ৰোডত আজি এই অভিযান চলিল । আনহাতে গো-মাংস মজুত কৰি ৰখা কথা ইতিমধ্যে গৰাকীয়ে স্বীকাৰ কৰিছে ।"

লগতে পঢ়ক: কেলেংকাৰীত লুতুৰি-পুতুৰি ৰৌ-বৰালিৰ বিৰুদ্ধে ৰাজ্যজুৰি দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, এচিএছ বিষয়াসহ গ্ৰেপ্তাৰ ৭

বিজেপি এটা জীৱন্ত ৰাজনৈতিক সংগঠন: দিলীপ শইকীয়া