ETV Bharat / state

অতীতৰ পৰম্পৰাৰে আজিও কন্দলীৰ জাপিসজীয়া গাঁৱত বৰদৈচিলা উৎসৱ উদযাপন

বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বৰদৈচিলাক আদৰণি ৷ নগাঁও জিলাৰ কন্দলীৰ জাপিসজীয়া গাঁৱত শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ উদযাপন ।

Assamese month of Bohag
কন্দলীৰ জাপিসজীয়া গাঁৱত বৰদৈচিলা উৎসৱ উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 16, 2026 at 1:25 PM IST

2 Min Read
Choose ETV Bharat

বঢ়মপুৰ : পৰম্পৰা আৰু জনবিশ্বাসৰ অনন্য নিদৰ্শন দাঙি ধৰি প্ৰতিবছৰৰ দৰে এইবেলিও নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলীৰ জাপিসজীয়া গাঁৱত শতিকাৰ প্ৰাচীন বৰদৈচিলা উৎসৱ উদযাপন কৰা হয় । অসমীয়াৰ নৱবৰ্ষৰ পহিলা দিনটোত অঞ্চলটোৰ ৰাইজে মিলি হৰি মন্দিৰত আড়ম্বৰপূৰ্ণভাৱে এই উৎসৱ উদযাপন কৰে ।

বৰদৈচিলাই যাতে তাণ্ডৱৰ সৃষ্টি নকৰে তাৰ বাবেই গাঁৱৰ ৰাইজে নাম-কীৰ্ত্তন কৰাৰ লগতে গাঁওখনৰ সামূহিক উন্নয়ন আৰু মাৰি-মৰক তথা অপায়-অমংগৰ দূৰ হ'বৰ বাবেই প্ৰতিবছৰে পহিলা ব'হাগত উদযাপন কৰি আহিছে এই উৎসৱ । ৰাইজে নাম কীৰ্তন কৰি অপায়-অমংগল থৈ আহে দূৰৰ বটগছৰ তলত । অস্থায়ী দৰা-কইনাক অযান্ত্ৰিক বাহনত উঠাই ৰাইজে শোভাযাত্ৰা কৰে ।

কন্দলীৰ জাপিসজীয়া গাঁৱত বৰদৈচিলা উৎসৱ উদযাপন (ETV Bharat Assam)

এই সম্পৰ্কত গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি পোনানন্দ গগৈয়ে কয়, "আমাৰ এই কন্দলী অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ব’হাগী আদৰণি পৰ্বভাগ প্ৰতিবছৰে ব’হাগৰ এক তাৰিখত আমি ইয়াতে সমবেত হৈ পালন কৰো ৷ ঢোলে-দগৰে ব’হাগীক ধুনীয়াকৈ আদৰণি জনাই এক কিলোমিটাৰ মান নাম-কীৰ্ত্তন কৰি এজোপা বৃহৎ আঁহতৰ তলত ব’হাগীক তাতে নি থওগৈ । এয়া আমাৰ এক পৰম্পৰা ।’’

তেওঁ কয়, ‘‘জনবিশ্বাস আছে যে ব’হাগী বৰদৈচিলা সদায় ব’হাগত আহে । গতিকে তেখেতে যাতে ৰাইজৰ কোনো অহিত চিন্তা নকৰে, তাৰ বাবে আমি তেখেতক ধুনীয়াকৈ আদৰণি জনাওঁ । পৰম্পৰা হিচাপে আমি আগৰ পৰাই কৰি আহিছো আৰু আগলৈও কৰি থাকিম ।’’

Assamese month of Bohag
কন্দলীৰ জাপিসজীয়া গাঁও (ETV Bharat Assam)

গাঁওখনৰ আন এজন জ্যেষ্ঠ ব্যক্তি নৱীন চন্দ্ৰ গগৈ কয়, "পাৰ্বতী হেমন্ত ৰজাৰ জীয়েক । পাৰ্বতী বৰদৈচিলাৰ ৰূপধাৰণ কৰি এফালৰ পৰা তহিলং কৰি নিয়ে ৷ সেয়ে ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি মা পাৰ্বতীক সেৱা জনাওঁ ।"

উল্লেখ্য যে, এয়া আমাৰ সমাজৰ পৰম্পৰা আৰু জনশ্ৰুতি । এই জনশ্ৰুতি আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ সমাজ ব্যৱস্থা চলি আহিছে ৷

লগতে পঢ়ক : ঢোল-পেঁপাৰ মাতেৰে মুখৰিত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ