মহানগৰীৰ এপাৰ্টমেণ্টত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
নিশা বাহনেৰে ওলাই গৈছিল দুই বন্ধু । তাৰ পিচত ঘৰত কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?

Published : February 20, 2026 at 7:08 PM IST
গুৱাহাটী : মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ । গুৱাহাটী মহানগৰীৰ এটা এপাৰ্টমেণ্টত এজন যুৱকৰ মৃতদেহ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জয়ানগৰৰ ইন্দ্রপ্রস্ত এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে এই মৃতদেহটো ।
নিশা বাহনেৰে ওলাই গৈছিল দুই বন্ধু :
ইন্দ্রপ্রস্ত এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা মৃতদেহটো শিৱসাগৰৰ মৰিয়ান চেতিয়া বুলি চিনাক্ত কৰা হৈছে । এই এপাৰ্টমেণ্টটোৰ ১০৪ নং কোঠাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ । ব্যৱসায়ৰ কামত গুৱাহাটীলৈ অহা যুৱকজনে নিশা ২ বজাত এপাৰ্টমেণ্টত থকা বন্ধুৰ কোঠালৈ আহিছিল । নিশা বাহনেৰে কেইবাবাৰো বাহিৰলৈ ওলাই গৈছিল দুই বন্ধু ।
এপাৰ্টমেণ্টোৰ নিৰাপত্তাৰক্ষীয়ে খবৰ দিছিল আৰক্ষীক :
এপাৰ্টমেণ্টটোৰ নিৰাপত্তাৰক্ষীয়ে দেখিছিল অহা-যোৱা কৰাৰ দৃশ্য; কিন্তু পুৱা বহু সময়লৈ কোনো ওলাই নহাত আৰক্ষীক খবৰ দিয়ে এপাৰ্টমেণ্টোৰ নিৰাপত্তাৰক্ষীয়ে । ইয়াৰ পিছতেই ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত ফৰেঞ্চিক দল,বশিষ্ঠ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
বশিষ্ঠ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল (জি এম চি এইচ)লৈ প্ৰেৰণ কৰে । কেনেদৰে এই যৱকজনৰ মৃত্য়ু হৈছে সেই বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
এই ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, "ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত শিৱসাগৰৰ মৰিয়ান চেতিয়া (২৯)নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে । মৃতদেহটোত কোনো আঘাটৰ চিন নাই । "আৰক্ষীয়ে এতিয়ালৈকে এই সন্দৰ্ভত কাৰণ জানিব পৰা নাই বুলি উল্লেখ কৰি শিষ্ঠ থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে গম পোৱা যাব মৃত্যুৰ কাৰণ । "

