ETV Bharat / state

জুবিন দা আমাৰ মাজত জীয়াই থকা যেনেই অনুভৱ হৈছে, ৫৩ সংখ্যক জন্মদিন উদযাপন কৰি অনুভৱ দৃষ্টিহীন ছাত্ৰীৰ

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ অনুভৱ । জুবিন গাৰ্গৰ গীতত জীপাল অন্ধ বিদ্যালয় চৌহদ ।

Blind student became emotional while celebrating Zubeen Garg's 53rd birthday in Nagaon
৫৩ সংখ্যক জন্মদিন উদযাপন কৰি অনুভৱ দৃষ্টিহীন ছাত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 9:15 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: “জুবিন দা আমাৰ মাজত এতিয়াও জীয়াই আছে । আমি যিহেতু দেখাই নাপাওঁ । সেয়ে জুবিন দা আজিও আমাৰ মাজত জীয়াই থকা যেনেই অনুভৱ হৈছে ।”-প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰি ই টি ভি ভাৰতৰ সন্মুখত এইদৰে অনুভৱ ব্যক্ত কৰে নগাঁৱৰ বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে প্রিয় শিল্পীগৰাকী অবিহনে উদযাপন কৰিলে প্ৰথমটো জন্মদিন । প্রিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ শোকত ম্ৰিয়মান হৈ থাকোতেই জন্মদিন উদযাপন কৰি আবেগিক হৈ পৰে জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগী ।

৫৩ সংখ্যক জন্মদিন উদযাপন কৰি অনুভৱ দৃষ্টিহীন ছাত্ৰীৰ (ETV Bharat Assam)

জুবিন গাৰ্গৰ প্রিয় এজাক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়েও প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰি হৈ পৰে আবেগিক । জুবিন গাৰ্গে ভাল পোৱা নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়তো দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে উদযাপন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ।

পুৱাই জুবিন বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান আয়োজনেৰে প্রিয় শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয় বঢ়মপুৰ অন্ধ বিদ্যালয়ত । জুবিন গাৰ্গৰ প্রিয় গীত গাই দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে উদযাপন কৰে জুবিন গাৰ্গৰ জন্মদিন ।

জন্মদিন উদযাপন কৰি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে ইটিভি ভাৰতৰ সন্মুখত অনুভৱ ব্যক্ত কৰিলে এইদৰে,"জুবিন দাই অন্তিমখন ছবিতো আমাৰ দৰে দৃষ্টিহীন চৰিত্ৰত অভিনয় কৰিছে । পূৰ্বে আমাৰ বিদ্যালয়লৈ জুবিন দা আহিছিল আমাৰ পূৰ্বৰ ছাত্ৰ-ছাত্ৰীয়ে সাক্ষাৎ পাইছিল । আকৌ এবাৰ অহাৰ কথা আছিল, কিন্তু জুবিন দাৰ অহা নহ'ল । আমি সাক্ষাৎ নাপালোঁ । জুবিন দা সদায় আমাৰ অন্তৰত আছিল আৰু থাকিব ।”

প্রিয় শিল্পীগৰাকীৰ জন্মদিনত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়েও গালে জুবিন দাই কণ্ঠদান কৰা গীত 'মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ...'। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে উদযাপন কৰা ৫৩ সংখ্যক জন্মদিনত অন্ধ বিদ্যালয়ৰ চৌহদ জুবিন গাৰ্গৰ গীতেৰে জীপাল কৰি তুলিলে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে । জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিন অনুৰাগীয়ে অন্ধ বিদ্যালয়খনৰ চৌহদত ৰোপণ কৰে নাহৰ পুলি ।

লগতে পঢ়ক: BNSS 208 প্ৰয়োগত অনুমোদনে গোচৰটো আগবঢ়াই নিয়াত সহায় কৰিব: মুন্নাপ্ৰসাদ গুপ্তা

প্ৰসেনজিৎ লাহনে কৈ গ’ল আৰম্ভণিৰ সময়ৰ কথা, বিধায়কে কৰিলে ৰক্তদান