চিফুং, খাম, ছেৰজা, জোথাৰৰ মাতে ৰজনজনাইছে জোনাইৰ বিভিন্ন গাঁও
জোনাইৰ বিভিন্ন বড়ো গাঁৱত উলহ-মালহেৰে ৰংজালি বৈশাগু পালন । ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ খাম, চেৰজা, চিফুঙৰ সুৰে ৰজনজনাইছে জোনাইৰ চৌদিশ ।

Published : April 16, 2026 at 3:02 PM IST
জোনাই : আজি গোঁসাই বিহু। ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো ৰঙালী বিহুক লৈ চাৰিওদিশে কেৱল মাথোঁ উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।
অসমৰ আদিম ভূমিপুত্ৰ বড়োসকলৰ অতি হেঁপাহৰ ৰংজালি বৈশাগু উৎসৱ আন আন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাই সমজিলাতো অতি উলহ-মালহেৰে পালন কৰা দেখা গৈছে ।
চ'তৰ সংক্ৰাতিৰ দিনাখন বড়োসকলৰ স্বকীয় পৰম্পৰাৰে মোছৌ চান (গৰু বিহু) পালন কৰাৰ পাছত পহিলা ব'হাগৰ পৰা মানচি চান (মানুহ বিহু) ৰং-ধেমালিৰ মাজেৰে অতি উলহ-মালহেৰে জোনাইৰ বিভিন্ন বড়ো গাঁৱত পালন কৰিছে । বছৰৰ প্ৰথম দিনটোত সৰু-ডাঙৰ, বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱে পুৱাতেই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে ।
পিতৃ-মাতৃৰ বাহিৰেও গাঁৱৰ বুঢ়া-মেথা, সন্মানীয় লোকক সেৱা আৰু শ্ৰদ্ধা জনায় । পহিলা ব'হাগৰ দিনাই বড়োসকলে বিভিন্ন দেৱ-দেৱীক পূজা-অৰ্চনা কৰে । লগতে স্বৰ্গগামী পূৰ্বপুৰুষসকলক স্মৰণ কৰি স্বৰ্গগত আত্মাৰ সদগতি কামনাৰে তেওঁলোকৰ পৰা আশিস বিচাৰে । মানুহ বিহুৰ দিনাখনৰ পৰা আবাল-বৃদ্ধ-বণিতাই নতুন গামোচা, দখনা, ফুলাম ফালিৰে সাজি-কাচি ৰংজালি বৈশাগুলৈ ওলায় । গাঁৱৰ ঘৰে ঘৰে খাম, চিফুং, জোথাৰ, ছেৰজাৰৰ ঝংকাৰত জোনাইৰ বড়ো গাঁওসমূহৰ স্বৰ্গ-মৰ্ত্য-পাতাল, আকাশ-বতাহ মুখৰিত হৈ পৰিছে ।
ইফালে পৰম্পৰা ৰক্ষা কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ৩৫ খন বড়ো গাঁৱত জনজাতিটোৰ ডেকা-গাভৰুৱে গৈ ঘৰে ঘৰে ৰংজালি বৈশাগু (হুঁচৰি) নৃত্য পৰিবেশন কৰে । বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ বৈশাগু নৃত্যৰ সমান্তৰালভাৱে বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে ।
প্ৰথমদিনা সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী ঘৰত বৈশাগু নৃত্য কৰে নিখিল বড়ো ছাত্ৰ সন্থাই । আনহাতে, গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ল'ৰা-ছোৱালী সকলোৱে দুখ-বেদনা একাষৰীয়া কৰি থৈ বৈশাগুৰ বা গাত লাগি তৎ নাইকিয়া হোৱা পৰিলক্ষিত হৈছে ।
খাম, চিফুং, ছেৰজা, জোথাৰৰ ছেৱে ছেৱে, তালে তালে গাভৰুৰ দল, বুঢ়া-বুঢ়ীৰ দল, কিশোৰ-কিশোৰীৰ দলে জোনাইৰ ৩৫ খন বড়ো বসতিপ্ৰধান গাঁৱত বৈশাগু গীত গাই ৰং-ফূৰ্তিত আত্মাহাৰা হৈ পৰিছে ।
এই সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিকৰ এগৰাকী বিষয়ববীয়াই কয়, "আমি আজি জোনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই বড়োসকলৰ বৈশাগু আমি আমাৰ জোনাই আঞ্চলিকৰ অন্তৰ্গত প্ৰায় ৩৫ খন গাঁৱত পৰিবেশন কৰিবলৈ ওলাইছোঁ । আমাৰ ঘৰৰ গৃহস্থৰ আশীৰ্বাদ লৈ পৰম্পৰাগত বৈশাগু নৃত্য প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ । আজি প্ৰথম দিন হিচাপে আমি আমাৰ সংযুক্ত বড়ো গণ মঞ্চৰ সন্মানীয় সভাপতি মনোৰঞ্জন ছাৰৰ পৰা আৰম্ভ কৰিছোঁ ।"

