এটাৰ পিছত আনটোকৈ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘বহুদিনৰ পাছত যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব, আমি তেওঁৰ ওচৰত কিবা এটা বিচাৰিম ।’’

Published : February 20, 2026 at 9:50 PM IST
কোকৰাঝাৰ: কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ লৈ যোৱা ৰে’ললাইন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ মাৰ্চৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিলে বি টি চিৰ উন্নয়নৰ কাৰণে এটা ভাল পেকেজ বিচাৰিব বুলি মন্তব্য কৰিছে বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
কোকৰাঝাৰ জিলাৰ ভিন ভিন স্থানত শুকুৰবাৰে একেদিনাই বি টি চি প্ৰধানগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত উক্ত মন্তব্য কৰিছে ।
মহিলাৰীয়ে কয় যে বহুদিনৰ পাছত যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব আমি তেওঁৰ ওচৰত কিবা এটা বিচাৰিম । ভাল পেকেজ এটা বিচাৰিব পাৰো আৰু প্ৰধানমন্ত্ৰীয়ে দি যাব বুলি আশা প্ৰকাশ কৰিছে মহিলাৰীয়ে ।
উল্লেখ্য যে শুকুৰবাৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে পি এম-অভিম(PM-ABHIM) আঁচনিৰ অধীনত ২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৫০ খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ হস্পিতাল নিৰ্মাণৰ আধাৰশিলা আৰু ভূমি পূজন সম্পন্ন কৰে ।
ইয়াৰোপৰি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতালত আনুষ্ঠানিকভাৱে প্ৰসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্য শাখাৰ নৱনিৰ্মিত চিকিৎসালয়খন মুকলি কৰে । এই শাখাটো প্ৰায় ১৫ দিনৰ ভিতৰত সাধাৰণ ৰাইজৰ বাবে কাৰ্যক্ষম হ’ব বুলি আশা কৰা হৈছে । উদ্বোধনৰ পিছত মহিলাৰীয়ে শাখাটোৰ পৰিদৰ্শন কৰি উপলব্ধ সেৱাসমূহৰ পৰ্যালোচনা কৰে আৰু কোকৰাঝাৰ মেডিকেল কলেজৰ আন্তঃগাঁথনি আৰু পৰ্যাপ্ত পৰিমাণে কৰ্মচাৰী নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হ’ব বুলি মন্তব্য কৰিছে ।

ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীয়ে জিলাখনৰ হৰিণাগুৰিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । উক্ত কাৰ্যসূচীৰ পিছত হাগ্ৰামা মহিলাৰী হালোৱাদলত উপস্থিত হয় আৰু হালোৱাদলত অত্যাধুনিক ফিল্ম ষ্টুডিঅ’ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰি কয় যে প্ৰাৰম্ভিক পৰ্যায়ত ফিল্ম ষ্টুডিঅ’ নিৰ্মাণৰ বাবে ১০ কোটি মোকলাই দিয়া হ'ব আৰু পৰ্যায়ক্ৰমে এই ধন ৫০-১০০ কোটিলৈ বৰ্ধিত হ’ব পাৰে বুলি মন্তব্য কৰিছে ।
প্ৰস্তাৱিত ষ্টুডিঅ’টোত চলচ্চিত্ৰ নিৰ্মাণ, চিনেমা শ্বুটিং, চিনেমা ছেট ডিজাইন, এনিমেশ্যন, অডিঅ’ ৰেকৰ্ডিং আৰু ভি এফ এক্স(VFX) প্ৰডাকশ্যনৰ দৰে আন সুবিধাসমূহ উপলব্ধ থাকিব বুলি জানিব পৰা গৈছে । এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে সাংস্কৃতিক ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলৰ সুবিধা হ'ব আৰু ৰেকৰ্ডিং বা চিনেমা নিৰ্মাণ কৰিবলৈ গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই ইত্যাদি ঠাইলৈ যাব নালাগিব বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।
তদুপৰি স্থানীয় যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতো প্ৰকল্পটো সহায়ক হ'ব বুলি সদৰি কৰি কোকৰাঝাৰক ডিজিটেল মিডিয়া আৰু সৃজনশীল কলাৰ আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত প্ৰকল্পটো সহায়ক হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে ।
ইপিনে সংবাদ মাধ্যমৰ এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে ৰাজ্যসভাত তিনিখন আসন খালি হ'ব, তাৰে এখন আসন বি পি এফৰ দলৰ পৰা বিচৰা হ'ব ৷ ৰাজ্যসভাত বি পি এফ দলৰ পৰা এজন মনোনিত কৰিলে ভাল হ'ব আৰু এইক্ষেত্ৰত আশাবাদী বুলি মন্তব্য কৰিছে ।
আনহাতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত মহিলাৰীয়ে কয় যে নিৰ্বাচনৰ দিন-তাৰিখ এতিয়ালৈ ঘোষণা কৰা হোৱা নাই ৷ কিন্তু বি পি এফে ২৫ ফেব্ৰুৱাৰীৰ পৰা জিলাভিত্তিক সমদল বাহিৰ কৰিব । ২৫ ফেব্ৰুৱাৰীত গোঁসাইগাঁৱত বি পি এফে ৰেলীৰ শুভাৰম্ভ কৰিব আৰু এই ৰেলী পৰ্যায়ক্ৰমে পৰ্বতঝোৰা, কোকৰাঝাৰ, বিজনী আদিৰ লগতে বি পি এফৰ ১০ খন জিলা সমিতিত এই ৰেলী অনুষ্ঠিত হ'ব । এই ৰেলীৰ দ্বাৰাই বি পি এফৰ শক্তি সম্পৰ্কে জানিব পৰা যাব আৰু ৰেলীৰ পিছতে বি পি এফ দলে ক’ত ক’ত নিৰ্বাচন খেলিলে জিকিব সেয়া গম পোৱা যাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।
উল্লেখ্য যে আজিৰ কাৰ্যসূচীত বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, বি টি চিৰ পাৰিষদ যুবিৰাজ বসুমতাৰী, ধনেশ্বৰ গয়াৰী, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰীসহ বিভাগীয় বিষয়া আৰু কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: কলিয়াবৰত ৫০কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন

