নৱপ্ৰজন্মক জীৱনৰ সঠিক পথ দেখুৱাবলৈ অসম কবি সন্মিলনৰ ব্য়তিক্ৰমি অনুষ্ঠান ‘চোতাল’
সৰুপথাৰত অনুষ্ঠিত অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন ।

Published : May 17, 2026 at 8:30 PM IST
সৰুপথাৰ: অসমীয়া মানুহৰ আগতে চোতালৰ পৰাই বহু সাংস্কৃতিক কৰ্ম আৰম্ভ হৈছিল; কিন্তু আজি অসমীয়া মানুহৰ বিভিন্ন কাৰণত তেনেকুৱা চোতালেই নাইকিয়া হৈছে । সেইবাবে অসম কবি সন্মিলনে গ্ৰহণ কৰিছে এক ব্য়তিক্ৰমী অনুষ্ঠান 'চোতাল'।
সৰুপথাৰত অনুষ্ঠিত হয় অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান 'চোতাল' । ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত আৰু বিশিষ্ট কবি তথা শিক্ষাবিদ ড৹ প্ৰণৱ ঢেকিয়াল ফুকনৰ আতিথ্যত অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী 'চোতাল' । সহযোগী অধ্যাপক প্ৰণৱ ঢেকিয়াল ফুকনৰ বাসগৃহ প্ৰাংগণত আয়োজিত এই ব্যতিক্ৰমী অনুষ্ঠানটোত সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই সভাপতিত্ব কৰে ।

অনুষ্ঠানটোত ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ 'শতভিষা' কবি, শিক্ষয়িত্ৰী নীৰু দত্তৰ 'ওমলা পদ্য', স্পনানী গগৈ চেতিয়াৰ 'মই জুবিনক কৈছোঁ' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয় । এই অনুষ্ঠনটোত কবিসকলে স্বৰচিত কবিতা পাঠ কৰে । এই অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰি প্ৰণৱ ঢেকিয়াল ফুকনে কয়, "এনেধৰণৰ অনুষ্ঠানে অসমৰ সাহিত্য চৰ্চাক ড্ৰয়িং ৰুমৰ পৰা উলিয়াই আনি প্ৰকৃততে জনসাধাৰণৰ চোতাল পোৱাইছেহি । "
'চোতাল'ৰ সঞ্চালক ড৹ মাণিক শইকীয়াই কয়, "সদৌ অসম কবি সন্মিলনৰ এটা আজিৰ পৰা দুবছৰ মানৰ আগতে নতুনকৈ আৰম্ভ কৰা এটা অনুষ্ঠান হৈছে চোতাল । এই চোতাল অনুষ্ঠানটো আমি ব্যক্তি বিশেষৰ ঘৰত, ঘৰৰ চোতালত অনুষ্ঠিত কৰো । ইয়াৰ এটা তাৎপৰ্য আছে যে আমাৰ সাধাৰণতে অসমীয়া মানুহৰ আগতে চোতালৰ পৰাই বহু সাংস্কৃতিক কৰ্ম আৰম্ভ হৈছিল; কিন্তু আজি অসমীয়া মানুহৰ বিভিন্ন কাৰণত তেনেকুৱা চোতালেই নাইকিয়া হৈ থাকিল । গতিকে আমাৰ সেই তেনেকুৱা এটা পৰম্পৰাৰ প্ৰতি আমাৰ এটা আকৰ্ষণ, সেইটো এটা মূল কথা । ইয়াতে আমি যিসকল দূৰৰ পৰা আহে তেওঁলোকে কবিতা পাঠ কৰে; কিন্তু তাৰ উপৰি আমি ভাবো যে ওচৰ-চুবুৰীয়া যিসকল, যিঘৰ মানুহৰ, যিঘৰ গৃহস্থৰ ঘৰত মানে চোতাল অনুষ্ঠানটো হ’ব, তাৰ ওচৰ-পাজৰৰ যিসকল মানুহ, তেখেতসকল যাতে আহে আৰু তেখেতসকলে যাতে এই কবিতাৰ নিচিনা এটা বিষয়ৰ লগত যাতে তেখেতসকল সম্পৃক্ত হ’ব পাৰে, সেইটোৱে মূল উদ্দেশ্য ।"
চোতালৰ গৃহস্থ প্ৰণৱ ঢেকিয়াল ফুকনে কয়, "আজি আমাৰ চোতালত কবিতাৰ যি এটি অনুষ্ঠান আয়োজন হৈছে, এই অনুষ্ঠানে আমি আশা কৰো যে কবিতাক ৰাইজৰ মাজলৈ লৈ যাব । কবিতা কেৱল ব্যক্তি বিশেষৰ মন বা ভাবৰ প্ৰকাশ নহয়, মই ভাবো যে কবিতাই সমাজখন গঢ়ে । কবিতাই আমাৰ উঠি অহা প্ৰজন্মৰ মাজলৈ যদি আমি কবিতাক লৈ যাব পাৰো, উঠি অহা প্ৰজন্মৰ যি এতিয়া বিপথগামী অৱস্থা হৈছে, তেওঁলোকক আমি কবিতাৰ জৰিয়তে জীৱনৰ সঠিক পথ দেখুৱাব পাৰো । যিহেতু সকলোৰে অন্তৰত সৃষ্টিশীলতা থাকে, সকলোৰে অন্তৰত আচলতে প্ৰতিজন মানুহেই কবি ।"
লগতে পঢ়ক:মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন

