ETV Bharat / state

সীমাক লৈ আমি কেতিয়াও আত্মঘাতী সিদ্ধান্ত নলও: অতুল বৰা

অসম-নাগালেণ্ড সীমান্তত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা । বুজ ল'লে পৰিস্থিতিৰ ৷

Minister Atul Bora visited the tense assam-nagaland border
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2026 at 1:40 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: বিগত কেইবাদিনো ধৰি অসম-নাগালেণ্ড সীমান্তত অব্য়াহত আছে তীব্ৰ উত্তেজনা । শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে ঘটনাস্থলীত উপস্থিত হয় সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা । যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ভ্ৰমণৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীগৰাকীয়ে এই সীমান্তৱৰ্তী অঞ্চলটো পৰিদৰ্শন কৰে ।

অসমৰ ভূমিত নগা দুষ্কৃতিকাৰীয়ে ভাবুকি প্ৰদান কৰি চৰকাৰী উন্নয়নমূলক কাম-কাজ বন্ধ কৰি দিয়াৰ প্ৰায় এসপ্তাহ পাছত চৰকাৰী প্ৰতিনিধি দলটোৱে সীমান্তত পদাৰ্পণ কৰে । মন্ত্ৰীগৰাকীয়ে ক্ষুব্ধ সীমান্তবাসীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস দিয়ে ।

সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

দুয়োখন ৰাজ্য়ৰ মাজত চলি থকা সীমা সমস্যা সন্দৰ্ভত মন্ত্ৰী বৰাই কয়,"মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মৰিয়নী সীমান্তলৈ আহিছো । এই বিষয়ে নাগালেণ্ড প্ৰশাসনকো জনোৱা হৈছে, তেওঁলোকো আহিছে । নগাৰ লগত সম্পৰ্ক দীৰ্ঘদিনীয়া । এসময়ত আমি একলগে আছিলো, কংগ্ৰেছ চৰকাৰৰ দিনতেই আমাৰ ৰাজ্য বহুধা বিভক্ত হৈছিল । মুখ্যমন্ত্ৰীয়ে কৈছিল আমাৰ দীৰ্ঘদিনীয়া সীমা সমস্যা আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰিব, সেই মতে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচলৰ লগত আলোচনা কৰি বহুখিনি আগবাঢ়ি গৈছো । তাত ৰিজ'নেল কমিটী গঠন কৰা হৈছে । "

Minister Atul Bora visited the tense assam-nagaland border
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ (ETV Bharat Assam)

তাৰ পিছত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা হোৱাৰ লগতে মন্ত্ৰী পৰ্যায়তো আলোচনা হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "এনেধৰণে আমি নাগালেণ্ডৰ লগত আগবাঢ়িব পৰা নাই । এই বিষয়টো ন্যায়ালয়ৰ মজিয়াত আছে, তথাপি সময়ে সময়ে আলোচনা হৈছে । সমগ্ৰ বিষয়টো পুনৰ আলোচনাৰ প্ৰয়োজন আছে, প্ৰশাসনিক পৰ্যায়তে হওক বা ৰাজনৈতিক পৰ্যায়ত হওক । এনেধৰণৰ সংঘাত হৈ থাকিলে সীমান্তত উন্নয়ন নহ'ব, ফলত দুয়োখন ৰাজ্যৰ সীমান্তবাসীয়ে এয়া ভোগ কৰিব লাগিব ।"

Minister Atul Bora visited the tense assam-nagaland border
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ (ETV Bharat Assam)

সীমা সমস্যা সোনকালে সমাধান হোৱাৰ আশা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ইয়াৰ বাবে দৃঢ়তাৰে মুখ্যমন্ত্ৰী আগবাঢ়িছে । সীমাক লৈ আমি কেতিয়াও আত্মঘাতী সিদ্ধান্ত নলও, আলাপ-আলোচনাৰ মাজেৰে আগবাঢ়ি যাব বিচাৰো । সমগ্ৰ বিষয়টো বুজ লৈ এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু ৰাজনৈতিক পৰ্যায়ত বিষয়টো উত্থাপন কৰিম ।"

উল্লেখ্য যে মৰিয়নীৰ ৬১ নং কাটনি পঞ্চায়তৰ ২নং ৱাৰ্ডৰ নাগাজাংকাত এমজি এনৰেগাৰ অধীনত চলি থকা কাম নগা প্ৰশাসনে বন্ধ কৰি দিয়াৰ পিছতেই সীমান্তত উত্তেজনা বিৰাজ কৰি আহিছিল । মন্ত্ৰী অতুল বৰাৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণকালত সংগ দিয়ে মৰিয়নীৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী আৰু জিলা আৰক্ষী অধীক্ষকে ।

লগতে পঢ়ক:অসমৰ সীমাৰ ভিতৰতেই মহিলাৰ নিৰাপত্তা নাই, নাগালেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

নগাৰ ওচৰত সেও মানিলে অসম প্ৰশাসন? ভাঙি দিয়া হ'ল ফলক