২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল'বলৈ ওলাব বিজেপি
বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

Published : February 26, 2026 at 7:59 AM IST
যোৰহাট : ‘‘আমি সদায় আত্মবিশ্বাসী ৷ এতিয়া খতিয়ান দিয়াৰ সময় ৷ আমি গভীৰ প্ৰত্যয়ৰে ৰাইজৰ ওচৰলৈ যাওঁ ৷ দুদিনমান পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰম্ভ হ'ব বিজেপি আৰ্শীবাদ যাত্ৰা ৷ অমি অতি সৎ সাহসেৰে ৰাইজৰ ওচৰত খতিয়ান দিবলৈ প্ৰস্তুত ৷ আমি প্ৰয়োজনতকৈ দুগুণ কাম কৰিছো ৷’’ বুধবাৰে এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷
মন্ত্ৰী মাৰ্ঘেৰিটাই আৰু কয়, ‘‘আমি বিগত সংকল্প পত্ৰত কৈছিলো ১ লাখ নিবনুৱাক চাকৰি দিম বুলি, কিন্তু সেই সীমা অতিক্ৰম কৰি ১.৬০ লাখ যুৱক-যুৱতীক চাকৰি দিছো ৷’’ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২৮ ফেব্ৰুৱাৰী পৰা ৯ মাৰ্চলৈ সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিব আৰ্শীবাদ যাত্ৰা ।
বিগত সময়ছোৱাত বিজেপিয়ে কৰা কামৰ আঁত ধৰি তেওঁ আৰু কয়, ‘‘আমি শান্তি-শৃংখলা বজাই ৰাখিছো, আইন শৃংখলা ৰক্ষাৰ স্বাৰ্থত কঠোৰ আইন প্ৰনয়ণ কৰিছো ৷ ৰাইজৰ আৰ্শীবাদত সেই সকলোবোৰ কৰিছো আৰু সফল হৈছো ৷’’
পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয়, ‘‘ৰাজ্যত উগ্ৰপন্থী গুলীত এটাও মানুহ মৰা নাই ৷ ইয়াৰ সমান্তৰালভাৱে কাজিৰঙাটো গঁড় এটাও মৰা নাই ৷ বিকশিত অসম আদিকে কৰি সকলোবোৰ লৈ আমি ৰাইজৰ ওচৰলৈ যাম । যিদৰে ঠেঙাল কছাৰী নিৰ্বাচন, বিগত লোকসভা নিৰ্বাচন আদিত ৰাইজে আমাক যিদৰে আৰ্শীবাদ দিছে, ঠিক সেইদৰে এইবাৰো বিধানসভা নিৰ্বাচনত ৰাইজে আমাক আৰ্শীবাদ দিব ৷ আমি প্ৰৱল আত্মবিশ্বাসী ।’’
আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ‘‘তিতাবৰত আমাৰ ৮ ৰ পৰা ১০ জনে প্ৰাৰ্থিত্ব বিচাৰিছে ৷ কিন্তু কংগ্ৰেছৰ পৰা ভাস্কৰ বৰুৱাইহে বিচাৰিছে ৷ এয়া আমাৰ বাবে শুভ লক্ষণ । যিজন ৰাইজৰ সেৱাৰ বাবে যোগ্য, সেইজনকে দলে প্ৰাৰ্থিত্ব দিব । কাৰণ গণতান্ত্ৰিক ব্যৱস্থাৰে বিজেপি দলৰ প্ৰাৰ্থী নিৰ্বাচন হয় ৷ কাৰণ বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় ।’’
উল্লেখ্য যে, বুধবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তিতাবৰ বিধানসভা সমষ্টিৰ ৭৫ টা নামঘৰলৈ অসম দৰ্শনৰ আঁচনিৰ চেক বিতৰণ কৰে । তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামঘৰসমূহলৈ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে ৷
প্ৰথম পৰ্যায়ত প্ৰতিটো নামঘৰলৈ ১ লাখ ৫০ হাজাৰকৈ দিয়া হয় আৰু দ্বিতীয়টো পৰ্যায়ত বাকী ৰৈ যোৱা ১ লাখ ৫০ হাজাৰ দিয়া হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

