ETV Bharat / state

বিজেপিয়ে নাৰীক ৩৩ শতাংশ সংৰক্ষণ দিবই : নীলিমা দেৱী

বিজেপিৰ মহিলা মৰ্চাই জিলাই জিলাই উলিয়াব আক্ৰোশ সমদল ।

BJP Mahila Morcha on Women reservation
বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:43 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক গৃহীত কৰাত ব্যৰ্থ বিজেপিয়ে কংগ্ৰেছৰ লগতে বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদৰ ৰাজনীতি । কংগ্ৰেছৰ পৰিয়ালবাদৰ বাবেই এই বিধেয়কখন গৃহীত নহ'ল বুলি মন্তব্য় কৰিলে বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীয়ে । কেৱল সেয়াই নহয়, ১৯৭২ চনতে কংগ্ৰেছে কিয় নাৰী সংৰক্ষণ বিধেয়ক গৃহীত নকৰিলে বুলিও সভানেত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ।

শুকুৰবাৰে বৰপেটাত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কি কাৰণে এই বিধেয়কখন চৰকাৰে গৃহীত কৰাত ব্য়ৰ্থ হৈছে, সেই বিষয়ে উল্লেখ কৰি এনেদৰে কয়, ‘‘সকলো ভাৰতীয় নাৰীৰ বাবে বিজেপিয়ে এইখিনি কৰিব বিচাৰিছিল । এয়া এক দুখৰ বিষয় । তেওঁলোকে তাত এনেকুৱা কৰিছে ৷ বিৰোধীয়ে যি অট্টহাস্য, উল্লাসত মতলীয়া হৈ পৰিছিল বিধেয়কখন গৃহীত নোহোৱাত তেওঁলোকে যেন পাকিস্তানহে জয় কৰিছে । এয়া নাৰী জাতিৰ বাবে দুঃখজনক ।"

বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীৰ সংবাদমেল (ETV Bharat Assam)

বৰপেটা জিলা বিজেপিৰ সভাপতি আৰু জিলা মহিলা মৰ্চাৰ সভানেত্ৰী গীতুমণি দাস দেউৰীক কাষত লৈ সম্বোধন কৰা সংবাদমেলখনত নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক গৃহীত কৰাত ব্যৰ্থ বিজেপিয়ে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটক সমালোচনা কৰি কয়, ‘‘বিৰোধীয়ে নাৰীৰ ৩৩ শতাংশ সংৰক্ষণ কৰাৰ পিচতহে এই আনন্দ-উল্লাস প্ৰদৰ্শন কৰিব লাগিছিল । তেওঁলোকে সদায় নাৰীক অপমান আৰু নাৰীক বাধা দি সন্তোষ প্ৰকাশ কৰিছে ।’’

ইয়াৰ বাবে বিৰোধী মিত্ৰজোঁটক গৰিহণা দিয়ে নীলিমা দেৱীয়ে । তেওঁ কয় যে কংগ্ৰেছৰ পৰিয়ালবাদৰ বাবেই দেশত নাৰী সংৰক্ষণৰ দৰে বিষয়ত বাধা দি আহিছে । আনকি বিজেপিয়ে পূৰ্বতে নাৰী সংৰক্ষণ বিধেয়ক বলবৎ নকৰা বুলি কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত নীলিমা দেৱীয়ে কয়," কংগ্ৰেছে ১৯৭২ চনতে কিয় এই কাম নকৰিলে । বিজেপিয়ে নাৰীক ৩৩ শতাংশ সংৰক্ষণ দিব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবই ।"

ইপিনে, বিজেপি মহিলা মৰ্চাই জিলাই জিলাই আক্ৰোশ সমদল উলিওৱাৰ লগতে বিশিষ্ট মহিলাসকলৰ ঘৰলৈ গৈ জনমত গঠনৰ চেষ্টা চলাব বুলিও কয় বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে । মঙলদৈত নীলিমা দেৱীয়ে জয়ী হ'ব বুলি দাবী কৰাৰ লগতে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ কথাও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :মহিলা আক্ৰোশ কাৰ্যসূচী: বিৰোধীৰ বিৰুদ্ধে নাৰী সমাজক ওলাই অহাৰ আহ্বান বিজেপি মহিলা মৰ্চাৰ

লখিমপুৰৰ বিহু বাকৰিত হাঁহিৰ ৰহঘৰা: উষ্ম আদৰণিৰে চেতনা দাসক 'আই অসমী' বঁটা প্ৰদান