ETV Bharat / state

জোনাইত লোমহৰ্ষক হত্যাকাণ্ড: পোহপাল দিব নোৱৰাৰ বাবেই কুঠাৰেৰে ঘপিয়াই পত্নী-তিনি সন্তানক হত্যা শিক্ষকৰ

"প্ৰথমতে ডাঙৰ ছোৱালীক মাৰিলোঁ । তাৰ পিছত মানুহজনীক মাৰিলোঁ । তাৰ পিছত ল'ৰাটো আৰু ছোৱালীজনীক মাৰিলোঁ ।" হত্যাকাৰীৰ অকপট স্বীকাৰোক্তি ৷

Jonai Brutal murder
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 9:34 AM IST

5 Min Read
Choose ETV Bharat

জোনাই : জোনাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । শিক্ষক পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল তিনি সন্তানৰ । লগতে পত্নীকো হত্যা শিক্ষক স্বামীৰ । তেলাম বজাৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ।

হত্যাকাণ্ডত অভিযুক্ত ব্যক্তিগৰাকী গামচুক প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক । তেওঁৰ নাম ফিৰোজ আলী (৫৫) বুলি জানিব পৰা গৈছে । আনহাতে, থিতাতে মৃত্যু হৈছে কন্যা ৰিজিকা বেগম (৫), পুত্ৰ চাখিল আলী (৮) আৰু পত্নী চিনুৱাৰা বেগমৰ (৩৩) ।

কুঠাৰেৰে ঘপিয়াই একে পৰিয়ালৰ ৪ জনক হত্যা (ETV Bharat Assam)

আন এগৰাকী কন্যা নেইনা আখতাৰক (১৩) সংকটজনক অৱস্থাত চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰো মৃত্যু হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু ফৰেনছিক দলো উপস্থিত হৈছে ।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কি কয়

ঘটনা সংঘটিত হোৱা সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয় যে তেওঁ বুধবাৰে পুৱা ৫.৩০ মান বজাত ফিৰোজ আলীৰ ঘৰৰ সন্মুখেৰে বজাৰলৈ গৈছিল যদিও একো গম পোৱা নাছিল । আনহাতে, দুদিন পূৰ্বে অভিযুক্তক লগ পাইছিল যদিও তেওঁৰ অন্তৰ্দ্বন্দ্বৰ একো উমান পোৱা নাছিল । কি কাৰণত কি হ'ল একোৱে বুজি পোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।

আন এগৰাকী স্থানীয় লোকে জনোৱা মতে, তেওঁলোকে পুৱা জানিবলৈ পাৰে যে ফিৰোজ আলী নামৰ শিক্ষকগৰাকীয়ে তেওঁৰ গোটেই পৰিয়ালটোক কাটিলে । কিবা এটা হয়তো মানসিক সমস্যা থাকিব পাৰে বুলিও তেওঁ উল্লেখ কৰে । শুই থকা অৱস্থাতে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি তেওঁ জনায় ।

ইফালে অভিযুক্তৰ ঘৰলৈ আহি চাক্ষুস সাক্ষী হোৱা এগৰাকী মহিলাই কয়, "তেওঁৰ ঘৰত কিবাৰে কোবোৱাৰ দৰে শব্দ শুনিলোঁ । শব্দ শুনি মই আহিলোঁ । আহি এজন মানুহক ক'লোঁ যাওকচোন সিহঁতৰ ঘৰলৈ কি হ'ল মানুহ এজনৰো মাত-বোল নাই, ইমান শব্দ হৈ আছে । তেতিয়া এই মানুহজন গ'ল । তেতিয়া ভিতৰৰ পৰা "দৰ্জাখন নুখুলিবি দৰ্জাখন নুখুলিবি" বুলি ক'লে । তেতিয়া গৈ মই ভায়েকক মাতি আনিলোঁ । ফিৰোজ আলীয়ে যেতিয়া ভিতৰৰ পৰা দৰ্জা নুখুলিবি বুলি ক'লে তেতিয়া মই মনতে ভাবিলোঁ কিবা কৰিছে নেকি ? সেই বুলি ভাবি ভায়েকক মাতিবলৈ গ'লোঁ ।"

তেওঁ লগতে কয়, "মই আহি নাপাওঁতে ভায়েকে দৰ্জা খুলিলে । তাৰ কি ঘটনা হৈছে ভায়েকে গম পাব আৰু । শব্দটো ৪-৪.৩০ বজাৰ ভিতৰত হৈছিল । মতা-মাইকীৰ মাজত অলপ হাই-কাজিয়া হয়, কিন্তু ইমান ডাঙৰ ঘটনা আগতে হোৱা নাছিল । কাজিয়া-পেচালো একো হোৱা নাছিল কালি । সকলো নৰ্মেল আছিল ।"

এইগৰাকী আছিল দ্বিতীয় পত্নী

আনহাতে, স্থানীয় মহিলাগৰাকীয়ে জনোৱা মতে, ফিৰোজ আলীৰ এইগৰাকী আছিল দ্বিতীয় পত্নী । প্ৰথমগৰাকী নলবাৰীৰ আছিল । তেওঁৰ সৈতে বিবাহ বিচ্ছেদ হৈছে আৰু ল'ৰা ডাঙৰ হৈছে, বিয়া পাতিব পৰা হৈছে । এইগৰাকী পত্নীৰ ছোৱালী দুজনী আৰু ল'ৰা এটা । তেওঁ জনোৱা মতে, তেওঁলোক আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত আটাইকেইজনৰে প্ৰায় মৃত্যু হৈছিল ।

কিয় সংঘটিত কৰিলে এই নিৰ্মম কাণ্ড ? হত্যাকাৰী ফিৰোজ আলীয়ে কি কয় ?

ইফালে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো ঘটনাস্থলীতে আছিল হত্যাকাৰী পিতৃ তথা স্বামী ফিৰোজ আলী । তেওঁৰ মুখত নাছিল কোনো ধৰণৰ অনুতাপৰ চিন । সম্পূৰ্ণ যেন নিৰুদ্বেগ তেওঁ ।

হত্যাকাণ্ড কেনেদৰে সংঘটিত কৰিলে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "প্ৰথমতে ডাঙৰ ছোৱালীক মাৰিলোঁ । তাৰ পিছত মানুহজনীক মাৰিলোঁ । তাৰ পিছত ল'ৰাটো আৰু ছোৱালীজনীক মাৰিলোঁ ।"

আৰ্থিক অনাটনৰ বাবেই শেষ কৰিলে তিনিসন্তানসহ পত্নীৰ জীৱন

ইফালে ঘটনাস্থীলত উপস্থিত হোৱা সাংবাদিকে তেওঁ কিয় এই ঘটনা সংঘটিত কৰিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত ফিৰোজ আলীয়ে কয়, "মই ইহঁতক ভালকৈ পোহপাল দিব পৰা নাই, আৰ্থিক অনাটন । ১০ হাজাৰ টকাত চাকৰি কৰিবলগা হৈছে । ইহঁতৰ অভাৱ পূৰণ কৰিব নোৱাৰো ।"

ফাঁচি লাগে মোক

এই লোমহৰ্ষক ঘটনা সংঘটিত কৰাৰ পিছতো নিৰ্বাক-নিৰুদ্বেগ হৈ থকা ফিৰোজ আলীক যেতিয়া প্ৰশ্ন কৰা হৈছিল যে পৰিয়ালটোক মাৰি অকলে কেনেদৰে জীয়াই থাকিব । তেতিয়া তেওঁৰ পোনপটীয়া উত্তৰ, "ফাঁচি লাগে মোক ।"

আনহাতে, পাৰিবাৰিক বিবাদ বা কাজিয়া-পেচাল সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ফিৰোজ আলীয়ে কয়, "নাই নাই, একো কাজিয়া নাই । মোৰ মাইকীৰ নিচিনা ঠাণ্ডা আৰু ধৈৰ্যৱান মাইকী নাছিলেই । সেই কাৰণে মই বেছি মৰ্মাহত হ'লোঁ । ইহঁতে মই মৰিলে কেনেকৈ চলিব ।"

এনকাউণ্টাৰ বাবে ফাঁচিৰ দাবী স্থানীয় ৰাইজৰ

উল্লেখ্য যে স্থানীয় ৰাইজে জনোৱা মতে, অভিযুক্ত ফিৰোজ আলীয়ে তেলেম গামচুক প্ৰাথমিক বিদ্যালয়ত টিউটৰ হিচাপে শিক্ষকতা কৰি আহিছিল ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, টিউটৰ হিচাপে লাভ কৰা প্ৰায় ১০ হাজাৰ টকাৰ দৰমহাৰে পৰিয়াল পোহপাল দিয়াত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল । এই আৰ্থিক সমস্যাৰ বাবেই তেওঁ এনে ভয়ংকৰ ঘটনা সংঘটিত কৰে । অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ'ব ।

ইফালে, অভিযুক্ত ফিৰোজ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে । আনকি অভিযুক্তক এনকাউণ্টাৰ বা ফাঁচি প্ৰদানৰো দাবী উত্থাপন কৰিছে একাংশ ক্ষুব্ধ ৰাইজে ।

ইতিমধ্যে ঘটনাস্থলীত ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ ঘটনাৰ বিভিন্ন দিশ পৰীক্ষা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সৈতে জড়িত আন কোনো তথ্য আছে নেকি, সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মালবাহী ট্ৰাক চলাচল বন্ধৰ কৰাৰ হুংকাৰ ট্ৰাক চালকৰ