সোণোৱাল কছাৰী ৰাইজে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰিলে বহুৱা নৃত্য
সোণোৱাল কছাৰীৰ আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰদৰ্শন কৰা হয় বহুৱা নৃত্য ।

Published : May 11, 2026 at 3:00 PM IST
মৰাণ: অতীজৰে পৰা স্বকীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে চহকী জনগোষ্ঠী হিচাপে পৰিচয় দি আহিছে সোণোৱাল কছাৰীসকলে । অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ এক পৌৰাণিক আৰু ধৰ্মীয় অনুষ্ঠান হৈছে বহুৱা নৃত্য ।
এই জনগোষ্ঠীটোৰ কলা-কৃষ্টি প্ৰকাশ কৰাৰ লগতেই আৰাধ্য দেৱতাক সন্তুষ্ট কৰাৰ একমাত্ৰ মাধ্যম হৈছে বহুৱা নৃত্য । সোণোৱাল কছাৰী সমাজৰ পৰা অপায়-অমংগল নাশ কৰি সকলোৰে কুশল কামনাৰে অঞ্চল বিশেষে এই বহুৱা নৃত্য আয়োজন কৰা হয় ।
ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি সোণোৱাল গাঁৱত প্ৰতি দুবছৰৰ মূৰত এনেদৰে ব্যাপক উৎসাহ-উদ্দীপনাৰে বহুৱা নৃত্যৰ আয়োজন কৰি অহা হৈছে । এইবাৰো নাহৰণি হাইস্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠানক লৈ সমগ্ৰ অঞ্চলটোত উখল-মাখল পৰিবেশে বিৰাজ কৰে । গায়ন-বায়ন, বিভিন্ন পৰম্পৰা অনুসৰি কলপাতেৰে প্ৰস্তুত কৰা পোচাক পিন্ধি কৰা এই বিশেষ বহুৱা নৃত্য উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাবেশ ঘটে । বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ।
আঁৰত দক্ষ ৰজা আৰু শিৱৰ কাহিনী :
বহুৱা নৃত্যৰ এই কাৰ্যসূচীক লৈ এহৰাকী উদ্যোক্তাই কয়, "প্ৰতি দুবছৰৰ মূৰে মূৰে এই বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয় । বহুৱা নৃত্য সোণোৱাল কছাৰীসকলৰ আদিম নৃত্য । জনগোষ্ঠীৰ ৰাইজৰ অপায় অমংগল দূৰ কৰা বাবেই এই নৃত্যৰ প্ৰদৰ্শন কৰো । জনশ্ৰুতি অনুসৰি দক্ষ ৰজা আৰু শিৱৰ কিছু অন্তৰ্নিহিত কাহিনী জড়িত হৈ আছে, তাকে বহুৱাৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয় । ব'হাগৰ শেষভাগত অনুষ্ঠিত কৰা হয় এই বহুৱা নৃত্য । "

ৰজাই ১০১ খিলা কলপাত মেৰিয়াই লয় :
উল্লেখ্য় যে, লোকবিশ্বাস অনুসৰি দক্ষ ৰজাৰ যজ্ঞস্থলীত মহাদেৱ শিৱক কৰা অপমান আৰু পাৰ্বতীৰ দেহত্যাগৰ আলমত অতীতৰে পৰা সোণোৱাল কছাৰীসকলে ৰীতি-নীতিৰ মাজেৰে এই বহুৱা নৃত্য প্ৰদৰ্শন কৰি আছে । অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শনকাৰীসকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয় । ইয়াত ৰজাই ১০১ খিলা কলপাত মেৰিয়াই লয় । নাচৰ প্ৰস্তুতি পৰ্বত শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত। তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে ।

গোপনে ৰথা হয় শিল্পীৰ পৰিচয় :
বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয়। প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নৃত্য় পৰিৱেশন কৰে । তেওঁলোকৰ বিশ্বাস মতে, প্ৰভু সন্তুষ্ট হ’লেই সমাজৰপৰা অপায়-অমংগল দূৰ হয় । বেমাৰ-আজাৰ আঁতৰে আৰু সমাজত শান্তি স্থাপিত হয় । সেয়ে সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৰাইজে বহুৱা নৃত্যক আধ্যাত্মিকভাৱে অনুষ্ঠিত কৰে ।
লগতে পঢ়ক:জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
জুবিনৰ গীতেৰেই জুবিনৰ জীৱন যাত্ৰা নৃত্যৰে উপস্থাপন কৰি শ্ৰদ্ধা এদল শিল্পীৰ

