ETV Bharat / state

শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তেজপুৰতো

সংগীতৰ মহানায়কৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰাত শিখা শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অনুৰাগী ।

case has been filed against Sikha Sarma by the Tezpur Zubeenians for posting obscene content on social media
তেজপুৰতো শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 8:45 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : সংগীতৰ মহানায়ক অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্য়মত অশালীন মন্তব্য় আগবঢ়োৱা শিখা শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আজি তেজপুৰ সদৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰে জুবিন গাৰ্গ ফেন ক্লাব তেজপুৰৰ জুবিনিয়ানছে । শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত সংগঠনটোৱে অভিযোগ কৰিছে যে মহিলাগৰাকীয়ে জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালক লৈ ছ’চিয়েল মিডিয়াত অপমানজনক আৰু বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰিছে ।

জুবিনিয়ানছৰ উপদেষ্টা তৃষাণু ভূঞা আৰু সভাপতি বিষ্ণু শৰ্মাই এই পোষ্টবোৰ মানহানিকাৰক প্ৰকৃতিৰ আৰু জনসাধাৰণৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কয়, "ছ’চিয়েল মিডিয়াত দিয়া পোষ্টবোৰে সাম্প্ৰদায়িক বিসংগতি বিয়পাব পাৰে আৰু জনসাধাৰণৰ মাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে ।"

তেজপুৰতো শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ (ETV Bharat Assam)

তেওঁলোকে অভিযোগ কৰি কয় যে বাৰে বাৰে পোষ্ট কৰাটো এগৰাকী মৃত ৰাজহুৱা ব্যক্তিৰ চৰিত্ৰ হননৰ সমান আৰু ই চাইবাৰ অপৰাধ আৰু অন্যান্য চিনাক্তকৰণযোগ্য অপৰাধৰ অধীনত পৰিব পাৰে । তেওঁলোক আইন পালনকাৰী নাগৰিক বুলি উল্লেখ কৰি সদস্যসকলে আৰক্ষীক বিষয়টো পৰীক্ষা কৰি আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় ।

অভিযোগত সংশ্লিষ্ট ফেচবুক প্ৰফাইলত উল্লেখ কৰা কথিত ছ’চিয়েল মিডিয়া পোষ্ট আৰু যোগাযোগৰ তথ্যৰ লিংকো সন্নিবিষ্ট কৰা হৈছে । পত্ৰখনত সভাপতি বিষ্ণু শৰ্মা আৰু তেজপুৰ জুবিনিয়ানৰ সম্পাদক ৰিংকু নাথে স্বাক্ষৰ কৰে । আনহাতে তেজপুৰ জুবিনিয়ানছৰ প্ৰতিষ্ঠাপক তথা সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক তৃষাণু ভূঞাই কয় , "জুবিন গাৰ্গ সন্দৰ্ভত শিখা শৰ্মাই যি মন্তব্য প্ৰদান কৰিছে বহুদিনৰ পৰা আৰু আমি সেইটো লক্ষ্য কৰি আহিছো । জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাবেহে নাই; কিন্তু তেওঁৰ সত্তা-আদৰ্শ প্ৰতিগৰাকী অসমীয়াৰ মাজত আছে । এগৰাকী কায়িকভাবে নোহোৱা মহান শিল্পী, ভগৱানতুল্য ব্যক্তিৰ বিৰুদ্ধে এনেধৰণৰ অশ্লীল মন্তব্য দিয়াৰ পৰা যাতে সকলো বিৰত থাকে ।"

case has been filed against Sikha Sarma by the Tezpur Zubeenians for posting obscene content on social media
জুবিনিয়ানছৰ এজাহাৰ (ETV Bharat Assam)

শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি তেজপুৰ জুবিনিয়ানছৰ উপদেষ্টাগৰাকীয়ে তেজপুৰ সদৰ থানাৰ পৰাই সকীয়াই দিলে জুবিন গাৰ্গৰ বিষয়ে অশ্লীল মন্তব্য় কৰা শিখা শৰ্মাৰ লগতে অশ্লীল কথা কোৱা ব্যক্তিক । শিল্পীগৰাকী কায়িকভাবে নথকাৰ পিছত এনে কাৰ্য কৰিলে তেওঁলোকেই পদক্ষেপ ল’ব বুলিও সকীয়াই দিয়ে ।

তেজপুৰ জুবিনিয়ানছৰ সভাপতি বিষ্ণু শৰ্মাই কয়, "শিখা শৰ্মাই বহুদিনৰ পৰাই এনেধৰণৰ অশ্লীল মন্তব্য কৰি আহিছে আমি লক্ষ্য কৰি আহিছো । তেওঁ দাদা আৰু বৌৰ চৰিত্ৰৰ ওপৰত যথেষ্ট মন্তব্য কৰি আহিছে আৰু আমি যিমানখিনিলৈ পাৰি সহ্য কৰি আহিছিলো । কাৰণ তেওঁ এগৰাকী নাৰী; কিন্তু তেওঁ নিজে নিজৰ নাৰীৰ ভূমিকা পালন কৰিব পৰা নাই । সেইবাবে আমি আৰু সহ্য কৰিব নোৱাৰি ওলাই আহিছো আৰু অসমৰ প্ৰতিখন জিলাতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । আমি প্ৰশাসনক দাবী জনাইছো যে তেওঁৰ বিৰুদ্ধে বিচাৰ কৰি উচিত শাস্তি প্ৰদান কৰক ।"

লগতে পঢ়ক:জুবিনৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ: পুৱাই গোচৰ গৰিমা শইকীয়াৰ