ETV Bharat / state

ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত ডেৰ কোটিতকৈও অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী

এইবাৰ অভিলেখ ৰচিলে শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱত আয়োজিত অসম গ্ৰন্থমেলাই ।

Nalbari Raas Mahotsav Book Fair
ৰাস মহোৎসৱত আয়োজিত অসম গ্ৰন্থমেলাত অভিলেখ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 4:02 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : সামৰণি পৰিল ৯২ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ । নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱৰ সোমবাৰে নিশা সামৰণি পৰে । এইবাৰ ৰাস উপলক্ষে আয়োজিত গ্ৰন্থমেলাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ লগতে গঢ়িলে অভিলেখ । গ্ৰন্থৰ বিতৰণ, অধ্য়য়ণ আৰু প্ৰকাশৰ তিনিওটা ধাৰা সজীৱ কৰি ৰাখিবলৈ সমাজত যি নিৰলস প্ৰচেষ্টা চলি আহিছে সেই প্ৰচেষ্টাকেই যেন ৰাইজে স্বতস্ফুৰ্ত সঁহাৰিৰে মূৰ্ত ৰূপ দিলে ৰাস মহোৎসৱত ।

এইবাৰৰ গ্ৰন্থমেলাত দেখিবলৈ পোৱা গ'ল এক ব্য়তিক্ৰমী ছবি । সচৰাচৰ নলবাৰীৰ ৰাসত গ্ৰন্থমেলাত দেখিবলৈ নোপোৱা ভিৰ পৰিলক্ষিত হয় । আৰম্ভণিৰে পৰা অগণন পঢ়ুৱৈৰ ভিৰে আশাৰ সঞ্চাৰ কৰিলে প্ৰকাশক, বিপনী সমূহৰ বাবে । এইবাৰ অভিলেখ টকাৰ গ্ৰন্থ বিক্ৰী হ'ল ৰাসৰ গ্ৰন্থমেলাত । এই সন্দৰ্ভত গ্ৰন্থমেলাৰ উদ্যোক্তা তথা কবি প্ৰণৱ কুমাৰ বৰ্মনে কয় যে এইবাৰৰ ৰাসত গ্ৰন্থৰ বিক্ৰী আছিল অভূতপূৰ্ব ।

ৰাস মহোৎসৱত আয়োজিত অসম গ্ৰন্থমেলাত অভিলেখ (ETV Bharat Assam)

গ্ৰন্থমেলাৰ উদ্যোক্তা তথা কবি প্ৰণৱ কুমাৰ বৰ্মনে কয়, "সাধাৰণতে নলবাৰীৰ ৰাসৰ গ্ৰন্থমেলাখন সফল নহয় বুলি সকলোৱে অভিযোগ কৰে । এইবাৰ নলবৰীয়া ৰাইজে দেখুৱাই দিছে গ্ৰন্থ ক্ৰয় আৰু ভিৰ কৰি । অসম গ্ৰন্থমেলাত আৰম্ভণিৰে পৰা শেষলৈ অগণন পঢ়ুৱৈ,পাঠকে ভিৰ কৰে । সকলোৱে হাতত কিতাপ লৈছে । নলবাৰী ৰাসৰ অসম গ্ৰন্থমেলাত ডেৰ কোটিতকৈও অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে । ইয়েই আমাক যথেষ্ট উৎসাহিত কৰিছে । যদি চৰকাৰী কৰ্মচাৰী সকলক চৰকাৰে গ্ৰন্থ ব্যয়ৰ নামত দিয়া ১০০০ কৈ টকাৰে প্ৰত্যেকে গ্ৰন্থ ক্ৰয় কৰে দুই কোটি ওচৰা-ওচৰি হ'ব বিক্ৰীৰ অভিলেখ ।"

Nalbari Raas Mahotsav Book Fair
ৰাস মহোৎসৱত আয়োজিত অসম গ্ৰন্থমেলাত অভিলেখ (ETV Bharat Assam)

উল্লেখ্য় যে যোৱা ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত চলিছিল অসম গ্ৰন্থমেলা । যোৱা নিশা সফল সমাপ্তি ঘটে জুবিনময় গ্ৰন্থমেলাৰ ।

Nalbari Raas Mahotsav Book Fair
ৰাস মহোৎসৱত আয়োজিত অসম গ্ৰন্থমেলাত অভিলেখ (ETV Bharat Assam)

লগতে পঢ়ক:ৰাস মহোৎসৱৰ গ্ৰন্থমেলা হৈছে জুবিনময়: পাঠকে বিচাৰিছে মহানায়কৰ গ্ৰন্থ

মায়া মাথো মায়া... জুবিন গাৰ্গৰ মায়াত মায়াময় নলবাৰী