ETV Bharat / state

বিটিচিৰ সচিবালয়ৰ আক্ৰমণত কোন জড়িত আছিল ?

২৯ নৱেম্বৰৰ বিটিচি সচিবালয়ৰ আক্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ । ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিটিচি চৰকাৰেও পৰামৰ্শ দিছে ।

BTC Secretariat attack
বিটিচিৰ সচিবালয়ত আক্ৰমণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 11, 2025 at 8:54 AM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : "বিটিচি বিধান পৰিষদৰ সদনৰ আক্ৰমণৰ আঁৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জড়িত আছিল ! তেওঁলোকৰ প্ৰৰোচনাতে বিটিচি বিধান পৰিষদৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ।" এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ।

বুধবাৰে কোকৰাঝাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "কালি বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে । বিটিচি বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অব্যাহতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে । তদুপৰি বিটিচি বিধান পৰিষদৰ সদন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত কৰা হ'ব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । এই তদন্তৰ পাছত কোন সঁচা কোন, মিছা কোন সকলো ওলাই পৰিব ৷ এতিয়া গান গাই থাকি লাভ নাই ।"

বিটিচিৰ সচিবালয়ৰ আক্ৰমণ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্য (ETV Bharat)

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ সুবুং বসুমতাৰী, উপ পঞ্জীয়কৰ দায়িত্বত বিৰফুং নাৰ্জাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ ডিমাছা ডিব্ৰাং মুছাহাৰী আছে ৷

ইফালে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা হোৱা বুলি সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে । সভাৰ প্ৰস্তাৱ সন্দৰ্ভত তেওঁ কয়, "বৰ্তমানৰ জনজাতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি ৬ জনগোষ্ঠীৰ জনজাতিকৰণত বিটিচি চৰকাৰৰ আপত্তি নাই ।"

পূৰ্বৰ স্থিতিয়ে অক্ষুণ্ণ আছে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "চৰকাৰ হিচাপে আমাৰো দায়িত্ব আছে, কৰ্তব্য আছে, মতামত আছে । আমাৰ মতামত হ'ল বৰ্তমানৰ জনজাতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি ৬ জনগোষ্ঠীক 'ভি' নে 'পি' মৰ্যাদাৰে জনজাতি কৰে তাত আমাৰ আপত্তি নাই । কিন্তু বিটিচি এলেকাত দুটা এছ টি কেটেগৰী থাকিব নালাগে ।" 'ভি' বা 'পি' যিকোনো এটা হ'ব লাগে বুলি মন্তব্য কৰি বিটিচি এলেকাত জনজাতিকৰণ এটা কেটেগৰীৰ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে মহিলাৰীয়ে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী আহিব নামৰূপলৈ; মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ