জুবিন অনুৰাগীৰ মহানুভৱতা; কৰ্মচাৰীক দেখুৱালে 'ৰৈ ৰৈ বিনালে'
এটা দিনৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি সকলো কৰ্মচাৰীকে দেখুৱালে জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে' ।

Published : October 31, 2025 at 6:15 PM IST
গুৱাহাটী: মুক্তিৰ দিনটোতে ইটোৰ পিছত সিটো অভিলেখেৰে ধুমুহাৰ সৃষ্টি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ । সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশা প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি ৰৈ ৰৈ বিনালে ।
গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত পুৱতি নিশা ৪.২৫ বজাৰ পৰা আৰম্ভ হ'ল 'ৰৈ ৰৈ বিনালে'ৰ দৰ্শনী । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৪.২৫ বজাতে প্ৰদৰ্শিত হ'ল ছবি । ছবিখন মুক্তিৰ পূৰ্বে পুৱতি নিশা ৩.৩০ বজাতে ছবিগৃহত উপস্থিত হ'ল দর্শক ।
ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰ প্ৰতিটো দৰ্শনীতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ছবিখনে । প্ৰতিটো ছবিগৃহতে 'ৰৈ ৰৈ বিনালে' চাই দৰ্শকসকল আবেগিক হৈ ওলাই অহা পৰিলক্ষিত হৈছে । তাৰ মাজতে গুৱাহাটী মহানগৰীৰ এজন জুবিন অনুৰাগী তথা ব্যৱসায়ীয়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে । ৰাকেশ সিং নামৰ ব্যৱসায়ীজনে ছবিগৃহৰ এটা দৰ্শনী সম্পূৰ্ণ বুক কৰি তেওঁ বন্ধুবৰ্গৰ লগতে কৰ্মচাৰীসকলৰ লগত ছবিখন উপভোগ কৰিলে ।
ডিঙিত গামোচা লৈ সকলোৱে একেলগে উপভোগ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি । ছবিখন উপভোগ কৰি সকলো আবেগিক হৈ পৰে । তেওঁৰ সকলো ব্যৱসায়িক কাম বন্ধ কৰি কৰ্মচাৰীসকলক ছয়মাইলৰ গ্ৰেণ্ড ৰয়েল চিনেজ ছবিগৃহত (Grand Royal Cines) ছবিখন চাবলৈ লৈ আহে ।
এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "আমি সকলোৱে জুবিন অনুৰাগী । তেওঁ ছিংগাপুৰ যোৱাৰ পূৰ্বে মোৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰিছিল । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ছবিখন চাবলৈ আহিছোঁ । বহুখিনি কৰ্মচাৰী ৰৈ গৈছে । পৰৱৰ্তী সময়তো তেওঁলোকক ছবিখন দেখাবলৈ চেষ্টা কৰিম । জুবিন গাৰ্গৰ বাবে আমি একো কৰিব নোৱাৰিলো, সেয়েহে তেওঁক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছো ।"
লগতে পঢ়ক :সাংস্কৃতিক চহৰত 'ৰৈ ৰৈ বিনালে'ৰ প্ৰথম দৰ্শনী: কান্দি কান্দি ওলাই আহিল দৰ্শক

