ETV Bharat / state

ভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ

বৃহস্পতিবাৰে শিলচৰত আছুৰ উদ্যোগত মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিশাৰ ভাগলৈ গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী দীপলিনা ডেকাই

Rongali Bihu 2026
ভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 5:02 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: বৃহস্পতিবাৰে ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়স্থলীলৈ পৰিণত হ'ল শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ ৷ ৰঙালী বিহু উপলক্ষে আছুৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰত আয়োজন কৰা হৈছিল মুকলি বিহু অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠান ভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হয় ৷

ৰঙালী বিহু উপলক্ষে বৃহস্পতিবাৰে আয়োজন কৰা মুকলি বিহু অনুষ্ঠানৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ৷ উক্ত অনুষ্ঠানতে সমাজৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক সম্বৰ্ধনা জনাই আছু নেতৃত্বই ৷

ভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ (ETV Bharat Assam)

লগতে বৰাকৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে প্ৰদৰ্শন কৰে তেওঁলোকৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান ৷ ইয়াৰ ভিতৰত আছিল বিহু নৃত্য, ধামাইল নৃত্যৰ লগতে ডিমাছা, মিচিং, নগা, ব্ৰু-ৰিয়াং, মণিপুৰী, মাৰ আদি জনগোষ্ঠীৰ শিল্পীয়ে প্ৰদৰ্শন কৰিৰে নৃত্য ৷ ইফালে নিশাৰ ভাগলৈ গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী দীপলিনা ডেকাই ৷

বিহু অনুষ্ঠান সম্পৰ্কে আছুৰ কাছাৰ জিলা কমিটীৰ উপদেষ্টা কৃষ্ণ মোহন সিঙে কয়,"বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা সকলোৱে বিহু পাতিব লাগে ৷ আমি আয়োজন কৰা বিহু অনুষ্ঠানত বৰাকত থকা ভিন্ন জাতি-জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰে ৷ ফলত আমাৰ ঐক্য-শান্তি, সম্প্ৰীতি, মত-বিনিময়, সংস্কৃতিৰ আদান প্ৰদান কৰাৰ লগতে বৈচিত্ৰময় অসমত ঐক্যতাৰ প্ৰতীক দেখা গ'ল ৷ বিহু কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমাবদ্ধ হ'ব নালাগে ৷ বিহু হৈছে অসমৰ পৰিচয় ৷"

তেওঁ লগতে কয়," ডিমাছা, কাৰ্বি, বেংগলী জাতি তথা বৰাকত থকা সকলো জাতি-জনগোষ্ঠীৰ লোকে বিহু পাতিব লাগে ৷ কেৱল অসমীয়াই বিহু পাতিলে নহ'ব ৷"

উল্লেখ্য যে, বৰাক উপত্যকাত বিহুৰ প্ৰভাৱ কম যদিও আছুৰ উদ্যোগত বৃহস্পতিবাৰে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা মুকলি বিহুৰ বিশেষ অনুষ্ঠানৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক:লখিমপুৰৰ বিহু বাকৰিত হাঁহিৰ ৰহঘৰা: উষ্ম আদৰণিৰে চেতনা দাসক 'আই অসমী' বঁটা প্ৰদান