ETV Bharat / state

চৰণেহে জানে মৰণৰ ঠাই ! ৰে'ল ষ্টেচনৰ জিৰণি কক্ষতেই চিৰনিদ্ৰা এজন ব্যক্তিৰ

মৃত ব্যক্তিজন আগৰতলাৰ পিণ্টু চক্ৰৱৰ্তী বুলি চিনাক্ত । বৰপথাৰ নগৰৰ কল্যাণীপাৰাৰ নিতু চক্ৰৱৰ্তীৰ ঘৰলৈ তেওঁ ফুৰিবলৈ আহিছিল ।

Barpathar railway station
ৰে'ল ষ্টেচনৰ জিৰণি কক্ষতেই চিৰনিদ্ৰা এজন ব্যক্তিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 3:00 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: জন্ম, মৃত্যু আৰু বিবাহ কাৰ কেতিয়া হয় কোনেও নাজানে বুলি কথা এষাৰ আছে । সেই কথা পুনৰ প্ৰমাণিত হৈছে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত । সুখনিদ্ৰাত নিমজ্জিত হৈ থাকোতেই সেয়া যে চিৰনিদ্ৰা হ'ব ব্যক্তিজনে হয়তো কেতিয়াও ভবা নাছিল । সৰুপথাৰৰ বৰপথাৰ ৰে'ল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা ।

বৰপথাৰ ৰে'ল ষ্টেচনত উদ্ধাৰ হৈছে এটি মৃতদেহ । ষ্টেচনৰ অপেক্ষা কক্ষত উদ্ধাৰ হয় মৃতদেহটো । শুই থকা অৱস্থাতেই লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

ৰে'ল ষ্টেচনৰ জিৰণি কক্ষতেই চিৰনিদ্ৰা এজন ব্যক্তিৰ (ETV Bharat Assam)

মৃত ব্যক্তিজন আগৰতলাৰ পিণ্টু চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে । বৰপথাৰ নগৰৰ কল্যাণীপাৰাৰ নিতু চক্ৰৱৰ্তীৰ ঘৰলৈ ফুৰিবলৈ আহিছিল মৃত পিণ্টু চক্ৰৱৰ্তী । ইতিমধ্যে ঘটনাস্থলীত জিআৰপি উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ঘটনা সন্দৰ্ভত বৰপথাৰ ৰে'লৱে ষ্টেচনৰ অধীক্ষকে কয়, "আজি প্ৰায় মই ডিউটিলৈ ওলাইছোঁ, তেনেকুৱাতে আমাৰ যিজন চাফাইৱালা থাকে, তেওঁ ফোন কৰিলে যে এনেকুৱা এটা ডেড বডী আছে ৱেইটিং হলতে । মই লৰালৰিকৈ ওলাই আহিলোঁ । ওলাই আহি চালোঁ, চাই উঠি আমাৰ জিআৰপিক (GRP) মেছেজ কৰিলোঁ । লোকেল থানাকো ক'লো যে এনেকুৱা এটা হৈছে । আমাৰটো জিআৰপি কেছেই হয় এইবিলাক । খবৰ দিলোঁ, মেছেজ দিলোঁ, দিয়াৰ পিছতে তেওঁলোক আহিব । এতিয়া ক'ৰ মানুহ কি কথা সেইখিনি আৰু গম নাপাওঁ । তেওঁলোক আহিলেহে সেইখিনি তদন্তত ওলাব ।"

তেওঁ লগতে কয়, "এতিয়া শুনা পাইছোঁ কালি দিনতো মানুহজন ঘূৰি ফুৰিছিল । হোটেলত চাহো খাইছে বোলে । মানে ইফালে-সিফালে গৈ আছিল বুলি দুই-এজনে কৈছে । এতিয়া তেওঁৰ প্ৰকৃত পৰিচয় লাভ কৰা হোৱা নাই । স্থানীয় পুলিচেই হওক বা আমাৰ জিআৰপিয়েই হওক, তেওঁলোকে আহি তদন্ত কৰিলে ওলাব । লাগেজো ভালেকেইটাই দেখিছোঁ । তাত কিবা ডকুমেণ্ট ওলাব চাগে ।"

আনহাতে, মৃত লোকজনৰ আত্মীয়ৰ মন্তব্য, "মোৰ ভিনদেউ হয় । কালি এখেত আহিছিল পেছেঞ্জাৰত । আহি আমাৰ ঘৰলৈ গৈছিল । তেতিয়া আমাৰ ঘৰত কোনো নাছিল । আকৌ ৰিটাৰ্ণ আহি গ'ল । আমি ভাবিছোঁ গুচি গ'ল আকৌ পেছেঞ্জাৰত । আকৌ যিজনে ইৰিক্সা লৈ তেওঁক আনিছিল, তেওঁ আকৌ পুৱা আহিছিল । তেওঁ খবৰ দিলে যে এনেকুৱা আপোনালোকৰ ঘৰত যে মানুহজন আহিছিল তেওঁ ঢুকাল । এতিয়া খবৰটো পাই আমি আহিলোঁ । তেখেত কালি আমাৰ ঘৰলৈ গৈছিল । আমাৰ ঘৰত তলামৰা আছিল কাৰণে গুচি আহিল । তেখেতৰ নাম হ'ল পিণ্টু চক্ৰৱৰ্তী । আমাৰ ভিনদেউ হয়। প্ৰকৃত ঘৰটো হ'ল আগৰতলাত । তেখেতৰ ল'ৰা আছে, ছোৱালী আছে আৰু পৰিবাৰ আছে। সিহঁত হায়দৰাবাদ থাকে ।"

লগতে পঢ়ক :আৰক্ষীৰ পাঁচটা বুলেটে প্ৰাণ ল’লে ৰ’জৰ...কিদৰে ঘটিছিল সমগ্ৰ ঘটনা ?
লগতে পঢ়ক :কটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?