এইবাৰ সাজু 'মায়াবিনী'; জুবিন গাৰ্গৰ জন্মদিনটোত এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ ব্যতিক্ৰমী প্ৰয়াস
জুবিন গাৰ্গবিহীন জন্মদিনটোত ব্যতিক্ৰমী পদক্ষেপ কেয়াৰ ইউ ৩৬৫ৰ । দৈনিক ৫০০ আৰ্তজনক যোগান ধৰিব দুপৰীয়াৰ আহাৰ ।

Published : November 18, 2025 at 10:10 PM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে আজিৰ দিনটোত ৰাজ্যবাসীয়ে উদযাপন কৰিছে তেওঁৰ ৫৩ সংখ্যক জন্মদিন । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ উপৰি বিভিন্নজনে ব্যক্তিগতভাৱেও ব্যতিক্ৰমীভাৱে এই জন্মদিন উদযাপন কৰিছে ।
গুৱাহাটী মহানগৰীৰ কেয়াৰ ইউ ৩৬৫ নামৰ সংগঠনটোৱে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটো বিশেষ ধৰণে উদযাপন কৰিছে । জন্ম দিনটোতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৰোগী, আত্মীয় তথা আৰ্তজনক ভোকৰ ভাত এসাঁজ যোগান ধৰাৰ বাবে এখন ফুড ভেন উদ্বোধন কৰে ।
এই ফুড ভেনখন উদ্বোধন কৰে স্বেচ্ছাসেৱী সংস্থাটোৰ লগত জড়িত থকা অভিনেতা যতীন বৰা, জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক দেৱজিৎ চৌধুৰীয়ে ।
এই পদক্ষেপ সন্দৰ্ভত কেয়াৰ ইউ ৩৬৫ৰ সভাপতি ভৃগু বৰঠাকুৰে কয়, "জুবিনদা আমাৰ মাজত নাই । জুবিনদাৰ সত্তাক জীয়াই ৰাখিবলৈ সকলোৱে প্ৰয়াস কৰি আছে । আমিও প্ৰয়াস কৰিছোঁ, এখন ফুড ভেন উদ্বোধন কৰিছোঁ । প্ৰথম পৰ্যায়ত আমি ছমাহ খাদ্য বিতৰণ কৰিম । ছমাহত সফল হ'লে আমি চলাই থাকিম । প্ৰতিদিনে দুপৰীয়া ৫০০ আৰ্তজনক দুপৰীয়াৰ আহাৰ যোগান ধৰিম ।"
আনহাতে, অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেতা যতীন বৰাই কয়, "জুবিন কায়িকভাৱে আমাৰ মাজত নাথাকিলেও জুবিনৰ বাবে আমাৰ মনত যিটো মৰম, শ্ৰদ্ধা, তাৰবাবে অসমবাসীৰ হিয়াৰ আমঠুৰ জন্মদিন উদযাপন কৰিছে । স্বেচ্ছাসেৱী সংস্থা কেয়াৰ ইউ ৩৬৫-এ ২০১৯ চনৰ পৰা বিভিন্ন কাম কৰি আছে । আজি জুবিনৰ জন্মদিনটোত মায়াবিনী নামৰ ফুড ভেনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল ।"

জুবিন গাৰ্গক স্মৰণ কৰি যতীন বৰাই লগতে কয়, "জুবিনে সদায় সাধাৰণ মানুহৰ লগত থাকি, সহায় কৰি ভাল পাইছিল । আমি জুবিনৰ সেই কথাত অনুপ্ৰাণিত হৈ কেয়াৰ ইউ ৩৬৫ৰ জৰিয়তে জি এম চি এইচত আৰ্তজনক এসাঁজ আহাৰ দিবলৈ চেষ্টা কৰিম । আজিৰ পৰা এই আহাৰ বিতৰণ কাৰ্য অব্যাহত থাকিব । যিসকলে আৰ্তজনক সহায় কৰিবলৈ আগ্ৰহী তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ।"
তেওঁ লগতে কয়, "বন্ধু হিচাপে এটায়ে কথা কওঁ, ইমান সোনকালে তাৰ যাবলৈ বয়স হোৱা নাছিল । আমি জুবিনৰ সপোনক জীয়াই ৰাখিব লাগিব । কৰ্মৰাজিৰে অনুপ্ৰাণিত হৈ নতুন নতুন কামেৰে আগবাঢ়ি যাব লাগিব ।"

