ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬, এইবাৰৰ বিশেষত্ব কি ?
৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬ । 'লয়, শব্দ আৰু শিল্পৰ সংগম–মানৱতাৰ কণ্ঠৰ উদযাপন'-থীমেৰে অনুষ্ঠিত কৰা হ'ব এই উৎসৱ ।

Published : January 7, 2026 at 7:09 PM IST
শিৱসাগৰ: অসম তথা উত্তৰ-পূব ভাৰতৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে উৎসৰ্গিত বেচৰকাৰী সংস্থা ‘আধাৰশিলা ট্ৰাষ্ট’ৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰত আয়োজন কৰা হৈছে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬ । ২০২৬ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ আনুষ্ঠানিক উদ্বোধন কৰা হ’ব ৫ ফেব্ৰুৱাৰীত ।
মূল বিষয়বস্তু আৰু লক্ষ্য এইবৰ্ষৰ উৎসৱৰ মূল বিষয়বস্তু(Theme) হৈছে - 'লয়, শব্দ আৰু শিল্পৰ সংগম – মানৱতাৰ কণ্ঠৰ উদযাপন' । বিশিষ্ট সাহিত্যিক তথা আধাৰশিলাৰ মুখ্য ন্যাসৰক্ষী আৰু উৎসৱৰ সঞ্চালিকা ড৹ ৰীতা চৌধুৰীৰ বলিষ্ঠ নেতৃত্বত আয়োজিত এই উৎসৱে দেশ, ভাষা আৰু সংস্কৃতিৰ মাজত একতাৰ সেতু গঢ়ি তোলাৰ লগতে এই অঞ্চলটোৰ কলাত্মক সত্তাক বিশেষভাৱে প্ৰতিফলিত কৰিব ।
উৎসৱৰ বিশেষ আকৰ্ষণসমূহ: গৌৰীপুৰত আৰম্ভণি অনুষ্ঠান
কলা-সংস্কৃতিৰ সাধক ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, প্ৰমথেশ বৰুৱা আৰু ৰাজবাৰীৰ প্ৰখ্যাত মহিলাসকলৰ স্মৃতি তৰ্পণেৰে এই যাত্ৰাৰ আৰম্ভণি হ’ব ।
আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ
এইবাৰ উৎসৱত হাংগেৰী, ম্যানমাৰ, শ্ল’ভাকিয়া, মালয়েছিয়া, ত্ৰিনিদাদ আৰু কেনিয়াৰ বহুকেইগৰাকী বিশিষ্ট বক্তা আৰু শিল্পীয়ে অংশগ্ৰহণ কৰিব ।
ব্যতিক্ৰমী উদ্বোধন
কেনিয়াৰ মাছাইমাৰাৰ লাপিট অলে না জাপিত আৰু মৰাণ জনগোষ্ঠীৰ মাৰ্টিনা মৰাণে যৌথভাৱে উৎসৱৰ তোৰণ উন্মোচন কৰিব ।
জনগোষ্ঠীয় ঐতিহ্য
উৎসৱত বড়ো আৰু মিচিং জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা, কলা আৰু খিলঞ্জীয়া লোককথাক বিশেষভাৱে প্ৰদৰ্শন কৰা হ’ব ।
ঐতিহাসিক স্মৰণ
ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ আৰু অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া যাত্ৰাক লৈ বিশেষ আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে । ইয়াৰ উপৰি পাৰমাণৱিক বোমা বিস্ফোৰণৰ ৭০ বছৰ আৰু ‘শিল্পীৰ পৃথিৱী’ৰ ৭৮ বছৰীয়া যাত্ৰাকো এই মঞ্চত স্মৰণ কৰা হ’ব ।
গ্ৰন্থ উন্মোচন ও সমাজসেৱা
আইৰিছ মেকফাৰলেনৰ গ্ৰন্থ ‘Children of Bird God Hill’ উন্মোচন কৰা হ’ব আৰু এই গ্ৰন্থৰ পৰা প্ৰাপ্ত ৰয়েল্টি চাহ জনজাতিৰ শিশুসকলৰ শিক্ষাৰ বাবে উৎসৰ্গা কৰা হ’ব ।
মণিপুৰী ৰাজকুমাৰী বিনোদিনী দেৱীৰ জন্মজয়ন্তী
তেওঁৰ সাহিত্যিক উত্তৰাধিকাৰক সন্মান জনাই পুত্ৰ এল সোমী ৰায়ৰ উপস্থিতিত জন্মদিন পালন কৰা হ’ব । উৎসৱৰ সন্দৰ্ভত সঞ্চালিকা ড৹ ৰীতা চৌধুৰীয়ে কয়, "ব্ৰহ্মপুত্ৰ কেৱল এখন নদী নহয়, ই মানৱতাৰ এক বিশাল আৰু অন্তৰ্ভুক্তিমূলক ৰূপক । আমাৰ পাহাৰ আৰু নদীৰ লয়ৰ মাজেৰে এই উৎসৱ মানৱতাৰ এক মিলনভূমিত পৰিণত হ’ব ।"
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে । গ্ৰন্থ উন্মোচন, পেনেল আলোচনা, লোক-সংস্কৃতিৰ অনুষ্ঠান আৰু ৰুবুল মাউতৰ সৈতে অনলাইন বাৰ্তালাপকে ধৰি বিচিত্ৰ কাৰ্যসূচীৰে এই উৎসৱ সকলোৰে বাবে মুকলি থাকিব ।

