কংগ্ৰেছৰ পাপৰ পৰা বিজেপিয়ে মুক্ত কৰিব অসম : অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে অসমৰ জনগাঁথনি সলনি কৰাৰ অভিযোগ কৰি বিজেপিয়ে এই 'পাপ'ৰ পৰা ৰাজ্যখনক মুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

By ANI
Published : February 21, 2026 at 11:11 PM IST
গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কংগ্ৰেছ দলক ‘অবৈধ অনুপ্ৰৱেশ’ৰ অনুমতি দিয়াৰ লগতে অসমৰ জনগাঁথনি সলনি কৰা বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে পূৰ্বৰ শাসন ব্যৱস্থাই কৰা "পাপৰ পৰা অসমক মুক্ত কৰিব" বুলি দৃঢ়তাৰে কয় ।অনুপ্ৰৱেশকাৰীৰ আধিপত্য থকা ধুবুৰী, বৰপেটা, মৰিগাঁও, নগাঁও, গোৱালপাৰা আদি জিলাৰ প্ৰতি দলৰ দায়িত্বক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
কামৰূপত এক সভাত ভাষণ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "কংগ্ৰেছ শাসনৰ সময়ত অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰিছিল, যাৰ ফলত ইয়াৰ জনগাঁথনি এক জটিল স্তৰলৈ ঠেলি দিছিল । তেতিয়াও আমি অনুপ্ৰৱেশৰ বিৰোধিতা কৰিছিলোঁ ৷ আমি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসম আন্দোলনৰ সমৰ্থনত আহিছিলোঁ । কিন্তু কংগ্ৰেছৰ লোকসকলে টোপনিৰ পৰা সাৰ নাপালে ।"
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই কংগ্ৰেছ দলক সুধিছো , ধুবুৰী, বৰপেটা, মৰিগাঁও, নগাঁও, গোৱালপাৰা আদি জিলা সকলো মুছলমান সংখ্যাগৰিষ্ঠ, অনুপ্ৰৱেশকাৰী প্ৰধান হৈ পৰাটো কাৰ দায়িত্ব ? আপোনালোকে কৰা পাপৰ পৰা বিজেপিয়েই অসমক মুক্ত কৰিব ।"
যদি দেশৰ এক বৃহৎ অংশ নক্সালবাদৰ পৰা মুক্ত হ’ব পাৰে, তেন্তে দেশৰ মাটিও অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে হৃদয়, সাহস, সংকল্পৰ প্ৰয়োজন, প্ৰধানমন্ত্ৰী মোদীৰ গুণ।"যদি দেশৰ এক বৃহৎ অংশ নক্সালবাদৰ পৰা মুক্ত হ'ব পাৰে, তেন্তে দেশৰ ভূমিও অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ'ব পাৰে। ইয়াৰ বাবে হৃদয়, সাহস, আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই তিনিওটা অধিকাৰ আছে ।
লগতে পঢ়ক : গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

