ETV Bharat / state

আস্থা নাই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত: এতিয়া মাজুলীবাসীৰ নেদেখাজনেই শেষ ভৰসা

খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰৰ পূজা-সেৱা । নদীৰ পাৰত নাম-প্ৰসংগ কৰি বুঢ়া লুইতক সন্তুষ্ট কৰাৰ চেষ্টা শালমৰাবাসীৰ ।

Majuli Brahmaputra pujan
খহনীয়া প্ৰতিৰোধৰ বাবে মাজুলীত ব্ৰহ্মপুত্ৰৰ পূজা-সেৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2025 at 5:19 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী : পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ । কিন্তু পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো খহনীয়াৰ কবলত পৰি ইয়াৰ মূল ভূখণ্ড সংকুচিত হৈ আহিছে । প্ৰতিবছৰে নদীৰ বুকুত বিলীন হৈছে ঘৰ-বাৰী, কৃষিভূমি । গৃহহীন-ভূমিহীন হৈছে বহু পৰিয়াল ।

ব্ৰহ্মপুত্ৰ বোৰ্ডে শ শ কোটি টকাৰে সুৰক্ষাৰ কাম কৰি আছে যদিও মাজুলীৰ মূল ভূখণ্ডৰ এটুকুৰা ভূমিও সুৰক্ষা দিব পৰা নাই । চৰকাৰে এই খহনীয়া ৰোধৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও আজিৰ তাৰিখতো বিভিন্ন স্থানত খহনীয়া অব্যাহত আছে ।

খহনীয়া প্ৰতিৰোধৰ বাবে মাজুলীত ব্ৰহ্মপুত্ৰৰ পূজা-সেৱা (ETV Bharat Assam)

মাজুলীৰ ভকত চাপৰিৰ গৰুখুঁটি, শালমৰাত এতিয়াও ভয়াৱহ খহনীয়া অব্যাহত আছে । খৰালি নদীৰ তীব্র খহনীয়া অব্যাহত থকাৰ বাবে বুধবাৰৰ পৰা শালমৰাত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান । নদীৰ পাৰত নাম-প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰাৰ চেষ্টা শালমৰাবাসীৰ ।

আনহাতে, বৃহস্পতিবাৰে পুৱাৰে পৰা ভিন্ন ধৰ্মীয় বিধিৰে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ভুৱন মোহন বিগ্ৰহ অনা হয় শালমৰালৈ । নদীৰ পাৰত পূজা-সেৱা আগবঢ়াই খহনীয়াগ্ৰস্ত ৰাইজে । সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীয়ে পূজা, হোমযজ্ঞ কৰি ভোগ দিয়ে ব্ৰহ্মপুত্ৰক ।

লোকবিশ্বাস অনুসৰি, দক্ষিণপাট সত্ৰৰ ভুৱন মোহন বিগ্ৰহ নদীৰ পাৰত ৰাখি নদীত ভোগ দিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ হয় । এই জনবিশ্বাস অনুসৰি শালমৰাৰ খহনীয়া প্ৰতিৰোধৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । গায়ন-বায়ন, আয়তীৰ উৰুলি, শংখ ধ্বনিৰে নৈৰ পৰাত প্ৰতিষ্ঠা কৰা হয় ভুৱন মোহনৰ বিগ্ৰহ ।

Majuli Brahmaputra pujan
খহনীয়া প্ৰতিৰোধৰ বাবে মাজুলীত ব্ৰহ্মপুত্ৰৰ পূজা-সেৱা (ETV Bharat Assam)

এতিয়া ৰাইজৰ ভৰসা নেদেখাজনৰ ওপৰত । বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰা মাজুলীৰ সুৰক্ষা সম্ভৱ নোহোৱাত নেদেখাজনাৰ ওপৰতেই শেষ ভৰসা নৈপৰীয়া ৰাইজৰ । যাৰ বাবে শালমৰা গাঁৱৰ ৰাইজ একত্ৰিত হৈ নদীৰ পাৰত হোম-যজ্ঞ কৰি ভোগ দিয়ে ব্ৰহ্মপুত্ৰ বাবাক ।

এই সন্দৰ্ভত দাক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে কয়, "... পৰম্পৰাৰে ব্ৰহ্মপুত্ৰকো শ্ৰদ্ধা জনোৱাৰ নিয়ম আছে যদিও ব্ৰহ্মপুত্ৰৰ বিশেষ বিধি নাছিল । দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ বাসুদেৱ প্ৰভু ঈশ্বৰে ব্ৰহ্মপুত্ৰৰ তান্ত্ৰিক নিয়মেৰে এখন বিধি নিৰ্মাণ কৰিছিল । আৰু সেই বিধিৰে ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনা কৰিলে ভগৱান সন্তুষ্ট হয় বুলি পৰম্পৰা দক্ষিণপাট সত্ৰত চলি আছে । কোনো জেগাত যদি ব্ৰহ্মপুত্ৰৰ কোপদৃষ্টি হয়, ৰাইজৰ অনুৰোধমৰ্মে তাত ২৪ ঘণ্টা বা বাৰঘণ্টীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰৰ পূজা কৰা পৰম্পৰা আছে ।"

লগতে পঢ়ক :জানুৱাৰীত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনাৰ প্ৰবল সম্ভাৱনা
লগতে পঢ়ক :কৌন বনেগা কৰোড়পতি’ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভুৱা ভিডিঅ’ প্ৰস্তুত: মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কীকৰণ