ETV Bharat / state

ঐতিহাসিক বৰভেটি : প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী শুনিলে আপুনিও আচৰিত হ'ব !

যোৰহাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ভক্তৰ আগমন হয় ১৭৬৮ খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা হোৱা বৰভেটিলৈ ।

Jorhat Borbheti
ঐতিহাসিক বৰভেটি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 4:07 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : অসমৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহৰ ভিতৰত অন্যতম যোৰহাটৰ বৰভেটি । অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ লগতে এই ঐতিহাসিক ধৰ্মীয় স্থান বৰভেটিলৈ দেশৰ আৰু বিদেশৰ পৰাও ভক্তসকল আহে ।

প্ৰত্যেকে ইয়ালৈ আহি সেৱা লয় আৰু মনোকামনাৰ বাবে প্ৰাৰ্থনা কৰে । এই পবিত্ৰ বৰভেটিক লৈ এক লোকবিশ্বাস আছে যে যদি কোনো লোকে ইয়াত লোণ (নিমখ) দান দিয়ে, তেনেহ'লে ভক্তৰ মনোকামনা পূৰণ হয় ।

বৰভেটিৰ ইতিহাস (ETV Bharat)

কোনে, কেনেকৈ প্ৰতিষ্ঠা কৰিছিল বৰভেটি ?

যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এই ঐতিহাসিক বৰভেটি । ইয়াৰ ইতিহাস অনুসৰি আহোম ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজদেৱৰ নেতৃত্বত পুত্ৰ সপ্তভুজৰ সহায়ত ১৭৬৮ খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিচঁৰতি হৈ থকা শিষ্যসকলক আমন্ত্ৰণ জনোৱা হৈছিল । সেই অনুসৰি প্ৰত্যেকে গামোচাত এচপৰাকৈ মাটি বান্ধি আনিছিল । তথ্য অনুসৰি প্ৰায় ৮ লাখ ৯০ হাজাৰ ভক্তই এচপৰাকৈ মাটি আনিছিল আৰু মালৌ পথাৰত বৰভেটি নিৰ্মাণ কৰিছিল ।

Borbheti
শ্ৰীশ্ৰী অষ্টভুজদেৱৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল বৰভেটি (ETV Bharat)

বৰভেটিৰ ইতিহাস আৰু জনবিশ্বাস

ইতিহাস প্ৰসিদ্ধ বৰভেটিৰ ইতিবৃত্তৰ বিষয়ে ড৹ লক্ষ্মীকান্ত হাজৰিকাই বিৱৰি কয় । তেওঁ কয়, "১৭৬৮ খ্ৰীষ্টাব্দৰ কথা, তেতিয়া ৰাজপাটত আছিল ৰাজেশ্বৰ সিংহ । সেই সময়ছোৱাত খুটীয়াপোটা মায়ামৰা সত্ৰৰ অষ্টম সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী অষ্টভুজদেৱ । সেই সময়ত খুটীয়াপোটা সত্ৰখনে কেইবাটাও সমস্যাৰ সন্মুখীন হৈছিল । প্ৰধান সমস্যাটো আছিল লুইতে(ব্ৰহ্মপুত্ৰ) সত্ৰখন খহাই আনিছিল, তদুপৰি সেই সময়ৰ অসমৰ যিমান ভক্ত আছিল তাৰ অধিক সংখ্যকে খুটীয়াপোটা সত্ৰৰ শিষ্য আছিল, সেই কথাত ৰজা আৰু বহু সত্ৰ অসন্তুষ্ট হৈছিল । সেই কাৰণেও তেওঁ এটা চিন্তা কৰিলে যে এই সত্ৰখন অন্য স্থানলৈ স্থানান্তৰিত কৰিব লাগে আৰু এক সুৰক্ষিত স্থানত প্ৰতিষ্ঠা কৰিব লাগে ।"

Borbheti
প্ৰতিদিনে অজস্ৰ ভক্তৰ আগমন হয় (ETV Bharat)

ড৹ লক্ষ্মীকান্ত হাজৰিকাই লগতে কয়, "অষ্টভুজদেৱে মালৌপথাৰ কৰোকাতলিৰ এই স্থান নিৰ্বাচন কৰিলে । এই স্থানত এটা বৃহৎ জলাশয় আছিল । ৬০ হাত আৰু ২৪ হাত এটা দ জলাশয় আছিল । এই স্থানতে তেওঁ সত্ৰ নামঘৰৰ ভেটি স্থাপন কৰিব । তাৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ সিচঁৰিত হৈ থকা তেওঁৰ যিমান শিষ্য আছিল সকলোকে তেওঁ আহ্বান কৰিলে যে এই স্থানত নামঘৰৰ ভেটিটো বনাই দিব লাগে ।" তেওঁ জনোৱা মতে সেই অনুসৰি এই স্থানলৈ ভক্তসকলে প্ৰত্যেকে এচপৰাকৈ মাটি অনাৰ সিদ্ধান্ত লয় । কিন্তু এজন লোকে এচপৰাতকৈ অধিক মাটি দিব নোৱাৰিব বুলিও তেওঁ চৰ্ত দিছিল । ৮ লাখ ৯০ হাজাৰ ভক্তই গামোচাত এচপৰাকৈ মাটি আনি এই ভেটি নিৰ্মাণ কৰিছিল । ফলত ৩০ নল বহল আৰু ১৩০ নল দীঘল হোৱাৰ লগতে ২৪ হাত দৰ পৰা ৬০ হাত ওপৰলৈ উঠিছিল এই ভেটিটো । এই ভেটিটো নিৰ্মাণ কৰিবলৈ ৬ মাহ সময় লাগিছিল আৰু ইয়াৰ কাম আৰম্ভ হৈছিল শৰৎ কালত ।

ড৹ লক্ষ্মীকান্ত হাজৰিকাই জনোৱা মতে পূৰ্বতে ইয়াক কীৰ্তন ঘৰ, গোৱৰ্ধন পৰ্বত বা ৰত্নগিৰি পৰ্বত বুলিও জনা গৈছিল । কিন্তু নামঘৰৰ ভেটিটো ওখ হোৱাৰ বাবে ই বৰভেটি বুলি জনাজাত হৈ পৰিল । এই কামত অষ্টভুজদেৱক সহায় কৰিছিল তেওঁৰ পুত্ৰ সপ্তভুজৰ লগতে সত্ৰীয়া গাঁওবুঢ়াই । আনহাতে এই ভেটিটো নিৰ্মাণত জড়িতসকলৰ খোৱা-বোৱাৰ বাবে অষ্টভুজদেৱে ওচৰতে এটা ভেটি নিৰ্মাণ কৰাইছিল, সেই ভেটিক মজিয়াভেটি বুলিও জনা গৈছিল । এই সন্দৰ্ভত তেওঁ কয়, "মজিয়াভেটি দীঘে-পথালিয়ে সমান আৰু ইয়াৰ এলেকাতো ২৪ বিঘা আছিল ।"

Borbheti
ভক্তসকলে মনোকামনা পূৰণ হোৱাৰ মানসেৰে বৰভেটিত নিমখ দান দিয়ে (ETV Bharat)

নিমখ দান দিয়ে ভক্তই

জনবিশ্বাস অনুসৰি বৰভেটিত লোণ (নিমখ) দান দিলে ভক্তৰ মনোকামনা পূৰণ হয় । ইফালে ভগৱানক সন্তুষ্ট কৰিবলৈ ৰাইজে ন চাউল ইয়াত অৰ্পণ কৰে । বৰভেটিৰ কৃপাতে মালৌপথাৰ অঞ্চলটোত শস্য নদন-বদন হৈ পৰে বুলিও বিশ্বাস কৰা হয় । যাৰ বাবে ইয়াত ন লগোৱা উৎসৱৰ আয়োজন কৰা হয় । ন লগোৱা উৎসৱৰ বাবে বৰভেটি জনাজাত । আনকি ২৫৮ বছৰ ধৰি ইয়াত এই ন লগোৱা উৎসৱো আয়োজন কৰি থকা হৈছে । আনহাতে এই তীৰ্থভূমিলৈ অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও ভক্তসকল সেৱা ল'বলৈ আহে । অৱশ্যে এই তীৰ্থভূমিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত এতিয়াও বহুলোকে ইয়াৰ মহত্বৰ বিষয়ে অৱগত নহয় । চৰকাৰী পক্ষইও এইক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ আছে ।

লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল