বিটিআৰ চুক্তি প্ৰতিটো দফাৰ সফল ৰূপায়ণৰ দাবীত এবছুৰ সমদল
বিটিআৰ চুক্তিক প্ৰতাৰণাৰ দিশে লৈ নাযাবলৈ সকীয়নি । ২১ নৱেম্বৰত যন্তৰ-মন্তৰত ধৰ্ণা ।

Published : October 29, 2025 at 8:39 PM IST
কোকৰাঝাৰ : ২০২০ চনৰ ২৭ ডিচেম্বৰত স্বাক্ষৰিত হৈছিল বিটিআৰ চুক্তি । এই চুক্তিৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণৰ বাবে আজি নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ই কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল উলিয়ায় ৷ ১০ দফীয়া দাবীত এবছুৰ নেতৃত্বত উলিওৱা উক্ত সমদলত ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে ।
কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানৰ পৰা পুৱা ১১ বজাত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত উলিওৱা উক্ত বিশাল প্ৰতিবাদী সমদলত সহস্ৰাধিক কৰ্মী-সদস্যই হাতে হাতে বেনাৰ,ফেষ্টুন-প্লে-কাৰ্ড লৈ বিভিন্ন সমদলৰে উত্তাল কৰে কোকৰাঝাৰ চহৰ । প্ৰতিবাদকাৰী সকলে 'আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰা', 'বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰক','ন'জাষ্টিচ ন'ৰেষ্ট' আদি ধ্বনিৰে কোকৰাঝাৰ চহৰৰ উত্তাল তোলে । কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানৰ পৰা উলিওৱা উক্ত সমদলটোৱে সদৰ চহৰ পৰিভ্ৰমণ কৰি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত উপস্থিত হৈ সামৰণি পেলায় । ইয়াৰ পিচতেই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ এবছুৱে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
বিটিআৰ চুক্তিক প্ৰতাৰণাৰ দিশে লৈ নাযাবলৈ সকীয়নি :
এবছুৰ সভাপতি দ্বীপেন বড়োই সংবাদ মাধ্যমৰ আগত কয়, “বিগত পাঁচ বছৰে বিটিআৰ চুক্তি ৰূপায়ণৰ বাবে চৰকাৰক দাবী জনাই আহিছো । ছয়টা সংগঠন আৰু প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ উপস্থিতিত উক্ত চুক্তি স্বাক্ষৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত যেতিয়াই ত্ৰিপাক্ষিক চুক্তিক লৈ আলোচনা কৰা হৈছিল তেতিয়াই চুক্তিৰ মূল দফা অৰ্থাৎ আত্মা বুলি অভিহিত কৰি ১২৫ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক অনুসৰি ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচীৰ সংশোধনৰ দাবী জনাই আহিছিল ;কিন্তু চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই ।" এই অভিযোগ উত্থাপন কৰি তেওঁ বিটিআৰ চুক্তিক প্ৰতাৰণাৰ দিশে লৈ নাযাবলৈ চৰকাৰক সকীয়াই দিয়ে । লগতে আগন্তুক সংসদৰ শীতকালীন অধিৱেশনতে ১২৫ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক অনুসৰি ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচীৰ সংশোধনৰ দাবী জনায় এবছুৰ সভাপতি গৰাকীয়ে ৷
জনজাতিসকলক ভূমিৰ অধিকাৰৰ প্ৰদান কৰাৰ দাবী :
তদুপৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসৱাস কৰা বড়ো-কছাৰী সকলক অনুসূচিত জনজাতিৰ (পাৰ্বত্য) মৰ্যাদা প্ৰদান কৰাৰ লগতে লগতে বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা প্ৰদান,বিটিচিৰ এলেকাৰ অন্তৰ্ভুক্ত বিদ্যালয়-মহাবিদ্যালয় আৰু বিটিচিৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ,শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা বিটিচিত অতিৰিক্ত গাঁও অন্তৰ্ভূক্তিকৰণ, বন অধিকাৰ আইন, ২০০৬ অনুসৰি জনজাতিসকলক ভূমিৰ অধিকাৰৰ প্ৰদান কৰাৰ তেওঁ দাবী জনায় ।
২১ নৱেম্বৰত যন্তৰ-মন্তৰত ধৰ্ণা :
এবছুৰ সভাপতিগৰাকীয়ে পৰিষদীয় সমষ্টিৰ সংখ্যা ৬০টালৈ বৃদ্ধি, বিটিচিত এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ মুকলি কৰা আদি বড়ো চুক্তিৰ দফা অচিৰেই ৰূপায়ণ কৰাৰো দাবী জনায় । এবছুৰ সভাপতি দ্বীপেন বড়োই কয়,"বিগত পাঁচ বছৰে চুক্তি ৰূপায়ণৰ বাবে চৰকাৰক দাবী জনাই আহিছো । চুক্তি ৰূপায়ণৰ দাবীত অহা ২০ নৱেম্বৰত নতুন দিল্লীত ছেমিনাৰ, ২১ নৱেম্বৰত যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।" চুক্তি ৰূপায়ণৰ দাবীত ডিচেম্বৰত কোকৰাঝাৰত দুই লাখ লোকৰ সমাৱেশেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও কয় এবছুৰ সভাপতিগৰাকীয়ে ।

