ETV Bharat / state

শংকৰদেৱৰ দিনত 'সত্ৰাধিকাৰ' নাছিল, আছিল কেৱল 'ধৰ্মাচাৰ্য'হে : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া

'সত্ৰীয়া' আৰু 'সত্ৰাধিকাৰ' পদক লৈ বিতৰ্ক । ড৹ বাবুল চন্দ্ৰ দাসে স্পষ্ট কৰিলে স্থিতি ।

Burha Satriya of Barpeta Satra Babul Chandra Das react over Satradhikar and Satriya controversy
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 11:19 AM IST

4 Min Read
Choose ETV Bharat

বৰপেটা : শেহতীয়াকৈ 'সত্ৰীয়া' আৰু 'সত্ৰাধিকাৰ' পদক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এক সংবাদমেল সম্বোধন কৰি বুঢ়া সত্ৰীয়াগৰাকীয়ে সত্ৰৰ ইতিহাস, গুৰুজনাৰ আদৰ্শ আৰু বৰপেটা সত্ৰৰ অনন্য পৰম্পৰাৰ ওপৰত আলোকপাত কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । অসমবাসীক সেৱা জনাই আৰম্ভ কৰা সংবাদমেলখনত বুঢ়া সত্ৰীয়াই স্পষ্ট কৰি দিয়ে যে সত্ৰৰ সা-সম্পত্তিৰ গৰাকী কোনো সত্ৰাধিকাৰ নহয়, বৰঞ্চ সমগ্ৰ ৰাইজহে ।

শংকৰদেৱৰ দিনত 'সত্ৰাধিকাৰ' সলনি কেৱল 'ধৰ্মাচাৰ্য'হে আছিল : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া (ETV Bharat Assam)

মথুৰাদাস বুঢ়া আতা আছিল প্ৰথম সত্ৰাধিকাৰ :

ড৹ বাবুল চন্দ্ৰ দাসে চৰিত পুথিৰ প্ৰসংগ উত্থাপন কৰি কয়," যিসকলে চৰিত পুথি অধ্যয়ন কৰা নাই,তেওঁলোকে হয়তো এই বিষয়ে অৱগত নহয় । আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত 'সত্ৰাধিকাৰ' বুলি কোনো শব্দ নাছিল; সেই সময়ত কেৱল 'ধৰ্মাচাৰ্য'হে আছিল । পৰৱৰ্তী সময়ত মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰত মথুৰাদাস বুঢ়া আতাক প্ৰথম সত্ৰাধিকাৰ হিচাপে নিয়োজিত কৰিছিল ।"

Barpeta Satra
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ (ETV Bharat Assam)

সত্ৰাধিকাৰ শব্দৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি ড৹ বাবুল চন্দ্ৰ দাসে কয়, "যিজনে সমগ্ৰ সমাজ আৰু ভকত ৰাইজক লগত লৈ চলে,সেইজনেই হ’ল সত্ৰাধিকাৰ । সত্ৰাধিকাৰ হ’লেও তেওঁ সম্পূৰ্ণভাৱে সমাজৰ ওপৰত নিৰ্ভৰশীল ।"

সাধাৰণতে সমাজত ধাৰণা হয় যে সত্ৰাধিকাৰ মানে সত্ৰৰ সমস্ত সম্পত্তিৰ গৰাকী । এই ধাৰণা ভুল বুলি প্ৰতিপন্ন কৰি বুঢ়া সত্ৰীয়াগৰাকীয়ে কয়,"মহাপুৰুষ দুজনাই সত্ৰ বা নামঘৰ কোনো ব্যক্তি বিশেষ বা সত্ৰাধিকাৰৰ স্বাৰ্থত স্থাপন কৰা নাছিল । সত্ৰ বা নামঘৰ স্থাপন কৰা হৈছিল সাধাৰণ মানুহৰ বাবে,য’ত জাত-পাতৰ ভেদাভেদ পাহৰি সকলোৱে সমভাৱে বহি হৰি নাম গাব পাৰে ।"

মানুহ কেতিয়াও অধিকাৰী হ’ব নোৱাৰে :

Barpeta Satra
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ (ETV Bharat Assam)

বুঢ়া সত্ৰীয়াগৰাকীয়ে লগতে কয়," সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ অধিকাৰী হৈছে ঈশ্বৰ,মানুহ কেতিয়াও ইয়াৰ অধিকাৰী হ’ব নোৱাৰে । বৰপেটা সত্ৰত সমগ্ৰ ৰাইজৰ অধিকাৰ থকাৰ বাবেই ইয়াৰ ধৰ্মীয় মুৰব্বী দুজনক 'সত্ৰাধিকাৰ' বুলি কোৱাৰ পৰিৱৰ্তে 'সত্ৰীয়া' বুলি কোৱা হয় । য’ত ৰাইজ থাকে, তাতেই সত্ৰীয়া থাকে । সত্ৰীয়া হ’বলৈ হ’লে শৰণ-ভজনৰ পৰম্পৰা অনুসৰি গুৰু,নাম,দেউ আৰু ভকত-এই চাৰিটা বস্তু অপৰিহাৰ্য ।

মহাপুৰুষীয়া ধৰ্মৰ মূল দৰ্শনৰ কথা সোঁৱৰাই দি ড৹ বাবুল চন্দ্ৰ দাসে শংকৰদেৱৰ 'পাষণ্ড মৰ্দন'ৰ পদ ফাঁকি উদ্ধৃত কৰে, "তীৰ্থ বুলি কৰে জলত শুদ্ধি।প্ৰতিমাত কৰে দেৱতা বুদ্ধি। বৈষ্ণৱত নাই ইসব মতি। গৰুতো অধম কৃষ্ণ বদতি॥" তেওঁ কয় যে গুৰুজনাৰ আদৰ্শ আছিল নিৰাকাৰ ব্ৰহ্ম,য’ত কোনো বিগ্ৰহ বা আকাৰৰ স্থান নাই । গুৰুজনাৰ পৰৱৰ্তী সময়ত ব্ৰহ্ম, নিকা, কাল আৰু পুৰুষ-এই চাৰিটা সংহতিৰ জন্ম হ’লেও বৰপেটা সত্ৰই আজিও মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ মূল আদৰ্শকে আখৰে আখৰে পালন কৰি আহিছে ।

বৰপেটা সত্ৰত কোনো বংশানুক্ৰমিক প্ৰথা নাই :

সংবাদমেলত বুঢ়া সত্ৰীয়াগৰাকীয়ে বৰপেটা সত্ৰৰ অনন্য প্ৰশাসনীয় ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱবোধ কৰে । তেওঁ কয় যে উজনিৰ কমলাবাৰী, ভাটীৰ মধুপুৰ, মধ্য অসমৰ বৰপেটা আৰু দলদুৱা সত্ৰক কেন্দ্ৰ কৰিয়েই অসমৰ সত্ৰীয়া সংস্কৃতি পৰিচালিত হৈছে । আনকি বৰপেটা সত্ৰই মালা-নিৰ্মালি নিদিয়া পৰ্যন্ত বহু সত্ৰই পূৰ্ণাংগ ৰূপ নাপায় ।

সমগ্ৰ ভাৰতবৰ্ষতে বিৰল এক পৰম্পৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰপেটা সত্ৰত কোনো বংশানুক্ৰমিক প্ৰথা নাই । ইয়াত সত্ৰৰ দুই মুৰব্বী-'বুঢ়া সত্ৰীয়া' আৰু 'ডেকা সত্ৰীয়া'ক সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰা হয় । মথুৰাদাস বুঢ়া আতাৰ দিনৰ পৰা চলি অহা এই চাৰে চাৰিশ বছৰীয়া মহান গণতান্ত্ৰিক আদৰ্শৰেই আজিও বৰপেটা সত্ৰ পৰিচালিত হৈ আছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:সত্ৰাধিকাৰক 'মিঞা এজেণ্ট' আখ্যা দি বিপদত পৰিব নেকি বিধায়ক ভূৱন গাম ?

পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী